23 September, 2020
সৰুপথাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত দিন-দুপৰতে পাৰ্টি। ল’কেল মুৰ্গীৰে এসাজ ৷
- ধনশিৰি মহকুমাটো আছে জলসিঞ্চন বিভাগৰ বিয়াগোম কাৰ্যালয় ।
এফালে ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট।
আনফালে কৃষকৰ সমস্যালৈ পিঠি দি সেই বিভাগটোৰ কাৰ্যালয়তে চলিছে ভোজভাতৰ এক বিশাল আয়োজন ।
জনৈক কণিষ্ঠ অভিযন্তাৰ কণ্যা সন্তান জন্ম হ'ল ; অভিযন্তাক সহকৰ্মীয়ে ধৰিলে পাৰ্টি লাগে ; ঘৰলৈ লখিমী আহিল পাৰ্টিটো হ'বই।
সেইকাৰণে বুধবাৰে কাৰ্যালয়টোতে কৰিলে খানাৰ আয়োজন ৷
পিছে পাৰ্টিও এলাপেচা নহয়। লোকেল মুৰ্গীও গোটোৱা হ'ল ৷
দিনৰ ১২ বজালৈকে কাৰ্যালয়টোৰ বেছিভাগ বিষয়া কৰ্মচাৰী উপস্থিত নাই ।
মহকুমাটোৰ পথাৰত এতিয়া ছিৰাল ফাট। চিন্তিত কৃষক।
কৃষকৰাইজে পথাৰত পানীৰ অভাৱত মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ মাজতে সংশ্লিষ্ট কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ এনেবোৰ কাণ্ডই সাধাৰণ লোকৰ চকু কপালত তুলিছে ।
এনেদৰেই কৰ্মসংস্কৃতি, নাগৰিকৰ প্ৰতি দ্বায়িত্ব বোধ বৰ্তাই ৰাখেনেকি এচাম বিষয়া কৰ্মচাৰীয়ে।
ৰাইজক কোনে দিব এইবিলাকৰ সমাধান।
এইবোৰ শুনি ৰাইজৰ এজনে মন্তব্য দিলে আমাৰ ধাননীদৰাত পানী দিয়া ; তাৰপিছত মুৰ্গী খোৱা ; পানী খোৱা সকলো খাবা ৷ কিয়নো আমাৰ পথাৰত পানী যোগানৰ বাবেহে চৰকাৰে তোমালোকক দৰ্মহা দি ৰাখিছে ৷ চিৰাল ফাঁট দিয়া পথাৰলৈ চাই ভোজ খাবলৈ নহয় ৷
Byte :- কৰ্মচাৰী
প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India