Sunday, 8 November 2020

08 November, 2020 তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল সমূহ। কিয়নো বিধানসভাৰ নিৰ্বাচন সমাগত ৷ গোলাঘাটৰ বিধায়িকা অজন্তা নেওগও ব্যস্তহৈ পৰিছে ভোটৰ অংকত । দেওবাৰে বিধায়ক গৰাকীয়ে কছাৰীহাটত জীৱনজ্যোতি বয়জ ক্লাবৰ এটা নৱ নিৰ্মিত গৃহ শুভ উদ্বোধন কৰে। বৰ্তমান বিধায়িকা অজন্তা নেওগৰ এটা সৰৱ চৰ্চাই গোলাঘাটত ব্যাপক ভাৱে প্ৰচাৰিত হৈছে। মানুহৰ মুখে মুখে এটাই কথা গোলাঘাটৰ বিধায়িকা, এসময়ৰ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰিব। এই বিষয়টোৱে ৰাজনৈতিক মহলত এক চৰ্চাৰ বিষয় হৈ পৰিছে। বিধায়িকা গৰাকী যদি বিজেপিত যোগদান কৰে তেন্তে তেওঁৰ সহিতে কংগ্ৰেছৰ সতীৰ্থ সকলে বিজেপি লৈ গমন কৰিব নে নাই এই বিষয়ে আলোচনা চলি থকা বুলি প্ৰচাৰ চলিছে । যিয়েই নহওক কিয়, নিৰ্বাচনৰ প্ৰাকক্ষণত অজন্তা নেওগে বিজেপিত যোগদান কৰা বিষয়টো ৰাজনৈতিক ভাৱে ব্যপক চৰ্চা লাভ কৰিছে। এই ক্ষেত্ৰত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মোৰ উত্তৰ আগৰ দৰে বুলি মন্তব্য কৰে । অবশ্যে ৰাজনীতিকৰ পালছ পোৱাটো কঠিন ৷ সময়েহেকব কোনদিশে যাব অজন্তাৰ নিৰ্বাচনি ৰণুৱাঘোৰা কৃষ্ণাক্ষী বৰা গোলাঘাট

 08 November, 2020


 তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল সমূহ। কিয়নো বিধানসভাৰ নিৰ্বাচন সমাগত ৷  গোলাঘাটৰ বিধায়িকা অজন্তা নেওগও ব্যস্তহৈ পৰিছে ভোটৰ অংকত । দেওবাৰে বিধায়ক গৰাকীয়ে কছাৰীহাটত জীৱনজ্যোতি বয়জ ক্লাবৰ এটা নৱ নিৰ্মিত গৃহ শুভ উদ্বোধন কৰে। বৰ্তমান বিধায়িকা অজন্তা নেওগৰ এটা সৰৱ চৰ্চাই গোলাঘাটত ব্যাপক ভাৱে প্ৰচাৰিত হৈছে।  মানুহৰ মুখে মুখে এটাই কথা গোলাঘাটৰ বিধায়িকা, এসময়ৰ কংগ্ৰেছৰ  কেবিনেট  মন্ত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰিব। এই বিষয়টোৱে ৰাজনৈতিক মহলত এক চৰ্চাৰ বিষয় হৈ পৰিছে।  বিধায়িকা গৰাকী যদি বিজেপিত যোগদান কৰে তেন্তে তেওঁৰ সহিতে কংগ্ৰেছৰ সতীৰ্থ সকলে বিজেপি লৈ গমন কৰিব নে নাই এই বিষয়ে আলোচনা চলি থকা বুলি প্ৰচাৰ চলিছে । যিয়েই নহওক কিয়, নিৰ্বাচনৰ প্ৰাকক্ষণত অজন্তা নেওগে বিজেপিত যোগদান কৰা বিষয়টো ৰাজনৈতিক ভাৱে ব্যপক চৰ্চা লাভ কৰিছে। এই ক্ষেত্ৰত সাংবাদিকে  কৰা  প্ৰশ্নৰ উত্তৰত  মোৰ উত্তৰ আগৰ দৰে বুলি মন্তব্য কৰে ।

অবশ্যে ৰাজনীতিকৰ পালছ পোৱাটো কঠিন ৷ সময়েহেকব   কোনদিশে যাব অজন্তাৰ নিৰ্বাচনি ৰণুৱাঘোৰা 


কৃষ্ণাক্ষী বৰা গোলাঘাট


08 November, 2020Covid19 Assam and actions taken as 07/11/2020.

08 November, 2020

Covid19 Assam and actions taken as 07/11/2020.

