20 December, 2020
গোলাঘাটৰ খুমটাইৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে গঞাৰ। চিনাতলি শাওতলী, গৰঙা, শেনচোৱা, আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত । প্ৰায় ৩০/৪০ জনীয়া হাতীৰ জাকে মুক্ত বিচৰণৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লবলৈ লৰাধপৰা কৰিছে। ধনশিৰী নদী পাৰ হৈ চিনাতলি, গৰঙা, শাওতলী, ভৰদৈগুৰী, আদি স্থানত ধাননি পথাৰ, কলগছৰ খেতি, সৰিয়হ, আদি বিস্তৰ ক্ষতি সাধন কৰিছে হাতীৰ জাকতোৱে। বন বিভাগৰ লোকে হাতীৰ জাকতো খেদিবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে বন বিভাগ। উল্লেখ যে বিগত কিছু দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৩০/৪০ জনীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খুমটাইৰ বিভিন্ন এলেকাত ৷
:: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