24 September, 2020
Slug:- সৰুপথাৰত গ্ৰামোন্নয়নৰ নমুনা। নিৰ্মাণকাৰ্যত ৰডৰ সলনি বাঁহ !
A:- গ্ৰামোন্নয়নৰ নামত বছৰি বছৰি লাখ লাখ টকাৰ আঁচনি।
কিন্তু কিদৰে ৰূপায়িত হৈছে উক্ত আঁচনিসমূহ। কি কৰিছে একাংশ তথাকথিত জনপ্ৰতিনিধিয়ে।
গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ আঁচনি কেনেদৰে ৰূপায়ণ কৰিছে চাও আহক ।
পঞ্চায়তখনৰ কাৰ্যালয় চৌহদৰ এক আঁচনি। আঁচনিৰ নাম গাঁও পঞ্চায়ত চৌহদৰ কাৰ্যালয় কোঠা।
চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ আঁচনিত প্ৰায় ন লাখ টকা ধাৰ্য কৰা হ'ল।
পাছৰখিনি আঁচনি নিৰ্মাণৰ লগত জড়িত মিস্ত্ৰীৰ মুখেৰেই শুনক।
Byte:- মিস্ত্ৰী
শৌচাগাৰৰ টেংকীৰ ভিতৰফালে প্লাষ্টাৰ কৰাই নহ'ল।
দুদিনতে সম্পন্ন কৰাছেফ্টি টেংকৰ ঢাকনিত ৰডৰ সলনি দিলে বাহঁ
পঞ্চায়ত সভানেত্ৰীৰ কথামতে ৰডৰ সলনি বাঁহ লগোৱা বুলি অকপটে স্বীকাৰ কৰিলে মিস্ত্ৰীয়ে।
মিস্ত্ৰীৰ মতে দুদিনতে সম্পন্ন কৰা হ'ল টেংকীৰ কাম।
শূণ্য সহনশীল চৰকাখনে এইক্ষেত্ৰত কি ভূমিকা লয় তালৈ বাট চাইছে ৰাইজে।
বৃহস্পতিবাৰে সাংবাদিকৰ উপস্থিতিৰ পাছতেই উক্ত শৌচাগাৰটোৰ ছেফ্টী টেংকত হাতুৰীৰ কোব পৰে ৷
Byte:- সহযোগী মিস্ত্ৰী
প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন
NORTHEAST NEWS INDIA