Wednesday, 2 December 2020

02 December, 2020 *লখিমপুৰ এথলেটিক্স* Date :- 2/12/2020 ৩য় বাৰ্ষিক লখিমপুৰ জিলা ক্ৰিয়া সন্থা উদ্যোগত আৰু জয়ন্ত স্মৃতি যুৱক সংঘৰ সৌজন্যত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হয় আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা ২০২০ এই প্ৰতিযোগিতাত লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় ২০৮ জন খেলোৱেয়ে অংশ গ্ৰহণ কৰে। খেলৰ পতাকা উত্তলন কৰে লখিমপুৰ জিলা ক্ৰিয়া সন্থাৰ সাধাৰণ সম্পাদক আলোক গগৈয়ে। আনহাতে জয়ন্ত স্মৃতি যুৱক সংঘৰ পতাকা উত্তলন কৰে যুৱক সংঘৰ উপদেষ্টা পূনানন্দ বৰাই। এথলেটিক্স প্ৰতিযোগিতা খনি শুভ উদ্ধোধন কৰে জিলা ক্ৰিয়া সন্থা উপ সভাপতি, ৰেফাৰী বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ অৰুণ শইকীয়া য়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 December, 2020


*লখিমপুৰ এথলেটিক্স* Date :- 2/12/2020


৩য় বাৰ্ষিক লখিমপুৰ জিলা ক্ৰিয়া সন্থা উদ্যোগত আৰু জয়ন্ত স্মৃতি যুৱক সংঘৰ সৌজন্যত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হয় আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা ২০২০  এই প্ৰতিযোগিতাত লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় ২০৮ জন খেলোৱেয়ে অংশ গ্ৰহণ কৰে। খেলৰ পতাকা উত্তলন কৰে লখিমপুৰ জিলা ক্ৰিয়া সন্থাৰ সাধাৰণ সম্পাদক আলোক গগৈয়ে। আনহাতে জয়ন্ত স্মৃতি যুৱক সংঘৰ পতাকা উত্তলন কৰে যুৱক সংঘৰ উপদেষ্টা পূনানন্দ বৰাই।

 এথলেটিক্স প্ৰতিযোগিতা খনি শুভ উদ্ধোধন কৰে জিলা ক্ৰিয়া সন্থা উপ সভাপতি, ৰেফাৰী বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ অৰুণ শইকীয়া য়ে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


02 December, 2020 *লখিমপুৰ লেচেৰি নাচ* Date :- 02/12/2020 সাংস্কৃতিক সঞ্চালকালয়ৰ লেচেৰি নাচ প্ৰশিক্ষণ। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্রত সোনোৱাল কছাৰী জনগোষ্ঠীৰ লেচেৰী নাচৰ কৰ্মশালা মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হৈছে । মঙ্গলবাৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুস্থিত হোৱা এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মী বিহু সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় কৰ্ণাধাৰ সমিতিৰ অন্যতম সদস্য কুশৰাম সোণোৱাল, উদীয়মান সাংস্কৃতিক কৰ্মী গোপীনাথ সোণোৱাল আৰু শংকৰদেৱ শিশু নিকেতন বগীনদীৰ প্ৰধানাচৰ্য ঋষিৰাজ ৰিজাল উপস্থিত থাকে । এই প্ৰশিক্ষণ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে লেচেৰি নাচ প্ৰশিক্ষণ প্ৰদান কৰে মজিন সোণোৱালে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 December, 2020


*লখিমপুৰ লেচেৰি নাচ* Date :- 02/12/2020


সাংস্কৃতিক সঞ্চালকালয়ৰ লেচেৰি নাচ প্ৰশিক্ষণ।  মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্রত সোনোৱাল কছাৰী জনগোষ্ঠীৰ লেচেৰী নাচৰ কৰ্মশালা মঙ্গলবাৰৰ পৰা  অনুষ্ঠিত হৈছে ।

 মঙ্গলবাৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুস্থিত হোৱা এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মী বিহু সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় কৰ্ণাধাৰ সমিতিৰ অন্যতম সদস্য কুশৰাম সোণোৱাল, উদীয়মান সাংস্কৃতিক কৰ্মী গোপীনাথ সোণোৱাল আৰু শংকৰদেৱ শিশু নিকেতন বগীনদীৰ প্ৰধানাচৰ্য ঋষিৰাজ ৰিজাল উপস্থিত থাকে । এই প্ৰশিক্ষণ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে লেচেৰি নাচ প্ৰশিক্ষণ প্ৰদান কৰে মজিন সোণোৱালে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


