Sunday, 25 October 2020
Saturday, 24 October 2020
24 October, 2020 আজি মহাষ্টমী ৷ গোলাঘাট চহৰৰত নাই পূজাৰ উচাহ ৷ এইয়া গোলাঘাটৰ নৱগ্ৰহ মন্দিৰৰ দৃশ্য পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে মা দূৰ্গাৰ অৰ্চনা ৷ ইফালে এক বিপৰীত পৰিবেশ ফৰকাটিংৰ তিৰুৱালৰ ২৮২ বছৰীয়া কুটুহাগুৰি পূজা মণ্ডপত ক’ভড প্ৰট’কল পালন কৰিও আজি মহাষ্টমীৰ দিনা হাহঁ কোমোৰা বলী দিবলৈ ভীৰ কৰিছেহি ভক্তই ৷ এই দেৱালয়ৰ সন্দৰ্ভত দেৱালয় পৰিচালনা সমিতিৰ সভাপতি নোমল গগৈয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ ::: ::: প্ৰকাশ শৰ্মা গোলাঘাট
24 October, 2020
আজি মহাষ্টমী ৷ গোলাঘাট চহৰৰত নাই পূজাৰ উচাহ ৷ এইয়া গোলাঘাটৰ নৱগ্ৰহ মন্দিৰৰ দৃশ্য পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে মা দূৰ্গাৰ অৰ্চনা ৷ ইফালে এক বিপৰীত পৰিবেশ ফৰকাটিংৰ তিৰুৱালৰ ২৮২ বছৰীয়া কুটুহাগুৰি পূজা মণ্ডপত ক’ভড প্ৰট’কল পালন কৰিও আজি মহাষ্টমীৰ দিনা হাহঁ কোমোৰা বলী দিবলৈ ভীৰ কৰিছেহি ভক্তই ৷ এই দেৱালয়ৰ সন্দৰ্ভত দেৱালয় পৰিচালনা সমিতিৰ সভাপতি নোমল গগৈয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ :::
::: প্ৰকাশ শৰ্মা গোলাঘাট
24 October, 2020 জনহিত ,জনসেৱাৰ্থে ; শপত গ্ৰহণ কৰা এজন খাকী পোছাকধাৰী ;; মাত্ৰ আঠহাজাৰ টকাৰ বাবে নাজল নাথল অৱস্থা কৰিছে এটা দৰিদ্ৰ পৰিয়ালক কোন এইজন আৰক্ষী বিষয়া জানিবলৈ মন যোৱা নাইনে? এইজন হ’ল গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জলিল ৷ ৰ’ব বিষয়া বুলি ক’লে ভুল হ’ব ৷ ৰক্ষকৰ নামত ভক্ষকহে ৷ কৰ্মৰত অৱস্থাত বিদ্যুতপৃষ্ট হৈ মৃত্যু ঘটা এজন শ্ৰমিকৰ মৰণোত্তৰ প্ৰতিবেদন দিয়াৰ বাবদ মেৰাপানী আৰক্ষী থানাৰ এইজন দুনীতিগ্ৰস্ত আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা দাবী কৰিছে আঠ হাজাৰ টকাৰ উৎকোচ। বিগত 27 আগষ্ট দিনা মেৰাপানীৰ ৰামপুৰত কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ অকালতে মৃত্যুক সাৱতিব লগাত পৰিছিল বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী জিতুল দাসে। মৃত জিতুল দাসৰ পৰিয়ালে লগে লগেই মেৰাপানী আৰক্ষী থানাত দূৰ্ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল। কিন্তু মেৰাপানী থানাৰ অ'চি আব্দুল জলিলে গোচৰ পঞ্জীয়ন নকৰি থানাতে মীমাংসা কৰাৰ বাবে মৃতকৰ পৰিয়ালক হেঁচা দিয়ে। ইফালে প্ৰায় দুটা মাহ অতিক্ৰম কৰাৰ পাছতো বিদ্যুত কোম্পানী নিকনে দৰিদ্ৰ পৰিয়ালটোক ফুটাকড়ি এটাও সহায় নকৰাত উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ বিছাৰি কোম্পানীটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু পৰিয়ালটোৱে আদালতত গোচৰ তৰিবৰ বাবে মেৰাপানী আৰক্ষী থানাত গোচৰ নং আৰু মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিচৰাত থানাৰ অ'চি আব্দুল জলিলে পৰিয়ালটোক প্ৰতিলিপি দিয়াৰ বাবদ আশ্বৰ্য্যজনকভাৱে আঠ হাজাৰ টকা দাবী কৰে আৰু আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে পৰিয়ালটোক দুব্যৱহাৰ কৰি থানাৰ পৰা খেদি পঠায়। সম্প্ৰতি অ'চি আব্দুল জলিলৰ এনে নীতিবৰ্হিভূত কাণ্ড আৰু আচৰণৰ প্ৰতিবাদত মৃত জিতুল দাসৰ পৰিয়ালে গোলাঘাটৰ মূখ্য