Tuesday, 22 September 2020

22 September, 2020 গোলাঘাটৰ জটিল সমস্যা সমূহৰ সমাধান ক্ষেত্ৰৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীৰ অধ্যক্ষতাত মঙ্গলবাৰে এখন সংবাদমেল অনুষ্ঠিত হয়।উক্ত সংবাদমেলত সাংবাদিক সকলক সম্বোধন কৰি নগৰ খনৰ জটিল সমস্যা সমূহৰ সমাধান কৰিব বাবে তেখেতে সকলৰ পৰামৰ্শ বিচাৰে।এই সন্দৰ্ভত সাংবাদিক সকলে শেহতীয়াকৈ জিলা খনত COVID-19 ৰ প্ৰাদুৰ্ভাৱ বাবে উৎপন্ন হোৱা পৰিস্থিতি সম্পৰ্কত উপায়ুক্ত গৰাকীক অৱগত কৰাৰ ওপৰিও গোলাঘাট পৌৰসভাৰ সৌজন্যত খোৱা পানী যোগান ধৰা ব্যৱস্থা, Street Light, নগৰ খনৰ মূল পথ সমূহত নিতৌ উদ্ভৱ হৈ থকা যান জঁটকে ধৰি বিভিন্ন সমস্যা সম্পৰ্কত সাংবাদিক সকলে নিজৰ পৰামৰ্শ আগবঢ়ায়।এই সভাত উপস্থিত যুটীয়া স্বাস্থ্য সঞ্চালক অৰুণ চন্দ্ৰ মহন্তইজিলা খনত নতুনকৈ COVID-19 আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ বাবে কেবাটাও নতুন কোভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰা হব বুলি জানিব দিয়ে। বৰ্তমান পৌৰসভাৰ দায়িত্বত থকা কাৰ্যবাহী দণ্ডাধীশ মগেন নৰহে উল্লেখ কৰা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পৌৰসভাই গ্ৰহণ কৰা শেহতীয়া কাৰ্যসূচীৰ সম্পৰ্কত সকলোকে অৱগত কৰে । নগৰ খনৰ অন্যতম জটিল সমস্যা নিয়মীয়া বিদ্যুৎ যোগান দিয়া ক্ষেত্ৰত উক্ত সংবাদমেলত উপস্থিত বিদ্যুৎ বিভাগৰ পৰিচালকমৃদুল শইকীয়াই শীঘ্ৰেই নগৰখনৰ বিদ্যুৎ আসোঁৱাহ দূৰ কৰিবৰ বাবে তেতেলীতলত নতুনকৈ উচ্চ ক্ষমতা সম্পন্ন ট্ৰান্সফাৰ্মাৰ স্থাপন কৰা হব বুলি জানিব দিয়ে।লগতে নগৰখনৰ উদ্যান, পদপথ আৰু অন্য বাটপথ সমূহতো বেদখল কৰাৰ বাবে তৎকালীন ভাৱে পৌৰসভাই উচ্ছেদ অভিযান চলাব বুলি সাংবাদিকৰ আগত জানিব দিয়ে। উল্লেখযোগ্য যে বিভিন্ন সময়ত উল্লেখ কৰা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পূৰ্বেও প্ৰশাসনৰ এনে সভা আৰু সংবাদমেল অনুষ্ঠিত হোৱা পিছত কিছু দিন সমস্যা সমাধানৰ বাবে উল্লেখ কৰা মতে কাৰ্যসূচী গ্ৰহণ কৰা হয় যদিও পুনৰ পৌৰসভাৰ খোৱা পানী , street light আৰু বাটপথ ও পদপথত অতিক্ৰমন সামান্য কথা হয় পৰে।গোলাঘাটৱাসী সকলৰ এই জটিল সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত প্ৰশাসনৰ এই পদক্ষেপ কিমান ফলপ্ৰসূ হব সেয়া অনাগত দিনত লক্ষণীয় হব। :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

