Sunday, 23 August 2020

23 August, 2020ৰাজ্যসমূহক আহ্বান গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰআনলক-৩ৰ সময়ছোৱাত ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ চলাচল-সৰবৰাহ অব্যাহত ৰাখিবলৈ । ৰাজ্য চৰকাৰৰ দ্বাৰা বা জিলা প্ৰশাসন স্থানীয় পৰ্যায়ত বাধ্যবাধকতা আৰোপে ডিএমএ, ২০০৫ৰ নিয়মৰ অধীনত এমএইচএৰ নীতি-নিৰ্দেশনা উলংঘা কৰাটো সূচিত কৰিব। নীতি-নিৰ্দেশনাৰ সময়ছোৱাত বৰ্তমান প্ৰচলিত আনলক-৩ ৰ ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধ্যবাধকতা আৰোপ নকৰিবলৈ ৰাজ্যসমূহক কেন্দ্ৰই কৈছে।যোৱা কালি সকলোবোৰ ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক বাৰ্তাত, গৃহ পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰণালয় (এমএইচএ)এ উল্লেখ কৰে যে বহু জিলা/ৰাজ্যই চলাচল-সৰবৰাহত স্থানীয় পৰ্যায়ৰ বাধ্যবাধকতা আৰোপ কৰি আহিছে বুলি জানিব পৰা গৈছে। এনে বাধ্যবাধকতাই দ্ৰব্য আৰু সেৱাৰ যোগানত প্ৰভাৱ পেলোৱাৰ ওপৰিও দ্ৰব্য আৰু সেৱাৰ আন্তঃৰাজ্যিক সৰবৰাহত সমস্যাৰ সৃষ্টি কৰি আছে আৰু যোগান শৃংখলক প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক ক্ৰিয়া-কলাপ আৰু কৰ্মসংস্থাপনত সংহতি বিনষ্ট হৈছে।এমএইচএয়ে কয় যে জিলা প্ৰশাসন বা ৰাজ্যৰদ্বাৰা স্থানীয় পৰ্যায়ত বলবৎ কৰা এনে বাধ্যবাধকতা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ব্যৱস্থাৰ অধীনত এমএইচএৰদ্বাৰা জাৰি কৰা নীতি-নিৰ্দেশনাক উলংঘা কৰা বুলি বিবেচিত হ’ব।নীতি-নিৰ্দেশনা সন্দৰ্ভত ২৯ জুলাই, ২০২০ তাৰিখে আনলক-৩ ৰ অৰ্থে বিশেষীকৃত এমএইচএৰ নিৰ্দেশনাত গুৰুত্ব আৰোপেৰে, বিবৃতিটোত উল্লেখ যে ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত কোনো বাধ্যবাধকতা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে কোনো পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজন নহ’ব। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে থকা চুক্তিৰ অধীনত ভূমি সীমান্ত অতিক্ৰমি বাণিজ্যৰ অৰ্থেও ব্যক্তি আৰু দ্ৰব্যৰ চলাচল-সৰবৰাহক ই সামৰি ল’ব।

23 August, 2020

ৰাজ্যসমূহক আহ্বান গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ
আনলক-৩ৰ সময়ছোৱাত ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ চলাচল-সৰবৰাহ অব্যাহত ৰাখিবলৈ । 

ৰাজ্য চৰকাৰৰ দ্বাৰা বা জিলা প্ৰশাসন স্থানীয় পৰ্যায়ত বাধ্যবাধকতা আৰোপে ডিএমএ, ২০০৫ৰ নিয়মৰ অধীনত এমএইচএৰ নীতি-নিৰ্দেশনা উলংঘা কৰাটো সূচিত কৰিব। 

নীতি-নিৰ্দেশনাৰ সময়ছোৱাত বৰ্তমান প্ৰচলিত আনলক-৩ ৰ  ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধ্যবাধকতা আৰোপ নকৰিবলৈ ৰাজ্যসমূহক কেন্দ্ৰই কৈছে।

যোৱা কালি  সকলোবোৰ ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক বাৰ্তাত, গৃহ পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰণালয় (এমএইচএ)এ উল্লেখ কৰে যে বহু জিলা/ৰাজ্যই চলাচল-সৰবৰাহত স্থানীয় পৰ্যায়ৰ বাধ্যবাধকতা আৰোপ কৰি আহিছে বুলি জানিব পৰা গৈছে। এনে বাধ্যবাধকতাই দ্ৰব্য আৰু সেৱাৰ যোগানত প্ৰভাৱ পেলোৱাৰ ওপৰিও দ্ৰব্য আৰু সেৱাৰ আন্তঃৰাজ্যিক সৰবৰাহত সমস্যাৰ সৃষ্টি কৰি আছে আৰু যোগান শৃংখলক প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক ক্ৰিয়া-কলাপ আৰু কৰ্মসংস্থাপনত সংহতি বিনষ্ট হৈছে।