01 December, 2020 গোলাঘাটৰ নতুন আমোলাপট্টিত মঙ্গলবাৰে নিশা শ্ৰীকৃষ্ণৰ ৰাস লীলা মঞ্চস্থ হয় ৷ কণকণ শিশুসকলে মঞ্চস্থকৰা এই ৰাসলীলা পৰিচালনাকৰে ময়ুৰী গোস্বামীয়ে ৷ শ্ৰী কৃষ্ণৰ ভাৱত নন্দিতা বৰা ; আৰু বলক কৃষ্ণ ৰূদ্ৰাণী দেৱী ; ৰাধাৰ ভাৱত অভিক্ষা শৰ্মা ; ৰুক্মিণী আৰু যশোদাৰ অভিনয় কৰে অন্যান্যা দেৱীয়ে ৷ গোপিনী ক্ৰমে তনয়া চৌধুৰী তৃশা চৌধুৰী ; সুস্মৃতা গুৱালা ; দেৱবৰ্ণিনি কাশ্যপ ; চুমু গুৱালা ; অসুৰৰ ভাৱত বেদান্ত বৰা ; অভিনৱ গোস্বামী ; চন্দন ঠাকুৰ ; আয়ুশদ্বীপ ফুকন : হিমায়নবৰা ; গোপবালক অৰ্ণৱ গোস্বামী ; অদম্য স্বনীল : প্ৰীঞ্চ ঠাকুৰ ; বিশ্বজিৎ বাউৰি ৷ মেকাপত সমাদৃতা বৰা ; টুইঙ্কল বৰা ; দৰ্শনা খাউণ্ড ; ৷ মালতী বৰুৱা সুন্দৰ নিৰ্দেশনাত এই ৰাসলীলা অঞ্চলটোৰ বহুসংখ্যক লোকে উপভোগ কৰে ৷ গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

 01 December, 2020


গোলাঘাটৰ নতুন আমোলাপট্টিত মঙ্গলবাৰে নিশা শ্ৰীকৃষ্ণৰ ৰাস লীলা মঞ্চস্থ হয় ৷ কণকণ শিশুসকলে মঞ্চস্থকৰা এই ৰাসলীলা পৰিচালনাকৰে ময়ুৰী গোস্বামীয়ে ৷ শ্ৰী কৃষ্ণৰ ভাৱত নন্দিতা বৰা ; আৰু বলক কৃষ্ণ ৰূদ্ৰাণী দেৱী ; ৰাধাৰ ভাৱত অভিক্ষা শৰ্মা ; ৰুক্মিণী আৰু যশোদাৰ অভিনয় কৰে অন্যান্যা

 দেৱীয়ে ৷ গোপিনী ক্ৰমে তনয়া চৌধুৰী তৃশা চৌধুৰী ; সুস্মৃতা গুৱালা ; দেৱবৰ্ণিনি কাশ্যপ ; চুমু গুৱালা ; অসুৰৰ ভাৱত বেদান্ত বৰা ; অভিনৱ গোস্বামী ; চন্দন ঠাকুৰ ;

 আয়ুশদ্বীপ ফুকন : হিমায়নবৰা ; গোপবালক অৰ্ণৱ গোস্বামী ; অদম্য স্বনীল : প্ৰীঞ্চ ঠাকুৰ ; বিশ্বজিৎ বাউৰি  ৷ মেকাপত সমাদৃতা বৰা ; টুইঙ্কল বৰা ; দৰ্শনা খাউণ্ড ; ৷ মালতী বৰুৱা সুন্দৰ

 নিৰ্দেশনাত এই ৰাসলীলা

 অঞ্চলটোৰ বহুসংখ্যক লোকে উপভোগ কৰে ৷


গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট  NORTHEAST NEWS INDIA


প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA


Tuesday, 1 December 2020

01 December, 2020 বিশ্ব এইডছ দিৱসৰ লগত সংগতিৰাখি মঙ্গলবাৰে গোলাঘাট এইভছ কন্টোল ছচাইটি য়ে দিনজোৰা কায্যসূচীৰে এই দিবস পালন কৰে ৷ পুৱা গোলাঘাট ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এন চি চি ; স্বাস্থ্যকৰ্মী আৰু ৰাইজৰ সহযোগত এক সজাগতামূলক সমদলটো ফিটাকাটি মুকলিকৰে নাৰায়ণ কুৰিয়ে ৷ সমদলটো নগৰখন পৰিক্ৰমা কৰাৰ পিছত বিয়লি অনুষ্ঠিত হোৱা সজাগতা সভাত সভাপতিত্ব কৰে মুন গগৈয়ে ৷ দিনজোৰা কায্যসূচী সুকলমে অন্ত পৰে এই সন্দৰ্ভত জিলা এইডছ কণ্টল বিষয়া ডা° সুনিতা এক্কাই এনেদৰে মন্তব্য কৰিলে ৷ কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 01 December, 2020


