15 November, 2020
গোলাঘাটৰ লক্ষীবাৰীত স্বেচ্ছাসেৱী সংগঠন "চেভ চাইল্ড" উদ্যোগত শিশু দিৱস উদযাপন
গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীবাৰী সোণাপুৰ গাঁৱত গোলাঘাটৰ অন্যতম তথা স্বেচ্ছাসেৱী সংগঠন চেভ চাইল্ড উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস আৰু সংগঠনটো প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,মাল্য অৰ্পণ আদি কাৰ্যসূচী পাছতে সংগঠনটোৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেক কাটি অভিবাদন জনাই।আনহাতে দিনৰ ১২ বজাত স্থানীয় শিল্পী যাদৱ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক পিংকু শইকীয়া আৰু সাংবাদিক পাৰ্থ প্ৰতিম শইকীয়াই ৰসাল ভাষণ প্ৰদান কৰাৰ লগতে সভাত লক্ষীবাৰী কলামঞ্চৰ মুখ্য সম্পাদক দীপক হাজৰিকা,উদ্যোমী যুৱক হেমন্ত শইকীয়া,সোণাপুৰ বৰ নামঘৰ উন্নয়ণ সমিতিৰ সম্পাদক পলাশ শইকীয়া আদি উপস্থিত থাকে।চেভ চাইল্ড সংগঠনৰ সভাপতি দশমী বৰা,সম্পাদক মঞ্চজ্যোতি শইকীয়া আঁত ধৰা সভাত সংগঠনটোৰ বৈশালী কলিতা,ৰাজৰ্ষি মাধৱ ফুকন ,পিংকী বৰা,গৌৰাংক বৰা,শাওন ৰচিদ হুছেইন ,পৰশমনি নাথ ,মানসী নাথ ,কৃষ্টিকন্যা বৰা,পৰিস্মৃতা কাকতি ,স্মৃতা বৰা,শুভ্ৰজিৎ শইকীয়া ,দীপক ৰঞ্জন নাথ আদিয়ে সহযোগিতা কৰে।
সভাৰ আৰম্ভণিতে স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিৱেশন কৰে।আনহাতে সভাত স্থানীয় কেইবাজনো শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰে।তদুপৰি সভাত চেভ চাইল্ডৰ তৰফৰ পৰা প্ৰাক্তন সৈনিক ইন্দেশ্বৰ বৰাক সম্বৰ্ধনা জনোৱা হয়।
ফৰকাটিঙৰ পৰা পাৰ্থ প্ৰতিম শইকীয়া,ৰিপৰ্ট ,
NORTHEAST NEWS INDIA