08 February, 2021
মেৰাপানী সমূহীয়া চিকিৎসালয়ত অদ্ভুত ঘটনা ৷ কুকুৰে কামোৰা বেজী লবলৈ অহা ৰোগীক কামুৰিলে চিকিৎসা কৰ্মীয়ে ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া ৪ নং তৰাণি কল্যাণপুৰৰ দেৱ ক'ল নামৰ এজন লোকক কুকুৰে কামোৰাৰ বাবে মেৰাপানী চিকিৎসালয়লৈ আহে। সেই সময়ত চিকিৎসালয়ৰ টিকট কাউন্টাৰত সুনীল ৰজক নামৰ এজন চিকিৎসাকৰ্মী নিয়োজিত হৈ আছিল। ৰোগী আৰু চিকিৎসা কৰ্মী গৰাকীৰ মাজত টকা খুচুৰা দিয়াক লৈ বাকবিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ পাছতে দুয়ো গৰাকীৰ মাজত হতাহতি হৈ সুনীল ৰজক নামৰ কৰ্মীজনে দেৱ ক'ল নামৰ লোকজনক শৰীৰৰ কেইবা ঠাইতো উপৰ্যপৰি আঘাট হানে। এই ঘটনাৰ পাছতেই ৰোগী আৰু আত্মীয় সকলে পৰিস্থিতি উতপ্ত কৰি তোলে।
ৰোগী আৰু আত্মীয়।
কল্পনা ফুকনৰ ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