ন্যায়িক দণ্ডাধীষৰ আদালতত এক গোচৰ ৰুজু কৰিছে। আদালতে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ এক তদন্ত কৰি আদালতক নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিবলৈ গোলাঘাটৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে। এতিয়া প্ৰশ্ন উঠিছে, শাসনাধীন চৰকাৰে পোহ-পাল দি থকা এনে দুনীতি কাৰী আৰক্ষীৰ বাবে শুণ্য সহনশীল নীতি প্ৰজোয্য হবনে ? খাকী পোচাকত ডাগ লগোৱা গনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব নে ? আৰু প্ৰকৃততে ন্যায় পাবনে দুৰ্ভগীয়া পৰিয়ালটোৱে?? গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা
24 October, 2020
জনহিত ,জনসেৱাৰ্থে ;
শপত গ্ৰহণ কৰা এজন খাকী পোছাকধাৰী ;;
মাত্ৰ আঠহাজাৰ টকাৰ বাবে নাজল নাথল অৱস্থা কৰিছে এটা দৰিদ্ৰ পৰিয়ালক
কোন এইজন আৰক্ষী বিষয়া জানিবলৈ মন যোৱা নাইনে?
এইজন হ’ল গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জলিল ৷
ৰ’ব বিষয়া বুলি ক’লে ভুল হ’ব ৷ ৰক্ষকৰ নামত ভক্ষকহে ৷
কৰ্মৰত অৱস্থাত বিদ্যুতপৃষ্ট হৈ মৃত্যু ঘটা এজন শ্ৰমিকৰ মৰণোত্তৰ প্ৰতিবেদন দিয়াৰ বাবদ মেৰাপানী আৰক্ষী থানাৰ এইজন দুনীতিগ্ৰস্ত আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা দাবী কৰিছে আঠ হাজাৰ টকাৰ উৎকোচ।
বিগত 27 আগষ্ট দিনা মেৰাপানীৰ ৰামপুৰত কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ অকালতে মৃত্যুক সাৱতিব লগাত পৰিছিল বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী জিতুল দাসে। মৃত জিতুল দাসৰ পৰিয়ালে লগে লগেই মেৰাপানী আৰক্ষী থানাত দূৰ্ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল। কিন্তু মেৰাপানী থানাৰ অ'চি আব্দুল জলিলে গোচৰ পঞ্জীয়ন নকৰি থানাতে মীমাংসা কৰাৰ বাবে মৃতকৰ পৰিয়ালক হেঁচা দিয়ে। ইফালে প্ৰায় দুটা মাহ অতিক্ৰম কৰাৰ পাছতো বিদ্যুত কোম্পানী নিকনে দৰিদ্ৰ পৰিয়ালটোক ফুটাকড়ি এটাও সহায় নকৰাত উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ বিছাৰি কোম্পানীটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয়।
কিন্তু পৰিয়ালটোৱে আদালতত গোচৰ তৰিবৰ বাবে মেৰাপানী আৰক্ষী থানাত গোচৰ নং আৰু মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিচৰাত থানাৰ অ'চি আব্দুল জলিলে পৰিয়ালটোক প্ৰতিলিপি দিয়াৰ বাবদ আশ্বৰ্য্যজনকভাৱে আঠ হাজাৰ টকা দাবী কৰে আৰু আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে পৰিয়ালটোক দুব্যৱহাৰ কৰি থানাৰ পৰা খেদি পঠায়। সম্প্ৰতি অ'চি আব্দুল জলিলৰ এনে নীতিবৰ্হিভূত কাণ্ড আৰু আচৰণৰ প্ৰতিবাদত মৃত জিতুল দাসৰ পৰিয়ালে গোলাঘাটৰ মূখ্য ন্যায়িক দণ্ডাধীষৰ আদালতত এক গোচৰ ৰুজু কৰিছে। আদালতে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ এক তদন্ত কৰি আদালতক নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিবলৈ গোলাঘাটৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে।
এতিয়া প্ৰশ্ন উঠিছে,
শাসনাধীন চৰকাৰে পোহ-পাল দি থকা এনে দুনীতি কাৰী আৰক্ষীৰ বাবে শুণ্য সহনশীল নীতি প্ৰজোয্য হবনে ? খাকী পোচাকত ডাগ লগোৱা গনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব নে ?