বিশ্ব এইডছ দিৱসৰ লগত সংগতিৰাখি মঙ্গলবাৰে গোলাঘাট এইভছ কন্টোল ছচাইটি য়ে দিনজোৰা কায্যসূচীৰে এই দিবস পালন কৰে ৷ পুৱা গোলাঘাট ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এন চি চি  ; স্বাস্থ্যকৰ্মী আৰু ৰাইজৰ সহযোগত এক সজাগতামূলক সমদলটো ফিটাকাটি মুকলিকৰে নাৰায়ণ কুৰিয়ে ৷ সমদলটো নগৰখন পৰিক্ৰমা কৰাৰ পিছত  বিয়লি অনুষ্ঠিত হোৱা সজাগতা সভাত সভাপতিত্ব কৰে মুন গগৈয়ে ৷  দিনজোৰা

 কায্যসূচী সুকলমে অন্ত পৰে এই সন্দৰ্ভত জিলা এইডছ কণ্টল বিষয়া ডা° সুনিতা এক্কাই এনেদৰে মন্তব্য কৰিলে ৷ 


কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


01 December, 2020 *ৰাস পূৰ্ণিমা লখিমপুৰ* Date :- 01/12/2020 এতিয়া ৰাসৰ বতৰ। অসমৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে পালন কৰিছে ৰাস উৎসৱ। লখিমপুৰতো বিভিন্ন মঞ্চত দেখা গৈছে ৰাস উৎসৱ। কিন্তু লখিমপুৰৰ গোপীনগৰ কলনি বাসী ৰাইজে ব্যতিক্ৰমি ভাবে পালন কৰে এই ৰাস উৎসৱ। গোপিনগৰ কলনি এক ৰাজহুৱা স্থানত শ্ৰী মত ভাগৱত পাঠ আৰু নৃত্য প্ৰদৰ্শনেৰে পালন কৰে ৰাস উৎসৱ। এই ৰাস উৎসৱত ভাগৱত পাঠ কৰে দিলীপ ঘোচ দেৱে। নৃত্য প্ৰদৰ্শন কৰে শুমিত দেব আৰু শুপ্ৰনা আইচে। এই অনুষ্ঠানত লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজ উপষ্ঠিত থাকে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA

 01 December, 2020


*ৰাস পূৰ্ণিমা লখিমপুৰ* Date :- 01/12/2020


এতিয়া ৰাসৰ বতৰ। অসমৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে পালন কৰিছে ৰাস উৎসৱ। লখিমপুৰতো বিভিন্ন মঞ্চত দেখা গৈছে ৰাস উৎসৱ। কিন্তু লখিমপুৰৰ গোপীনগৰ কলনি বাসী ৰাইজে ব্যতিক্ৰমি ভাবে পালন কৰে এই ৰাস উৎসৱ।

গোপিনগৰ কলনি এক ৰাজহুৱা স্থানত শ্ৰী মত ভাগৱত পাঠ আৰু নৃত্য প্ৰদৰ্শনেৰে পালন কৰে ৰাস উৎসৱ। এই ৰাস উৎসৱত ভাগৱত পাঠ কৰে দিলীপ ঘোচ দেৱে। নৃত্য প্ৰদৰ্শন কৰে শুমিত দেব আৰু শুপ্ৰনা আইচে। এই অনুষ্ঠানত লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজ উপষ্ঠিত থাকে।