এমএইচএয়ে কয় যে জিলা প্ৰশাসন বা ৰাজ্যৰদ্বাৰা স্থানীয় পৰ্যায়ত বলবৎ কৰা এনে বাধ্যবাধকতা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ব্যৱস্থাৰ অধীনত এমএইচএৰদ্বাৰা জাৰি কৰা নীতি-নিৰ্দেশনাক উলংঘা কৰা বুলি বিবেচিত হ’ব।

নীতি-নিৰ্দেশনা সন্দৰ্ভত ২৯ জুলাই, ২০২০ তাৰিখে আনলক-৩ ৰ অৰ্থে বিশেষীকৃত  এমএইচএৰ নিৰ্দেশনাত গুৰুত্ব আৰোপেৰে, বিবৃতিটোত উল্লেখ যে ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত কোনো বাধ্যবাধকতা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে কোনো পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজন নহ’ব। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে থকা চুক্তিৰ অধীনত ভূমি সীমান্ত অতিক্ৰমি বাণিজ্যৰ অৰ্থেও ব্যক্তি আৰু দ্ৰব্যৰ চলাচল-সৰবৰাহক ই সামৰি ল’ব।

23 August, 2020 প্ৰবিএ ভাদ মাহৰ উপলক্ষে মহাপুৰুষীয়া বাণী ৰে তেৰাক স্মৰণ। সকলো দেশ বাসীৰ মঙ্গলাথে। NORTHEAST NEWS INDIA

 23 August, 2020

প্ৰবিএ ভাদ মাহৰ উপলক্ষে মহাপুৰুষীয়া বাণী ৰে তেৰাক স্মৰণ। 

সকলো দেশ বাসীৰ মঙ্গলাথে।

NORTHEAST NEWS INDIA

Saturday, 22 August 2020

22 August, 2020 শতবছৰ গৰকা ককা খেতেকেশ্বৰ বৰুৱাক জন্মদিনৰ সম্বদ্ধনা জননলে ৰবিশৰ্মা সমম্বয় ফ্ৰেণ্ড ক্লাবে ৯৯ বছৰ সম্পূৰ্ণ কৰি শত বছৰত ভৰি দিয়া গোলাঘাট চান্দমাৰি নিবাসী ককা খেতেকেশ্বৰ বৰুৱাক শনিবাৰে তেখেতৰ শত বছৰীয়া জন্মদিনত ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱ, গোলাঘাট'ৰ সভাপতি প্লাৱন বৰদলৈ'ৰ নেতৃত্বত ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱৰ সদস্যসকল তেখেতৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা, চেলেং চাদৰ, সফুৰা, সম্বৰ্ধনা পত্ৰ, জাপি, ধূতি, গেঞ্জিৰে সম্বৰ্ধনা জ্ঞাপন কৰে । আৰু লগতে ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱ, গোলাঘাটৰ সভাপতি, সদস্যসকলে বৰুৱা দেৱৰ সু-স্বাস্থ্যৰ কামনা কৰে । প্ৰকাশ শৰ্মা ৰিপৰ্ট গোলাঘাট ২২আগষ্ট ৷

 22 August, 2020


শতবছৰ গৰকা ককা খেতেকেশ্বৰ বৰুৱাক জন্মদিনৰ সম্বদ্ধনা জননলে ৰবিশৰ্মা সমম্বয় ফ্ৰেণ্ড ক্লাবে



৯৯ বছৰ  সম্পূৰ্ণ  কৰি  শত  বছৰত  ভৰি  দিয়া  গোলাঘাট  চান্দমাৰি  নিবাসী  ককা খেতেকেশ্বৰ  বৰুৱাক শনিবাৰে  তেখেতৰ  শত  বছৰীয়া  জন্মদিনত  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱ, গোলাঘাট'ৰ  সভাপতি  প্লাৱন  বৰদলৈ'ৰ  নেতৃত্বত  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱৰ  সদস্যসকল  তেখেতৰ  বাসগৃহত  উপস্থিত  হৈ  ফুলাম  গামোচা, চেলেং  চাদৰ, সফুৰা, সম্বৰ্ধনা  পত্ৰ, জাপি, ধূতি, গেঞ্জিৰে  সম্বৰ্ধনা  জ্ঞাপন  কৰে । আৰু  লগতে  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱ, গোলাঘাটৰ  সভাপতি, সদস্যসকলে  বৰুৱা  দেৱৰ  সু-স্বাস্থ্যৰ  কামনা  কৰে । প্ৰকাশ শৰ্মা ৰিপৰ্ট গোলাঘাট ২২আগষ্ট ৷