আৰু
প্ৰকৃততে ন্যায় পাবনে দুৰ্ভগীয়া পৰিয়ালটোৱে??
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা
24 October, 2020 যোৰহাটৰ কেন্দুগুৰিৰ ব্ৰাহ্মণ গাঁৱৰ নামতি মিনাক্ষী ওৰফে মাধু বৰবৰাৰ কন্ঠত মহাষ্টমীৰ দিনা মহা স্নান নাম আৰু বলী উৎসৰ্গাৰ নাম ৷ :: কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
24 October, 2020
যোৰহাটৰ কেন্দুগুৰিৰ ব্ৰাহ্মণ গাঁৱৰ নামতি মিনাক্ষী ওৰফে মাধু বৰবৰাৰ কন্ঠত মহাষ্টমীৰ দিনা মহা স্নান নাম আৰু বলী উৎসৰ্গাৰ নাম ৷ :: কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
Friday, 23 October 2020
23 October, 2020 গোলাঘাট ত ভাৰত মাতা পূজন বিগত বছৰৰ দৰে এই বছৰো গোলাঘাট শংকৰদেৱ শিশু নিকেতনত ভাৰত মাতা পূজন অনুষ্ঠিত হয়। শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হোৱা অনুষ্ঠানত পোনপ্ৰথমে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সামূহিক ধ্যান আৰু গোলাঘাট হৰিজন কলনীৰ কন কন শিশু সকলৰ দ্বাৰা ভাৰতমাতাৰ আৰতিৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ভাৰতমাতাৰ পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ভাৰত মাতা পূজন ৰ আয়োজক সমিতিৰ সভাপতি দেৱজিত বৰাই এইদৰে জনায় .... প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগী সকলক বটা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট বক্তি সৌমিত্র পূজাৰী, RSS ৰ উত্তৰ পূব প্ৰান্তৰ সম্পর্ক প্রমুখ আজিৰ ভাৰতমাতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোৰহাট বিভাগৰ সন্মানীয় বিভাগ প্ৰচাৰক কেশৱ ভূঞা ডাঙৰীয়া আৰু গোলাঘাট জিলাৰ কাৰ্যবাহ শচীন মেচৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
23 October, 2020
গোলাঘাট ত ভাৰত মাতা পূজন
বিগত বছৰৰ দৰে এই বছৰো গোলাঘাট শংকৰদেৱ শিশু নিকেতনত ভাৰত মাতা পূজন অনুষ্ঠিত হয়।
শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হোৱা অনুষ্ঠানত পোনপ্ৰথমে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সামূহিক ধ্যান আৰু গোলাঘাট হৰিজন কলনীৰ কন কন শিশু সকলৰ দ্বাৰা ভাৰতমাতাৰ আৰতিৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ভাৰতমাতাৰ পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ভাৰত মাতা পূজন ৰ আয়োজক সমিতিৰ সভাপতি দেৱজিত বৰাই এইদৰে জনায় ....
প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগী সকলক বটা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত উপস্থিত থাকে
বিশিষ্ট বক্তি সৌমিত্র পূজাৰী, RSS ৰ উত্তৰ পূব প্ৰান্তৰ সম্পর্ক প্রমুখ
আজিৰ ভাৰতমাতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোৰহাট বিভাগৰ সন্মানীয় বিভাগ প্ৰচাৰক কেশৱ ভূঞা ডাঙৰীয়া আৰু গোলাঘাট জিলাৰ কাৰ্যবাহ শচীন মেচৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি।
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...