08 October, 2020
এখন অতি আৱশ্যকীয় নাৰ্চাৰী ৷ নাম কেম্পা নাৰ্চাৰী ৷ এতিয়া পৰিচয় সলনিহল এই নাৰ্চাৰীখনৰ ৷ আজিৰ নৱপ্ৰজন্মৰ সৰহ সংখ্যকেই নেজানে বিভিন্ন গছ গছনিৰ নাম ৷ নাম জানিলেও চিনি নেপায় গছজোপা ৷ সেয়েহে ভবিষ্যত প্ৰজন্মক গছ গছনিৰ নামেসৈত্যে চিনাকী কৰি দিবৰ বাবে অসম চৰকাৰে ৰাজ্যখনত ২৪ খন সাহিত্য মণিষি উপবণ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰে এখন উপবণ গোলাঘাটৰ নামবৰ অভয়াৰণ্যৰ কাষৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত নিৰ্মিয়মান অৱস্থাত আছে ৷ এইখন সাহিত্য মণিষি উপবণ পূৰ্বতে আছিল কেম্পৰ নাৰ্চাৰী ৷ ইয়াৰ পৰাই জিলাখনৰ বিভিন্নলোক ; এন জি অ’ ; বিদ্যালয় ; নামঘৰ আদিৰ লগতে পথৰ কাষত ৰূপণৰ বাবে বণ বিভাগে বিনামূলীয়াকৈ বিভিন্ন প্ৰজাতিৰ গছৰ পুলি যোগান ধৰিছিল ৷ কিন্ত এতিয়া ইয়াৰ পৰিচয় সলনি হ’ল ৷ তথাপিও প্ৰকৃতিপ্ৰেমীক নিৰাশ নকৰে গোলাঘাট বণবিভাগে ৷ হেজাৰৰো অধিক প্ৰজাতি গছৰ উপবন কৰাৰ লগতে
গচৰপুলীও যোগান ধৰাৰ আশ্বাস দিলে গোলাঘাটৰ ৰেঞ্জাৰ পুস্পধৰ বৰগোহাইয়ে ----
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
North East news india