22 August, 2020গণেশ চতুর্থী উপলক্ষে সকলো দেশ বাসিৰ মঙ্গল কামনা। শুভেচ্ছা জ্ঞাপন জনালো। NORTHEAST NEWS INDIA

22 August, 2020

গণেশ চতুর্থী উপলক্ষে সকলো দেশ বাসিৰ মঙ্গল কামনা। শুভেচ্ছা জ্ঞাপন জনালো। 
NORTHEAST NEWS INDIA

Friday, 21 August 2020

21 August, 2020 V/O গোলাঘাটৰ বিধানসভা সমষ্টিৰ অধীনৰ এটা গাও পঞ্চায়ত ৷ পঞ্চায়তটোৰ কায্যালয়ত শুক্ৰবাৰে এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হয় ৷ O/C প্ৰথমে চাওক এখন জাননী ফলক ৷ ইয়াত লিখাহৈছে উৎকোৎ দিয়া আৰু লোৱা সমানেই অপৰাধ ৷ বেঙেনাখোৱা গাও পঞ্চায়ত সভাপতিৰ কক্ষৰ আগত এইষাৰ সতৰ্কবাণী লিখা হৈছে৷ কিন্ত এই কায্যালয়তেই সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ শুক্ৰবাৰে এই পঞ্চায়তত সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে কেইবাগৰাকী জনপ্ৰতিনিধি ৷ কোনোগৰাকীয়ে যদি পথৰ পৰাই বেটাৰী ৰিস্কাত উঠি পলাইছে ; কোনোবাই আকৌ কায্যালয়ৰ ভিতৰৰ পৰাই সুযোগবুজি পলায়ন কৰিছে ৷ আছলতে এই সকল দুনীতি বোকাত লুতুৰী পুতুৰী হোৱা অভিয়ুক্ত জনপ্ৰতিনিধি ৷ এই পঞ্চায়তত সংঘটিত এনৰেগা আঁচনিৰ কেলেংকাৰীৰ অভিয়ুক্ত কৰি সমাজকৰ্মী যুৱকপ্ৰকাশ বৰাই গোলাঘাটৰ আদালতত যোৱা ২৯ জুলাইত ৩৮৬ নম্বৰ ৪০৩/ ৪০৯ ধাৰাৰ এক গোচৰ তৰাৰ পিছত ২৪ গৰাকী ব্যক্তিৰ খাৱন শুৱন নোহোৱা হৈছিল ৷ ইয়াৰে ১৮গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী ;জন প্ৰতিনিধি আৰু ৬গৰাকী এনৰেগা কাৰ্ডধাৰী ৷ কংগ্ৰেছ নেতৃত্বাধীন পঞ্চায়ত খনত সভানেত্ৰী নিৰ্মালী গগৈ আৰু উপসভাপতি আদিত্য বৰাৰ ছত্ৰছায়াত পঞ্চায়তত সংঘটিত হৈছিল ব্যাপক দুনীতি ৷ এই গেংটোত কংগ্ৰেছৰ জন জন প্ৰতিনিধি আৰু বিজেপিৰ দুগৰাকী ৰাইজৰ সেৱক ৰিতুল বৰা আৰু দীপশিখা গগৈ জড়িত আছিল ৷ শাসকীয় ।কংগ্ৰেছ দলৰ কিছূ পদবীধাৰী নেতাৰ সৈতে বিজেপিৰ দুজন ৱাৰ্ড সদস্যৰ ঘনিষ্ঠতা থকাৰ বাবেই দুই বিজেপিৰ সদস্য গ্ৰেপ্তাৰ নোহোৱাত ৰাইজৰ আস্থা হেৰাইছে ৷ গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত গোচৰত দুজন চৰকাৰি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি ২২গৰাকীক মুকলিআকাশৰ তলত নিবিঘ্নে ঘূৰি ফুৰিবলৈ দিয়াত এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে ৷ অভিয়োগকাৰী প্ৰকাশ বৰাই এনেদৰে মন্তব্য কৰাৰ লগতে শুক্ৰবাৰে সাংবাদিকক জানিবলৈ দিয়েযে তদন্তকাৰী বিষয়াক সকলো প্ৰমাণ দিয়াৰ পিছতো আৰক্ষীয়ে নিজেই ন্যায়ধীক্ষৰ ভূমীকা পালন কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে ৷ গোলাঘাট জিলা সত্ৰ ন্যায়াধীষে সভাপতি আৰু খণ্ডউন্নয়ন বিষয়াৰ লগতে আৰু ১০জনৰ জামিন নামাঞ্জুৰ কৰাৰ পিছতো এইসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গোলাঘাট আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ প্ৰতি বেঙেনাখোৱাবাসীৰ সন্দেহ হৈছে ৷ কা আন্দোলনৰ সময়ত গোলাঘাট জিলা সাংবাদিক সন্থাৰ কায্যালয় লণ্ডভণ্ডকৰা আৰু বেঙেনাখোৱা গাও পঞ্চায়তৰ দুনীতিৰ অভিয়ুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গোলাঘাট আৰক্ষীৰ বিফলতা প্ৰকাশ পাইছে বুলি অভিযোগকাৰী প্ৰকাশ বৰাই সংবাদমাধ্যমক জানিবলৈ দিছে ৷ : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ ২১/৮/২০২০