লখিমপুৰৰ পৰা ৰাহান উদ্দিন  আহমেদ NORTHEAST NEWS INDIA


Monday, 30 November 2020

30 November, 2020সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জনতকৈ কম শিক্ষিত জনেও বেছি উপাৰ্জন কৰে। # ধুনীয়াজন আৰু আপচুজন প্ৰায় পঞ্চাশ বছৰ বয়সত একেই হৈ যায় । আপচু জনৰ দৰে ধুনীয়া জনৰো চকুৰ গুৰি ক'লা পৰে। চুলি সৰে ছাল সোতোৰা সোতৰি হয়। # উচ্চ পদ আৰু নিম্ন পদৰ পাৰ্থক্য নাইকীয়া হৈ যায় ষাঠি বছৰ বয়সত । পিয়ন জনেও অফিছাৰ জনলৈ ঘূৰি নোচোৱা হয়অৱসৰৰ পাছত ।# ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ কোনো পাৰ্থক্য নাথাকে সত্তৰ বছৰ বয়সত । লগৰবোৰ, পৰিয়ালৰ মানুহবোৰ, আতৰি যায় । কম ঠাইতে ঘূৰা ফুৰা কৰিবলৈ সকলোকে বাধ্য কৰে কঁকালৰ বিষ আৰু আঠুৰ বিষে । # ধনী আৰু দুখীয়াৰ আশী বছৰ বয়সত কোনো প্ৰভেদ নাথাকে । খৰছ কৰিবলৈ বাট নাথাকেধনীজনে খৰছ কৰিব খুজিলেও । # শুই থকা আৰু জাগি থকা একেই কথা হৈ পৰে নব্বৈ বছৰ বয়সত। কৰিবলৈ একো নাথাকে জাগি থাকিলেও । # আমাৰ সকলোৰে একে গতিয়েই হ'বলৈ গৈ আছে আগলৈ সকলো সময়ৰ খেল । # আমি গৰ্ব কৰোঁ এতিয়া যিবোৰৰ কাৰণে , কোনো মূল্যই নাথাকিবএসময়ত সেইবোৰৰ । # দুখন গাড়ী, দুটা বাংলা আৰু দুবিঘা মাটিও অশান্তিত থাকিবলৈ কম হয় । দুবেলা দুমুঠি আৰু দুযোৰ কাপোৰেই যথেষ্ট শান্তিত থাকিবলৈ। নৰ্থইষ্ট নিউজ ইণ্ডিয়া।।

30 November, 2020

সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক...

 # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জনতকৈ কম শিক্ষিত জনেও বেছি উপাৰ্জন কৰে। 

# ধুনীয়াজন আৰু আপচুজন প্ৰায় পঞ্চাশ বছৰ বয়সত একেই হৈ যায়  । 
আপচু জনৰ দৰে ধুনীয়া জনৰো  চকুৰ গুৰি ক'লা পৰে। 
চুলি সৰে ছাল সোতোৰা সোতৰি হয়। 

# উচ্চ পদ আৰু নিম্ন পদৰ পাৰ্থক্য নাইকীয়া হৈ যায় ষাঠি বছৰ বয়সত । পিয়ন জনেও অফিছাৰ জনলৈ ঘূৰি নোচোৱা হয়
অৱসৰৰ পাছত ।

# ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ কোনো পাৰ্থক্য নাথাকে সত্তৰ বছৰ বয়সত । লগৰবোৰ, পৰিয়ালৰ মানুহবোৰ,  আতৰি যায় । কম ঠাইতে ঘূৰা ফুৰা কৰিবলৈ সকলোকে বাধ্য কৰে কঁকালৰ বিষ আৰু আঠুৰ বিষে । 

# ধনী আৰু দুখীয়াৰ আশী বছৰ বয়সত কোনো প্ৰভেদ নাথাকে । খৰছ কৰিবলৈ বাট নাথাকে
ধনীজনে খৰছ কৰিব খুজিলেও । 

# শুই থকা আৰু জাগি থকা একেই কথা হৈ পৰে  নব্বৈ বছৰ বয়সত। কৰিবলৈ একো নাথাকে জাগি থাকিলেও । 

# আমাৰ সকলোৰে একে গতিয়েই হ'বলৈ গৈ আছে আগলৈ সকলো সময়ৰ খেল । 
  
# আমি গৰ্ব কৰোঁ এতিয়া যিবোৰৰ কাৰণে , কোনো মূল্যই নাথাকিব
এসময়ত সেইবোৰৰ । 

# দুখন গাড়ী, দুটা বাংলা আৰু দুবিঘা মাটিও অশান্তিত থাকিবলৈ  কম হয় । দুবেলা দুমুঠি আৰু দুযোৰ কাপোৰেই যথেষ্ট শান্তিত থাকিবলৈ। 
 
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।।

30 November, 2020Covid19 Assam and actions taken as on 30/11/2020

30 November, 2020

Covid19 Assam and actions taken as on 30/11/2020

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...