 22 September, 2020


গোলাঘাটৰ জটিল সমস্যা সমূহৰ সমাধান ক্ষেত্ৰৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল



 গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীৰ অধ্যক্ষতাত  মঙ্গলবাৰে এখন সংবাদমেল অনুষ্ঠিত হয়।উক্ত সংবাদমেলত সাংবাদিক সকলক সম্বোধন কৰি নগৰ খনৰ জটিল সমস্যা সমূহৰ সমাধান কৰিব বাবে তেখেতে সকলৰ পৰামৰ্শ বিচাৰে।এই সন্দৰ্ভত সাংবাদিক সকলে শেহতীয়াকৈ জিলা খনত COVID-19 ৰ প্ৰাদুৰ্ভাৱ বাবে উৎপন্ন হোৱা পৰিস্থিতি সম্পৰ্কত উপায়ুক্ত গৰাকীক অৱগত কৰাৰ ওপৰিও গোলাঘাট পৌৰসভাৰ সৌজন্যত খোৱা পানী যোগান ধৰা ব্যৱস্থা, Street Light, নগৰ খনৰ মূল পথ সমূহত নিতৌ উদ্ভৱ হৈ থকা যান জঁটকে ধৰি বিভিন্ন সমস্যা সম্পৰ্কত সাংবাদিক সকলে নিজৰ  পৰামৰ্শ আগবঢ়ায়।এই সভাত উপস্থিত যুটীয়া স্বাস্থ্য সঞ্চালক অৰুণ চন্দ্ৰ মহন্তইজিলা খনত নতুনকৈ COVID-19 আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ বাবে কেবাটাও নতুন কোভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰা হব বুলি জানিব দিয়ে। বৰ্তমান পৌৰসভাৰ দায়িত্বত থকা কাৰ্যবাহী দণ্ডাধীশ মগেন নৰহে  উল্লেখ কৰা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পৌৰসভাই গ্ৰহণ কৰা শেহতীয়া কাৰ্যসূচীৰ সম্পৰ্কত সকলোকে অৱগত কৰে । নগৰ খনৰ অন্যতম জটিল সমস্যা নিয়মীয়া বিদ্যুৎ যোগান দিয়া ক্ষেত্ৰত উক্ত সংবাদমেলত উপস্থিত বিদ্যুৎ বিভাগৰ পৰিচালকমৃদুল শইকীয়াই শীঘ্ৰেই নগৰখনৰ বিদ্যুৎ আসোঁৱাহ দূৰ কৰিবৰ বাবে তেতেলীতলত নতুনকৈ উচ্চ ক্ষমতা সম্পন্ন ট্ৰান্সফাৰ্মাৰ স্থাপন কৰা হব বুলি জানিব দিয়ে।লগতে নগৰখনৰ উদ্যান, পদপথ আৰু অন্য বাটপথ সমূহতো বেদখল কৰাৰ বাবে তৎকালীন ভাৱে পৌৰসভাই উচ্ছেদ অভিযান চলাব বুলি সাংবাদিকৰ আগত জানিব দিয়ে। উল্লেখযোগ্য যে বিভিন্ন সময়ত উল্লেখ কৰা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পূৰ্বেও প্ৰশাসনৰ এনে সভা আৰু সংবাদমেল অনুষ্ঠিত হোৱা পিছত কিছু দিন সমস্যা সমাধানৰ বাবে উল্লেখ কৰা মতে কাৰ্যসূচী গ্ৰহণ কৰা হয় যদিও পুনৰ পৌৰসভাৰ খোৱা পানী , street light আৰু বাটপথ ও পদপথত অতিক্ৰমন সামান্য কথা হয় পৰে।গোলাঘাটৱাসী সকলৰ এই জটিল সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত প্ৰশাসনৰ এই পদক্ষেপ কিমান ফলপ্ৰসূ  হব সেয়া অনাগত দিনত লক্ষণীয় হব। :: প্ৰকাশ শৰ্মা  গোলাঘাট ৷

NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...