22 September, 2020
*ৰেল লাইনত অচিনাকী মৃতদেহ উদ্ধাৰ*
গোলাঘাট : ২২ছেপ্তেম্বৰ
উত্তৰপূৱ সীমান্ত ৰেল’ৱেৰ বৰপথাৰ আৰু সৰুপথাৰ ৰেলষ্টেচনৰ মাজৰ ৰেললাইনত উদ্ধাৰহোৱা এটা অচিনাকী মৃতদেহ কালি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ বোকাজান ৰেল’ৱেৰ সূত্ৰে জানিবপৰামতে উক্ত দুটা ৰেলষ্টেচনৰ মাজত ৰেলআলিয়েদি বৰপথাৰ দিশে প্ৰায় ৫০ বছৰীয়া অচিনাক্ত লোকজন খোজকাঢ়ি আহি থাকোতে ৰেল’ৱে কিলোমিটাৰ ২৯৭/২--৩ এলেকাত লোকজন পৰি মুৰত আঘাট পায় ৷ প্ৰত্যক্ষদৰ্শীয়ে লগেলগে সংশ্লিষ্ট ষ্টেশ্যন আৰু ১০৮ সেৱাক খবৰ দিয়ে ৷ কিছূপলমকৈ জৰুৰীকালীন সেৱাৰ গাড়ী উপস্থিত হয় যদিও লোকজনৰ মৃত্যু হয় ৷ অচিনাক্ত লোকজনৰ মৃতদেহটো বোকাজান ষ্টেচনৰ আৰক্ষীয়ে উদ্ধাৰ কৰি কালি গোলাঘাট ছহিদ কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷ প্ৰায় পাঁচ ফুট পাচ ইঞ্চি ওখ ; বগা স্পটিং
আৰু কলা লংপেণ্ট পৰিধান কৰা লোক জনৰ প্ৰেচাৰ স্ত্ৰোক হৈ ৰেললাইনত পৰি মুৰত আঘাটপাই মৃত্যু হলবুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ বৰ্তমানলৈ চিনাক্ত নোহোৱা লোকজনৰ মৃতদেহটো ৭২ ঘণ্টালৈকে গোলাঘাটৰ কে কে চিভিলৰ মৰ্গত ৰখাহৈছে ৷ আৰু এই সময়চোৱাৰ ভিতৰত চিনাক্তকৰণ নহলে বিভাগীয় নিয়মমতে সৎকাৰৰ ব্যবস্থা কৰাহব বুলি বোকাজানৰ ৰেল আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা : গোলাঘাট
NORTHEAST NEWS INDIA