Saturday, 7 November 2020

07 November , 2020 ফুটাইছে গুলি ফুটাইছে বনকৰ্মীয়ে পকা ধানৰ গোন্ধে মতলীয়া কৰে বনৰীয়া হাতী জাকক। দিন ৰাতি সমানে ধাননি পথাৰ তহিলং কৰে বনৰীয়া হাতী জাকে ৷নুমলীগড় ; মৰঙী থোৰামুখ ; কুঁৱৰী পথাৰ ; গাড়ীগাও আইটনীয়া মিৰিগাও আদিত শ শ বিঘা কৃষি পথাৰ গচকী খাই তহিলং কৰিছে ।বন কৰ্মীৰ হাতী খেদিবলৈ চেষ্টা চলাই উপয্যুপৰি শূণ্যত গুলি ফুটুৱাৰ পাছতো ধাননি পথাৰ এৰি নাযায় বন্য হস্তীৰ যাকটোৱে । কৃষকৰ এই পকাধান চপোৱাৰ বতৰত অব্যাহত থকা হাতী তাণ্ডৱৰ ফলত মুৰে কপালে হাত দিবলগা হৈছে খাটিখোৱা খেতিয়কে ৷ এই দৃশ্য নুমলীগড়ৰ বিভিন্ন অঞ্চলৰ । দিন ৰাতি একাকাৰ কৰি বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই নুমলীগড়ৰ বিভিন্ন অঞ্চলত ।দিনে ৰাতিয়ে তাণ্ডৱ চলাই হাতীৰ যাকে খাই গচকী নষ্ট কৰে শ শ বিঘা ধাননি পথাৰ ।নুমলীগড়ৰ পুৰাবাংলাবন পথাৰ,মিৰিপথাৰ ,গিদিবস্তি ,চুমনী ,হালোৱা গাঁৱৰ ধাননি পথাৰতd অৱস্থান কৰি ধান খাই গচকী তহিলং কৰিছে বন্য হস্তীয়ে ।বন্য হস্তীৰ জাকক খেদিবলৈ অপ্ৰাণ চেষ্টা বন বিভাগৰ ।গুলি ফুটাই ভাগৰি পৰিছে বন কৰ্মী।কিন্ত পকা ধানৰ পথাৰৰ পৰা খেদি পঠাব পৰা নাই বন্য হস্তীৰ জাকক ।উপায়বিহীন বন বিভাগ ।আনফালে পুৰাবাংলা খণ্ড বন কাৰ্যালয়ত সীমিত বন কৰ্মীয়ে দিনে ৰাতিয়ে কষ্ট কৰিছে ।মাত্ৰ কেইজনমান বনকৰ্মীয়ে বৃহত্তৰ অঞ্চলতোত হাতী খেদিবলৈ চেষ্টা কৰিব লগীয়া হৈছে ।ৰাইজৰ আহ্বান পুৰাবাংলা খণ্ড বন কাৰ্যালয় আৰু অধিক বন কৰ্মী তথা হাতী খেদাৰ উন্নত ব্যৱস্থা প্ৰদান কৰক চৰকাৰ তথা বন বিভাগে গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 07 November , 2020


ফুটাইছে গুলি ফুটাইছে বনকৰ্মীয়ে 


পকা ধানৰ গোন্ধে মতলীয়া কৰে বনৰীয়া হাতী জাকক।

দিন ৰাতি সমানে ধাননি পথাৰ তহিলং কৰে বনৰীয়া হাতী জাকে ৷নুমলীগড় ; মৰঙী থোৰামুখ ; কুঁৱৰী পথাৰ ; গাড়ীগাও আইটনীয়া মিৰিগাও আদিত  শ শ বিঘা কৃষি পথাৰ গচকী খাই তহিলং  কৰিছে ।বন কৰ্মীৰ হাতী খেদিবলৈ চেষ্টা চলাই উপয্যুপৰি  শূণ্যত গুলি ফুটুৱাৰ পাছতো ধাননি পথাৰ এৰি নাযায় বন্য হস্তীৰ যাকটোৱে ।

কৃষকৰ এই পকাধান চপোৱাৰ বতৰত   অব্যাহত থকা হাতী তাণ্ডৱৰ ফলত মুৰে কপালে হাত দিবলগা হৈছে খাটিখোৱা খেতিয়কে ৷

এই দৃশ্য নুমলীগড়ৰ বিভিন্ন  অঞ্চলৰ । দিন ৰাতি একাকাৰ কৰি বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই নুমলীগড়ৰ বিভিন্ন অঞ্চলত ।দিনে ৰাতিয়ে তাণ্ডৱ চলাই হাতীৰ যাকে খাই গচকী   নষ্ট কৰে শ শ বিঘা ধাননি পথাৰ ।নুমলীগড়ৰ পুৰাবাংলাবন পথাৰ,মিৰিপথাৰ ,গিদিবস্তি ,চুমনী ,হালোৱা গাঁৱৰ ধাননি  পথাৰতd অৱস্থান কৰি ধান খাই গচকী তহিলং কৰিছে বন্য হস্তীয়ে ।বন্য হস্তীৰ জাকক খেদিবলৈ অপ্ৰাণ চেষ্টা বন বিভাগৰ ।গুলি ফুটাই ভাগৰি পৰিছে বন কৰ্মী।কিন্ত পকা ধানৰ পথাৰৰ পৰা খেদি পঠাব পৰা নাই বন্য হস্তীৰ জাকক ।উপায়বিহীন বন বিভাগ ।আনফালে পুৰাবাংলা খণ্ড বন কাৰ্যালয়ত সীমিত বন কৰ্মীয়ে দিনে ৰাতিয়ে কষ্ট কৰিছে ।মাত্ৰ কেইজনমান বনকৰ্মীয়ে বৃহত্তৰ অঞ্চলতোত হাতী খেদিবলৈ চেষ্টা কৰিব লগীয়া হৈছে ।ৰাইজৰ আহ্বান পুৰাবাংলা খণ্ড বন কাৰ্যালয় আৰু অধিক বন কৰ্মী তথা হাতী খেদাৰ উন্নত ব্যৱস্থা প্ৰদান কৰক চৰকাৰ তথা বন বিভাগে


গোলাঘাটৰ পৰা  প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


07 November, 2020Covid19 Assam and actions taken as on 06/11/2020.

07 November, 2020

Covid19 Assam and actions taken as on 06/11/2020.

07 November, 2020অভিনন্দন আঁচনিমাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি 'অভিনন্দন আঁচনি'ৰ অধীনত আনুষ্ঠানিকভাৱে শিক্ষা ঋণ ৰাজসাহায্যৰ অনুমোদন পত্ৰ বিতৰণ কৰিব।অসমৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চশিক্ষা লাভৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে উপকৃত হ'ব ৰাজ্যৰ সৰ্বস্তৰৰ ছাত্র-ছাত্ৰী।

07 November, 2020

অভিনন্দন আঁচনি

মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি 'অভিনন্দন আঁচনি'ৰ অধীনত আনুষ্ঠানিকভাৱে শিক্ষা ঋণ ৰাজসাহায্যৰ অনুমোদন পত্ৰ বিতৰণ কৰিব।

অসমৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চশিক্ষা লাভৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। 

 ইয়াৰ জৰিয়তে উপকৃত হ'ব ৰাজ্যৰ সৰ্বস্তৰৰ ছাত্র-ছাত্ৰী।

07 November, 2020'জীৱনডিঙা'থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি ।(এ আই ডব্লিউ টি ডি এছ) অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি ৰ দ্বাৰা যুগুত কৰা থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি 'জীৱনডিঙা'। এই আঁচনিখনৰ বাবে আবেদনপত্ৰ www.aiwtdsociety.in , www.iwtdirectorate.assam.gov.in অথবা অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সংশ্লিষ্ট ঘাট, উপ-সংমণ্ডল, সংমণ্ডল আৰু মুখ্য কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি দাখিল কৰিব পাৰিব।

07 November, 2020

'জীৱনডিঙা'

থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি ।

(এ আই ডব্লিউ টি ডি এছ) 
অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি ৰ দ্বাৰা যুগুত কৰা থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি 'জীৱনডিঙা'। এই আঁচনিখনৰ বাবে আবেদনপত্ৰ  www.aiwtdsociety.in , www.iwtdirectorate.assam.gov.in অথবা অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সংশ্লিষ্ট ঘাট, উপ-সংমণ্ডল, সংমণ্ডল আৰু মুখ্য কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি দাখিল কৰিব পাৰিব।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...