 21 August, 2020


V/O গোলাঘাটৰ বিধানসভা সমষ্টিৰ অধীনৰ এটা গাও পঞ্চায়ত ৷ পঞ্চায়তটোৰ কায্যালয়ত শুক্ৰবাৰে এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হয় ৷ 


O/C 

প্ৰথমে চাওক এখন জাননী ফলক ৷ ইয়াত লিখাহৈছে উৎকোৎ দিয়া আৰু লোৱা সমানেই অপৰাধ ৷ বেঙেনাখোৱা গাও পঞ্চায়ত সভাপতিৰ কক্ষৰ আগত এইষাৰ সতৰ্কবাণী লিখা হৈছে৷ কিন্ত এই কায্যালয়তেই সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ শুক্ৰবাৰে এই পঞ্চায়তত সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে কেইবাগৰাকী জনপ্ৰতিনিধি ৷ কোনোগৰাকীয়ে যদি পথৰ পৰাই বেটাৰী ৰিস্কাত উঠি পলাইছে ; কোনোবাই আকৌ কায্যালয়ৰ ভিতৰৰ পৰাই সুযোগবুজি পলায়ন কৰিছে ৷ আছলতে এই সকল দুনীতি বোকাত লুতুৰী পুতুৰী হোৱা অভিয়ুক্ত জনপ্ৰতিনিধি ৷ এই পঞ্চায়তত সংঘটিত এনৰেগা আঁচনিৰ কেলেংকাৰীৰ অভিয়ুক্ত কৰি সমাজকৰ্মী যুৱকপ্ৰকাশ বৰাই  গোলাঘাটৰ আদালতত যোৱা ২৯ জুলাইত ৩৮৬ নম্বৰ ৪০৩/ ৪০৯ ধাৰাৰ এক গোচৰ তৰাৰ পিছত ২৪ গৰাকী ব্যক্তিৰ খাৱন শুৱন নোহোৱা হৈছিল ৷ ইয়াৰে ১৮গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী ;জন প্ৰতিনিধি আৰু ৬গৰাকী এনৰেগা কাৰ্ডধাৰী ৷ কংগ্ৰেছ নেতৃত্বাধীন পঞ্চায়ত খনত সভানেত্ৰী নিৰ্মালী গগৈ আৰু উপসভাপতি আদিত্য বৰাৰ ছত্ৰছায়াত পঞ্চায়তত সংঘটিত হৈছিল ব্যাপক দুনীতি ৷ এই গেংটোত কংগ্ৰেছৰ জন জন প্ৰতিনিধি আৰু বিজেপিৰ দুগৰাকী

 ৰাইজৰ সেৱক ৰিতুল বৰা আৰু দীপশিখা গগৈ জড়িত আছিল ৷ শাসকীয় ।কংগ্ৰেছ দলৰ কিছূ

 পদবীধাৰী নেতাৰ সৈতে বিজেপিৰ দুজন ৱাৰ্ড সদস্যৰ ঘনিষ্ঠতা থকাৰ বাবেই দুই বিজেপিৰ সদস্য গ্ৰেপ্তাৰ নোহোৱাত ৰাইজৰ আস্থা হেৰাইছে ৷ গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত গোচৰত দুজন চৰকাৰি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি ২২গৰাকীক মুকলিআকাশৰ তলত নিবিঘ্নে  ঘূৰি ফুৰিবলৈ দিয়াত এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে ৷  অভিয়োগকাৰী প্ৰকাশ বৰাই এনেদৰে মন্তব্য কৰাৰ লগতে শুক্ৰবাৰে সাংবাদিকক জানিবলৈ দিয়েযে তদন্তকাৰী বিষয়াক সকলো প্ৰমাণ দিয়াৰ পিছতো আৰক্ষীয়ে নিজেই ন্যায়ধীক্ষৰ ভূমীকা পালন কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে ৷ গোলাঘাট জিলা সত্ৰ ন্যায়াধীষে সভাপতি আৰু খণ্ডউন্নয়ন বিষয়াৰ লগতে আৰু ১০জনৰ জামিন নামাঞ্জুৰ কৰাৰ পিছতো এইসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গোলাঘাট আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ প্ৰতি বেঙেনাখোৱাবাসীৰ সন্দেহ হৈছে ৷ কা আন্দোলনৰ সময়ত গোলাঘাট জিলা সাংবাদিক সন্থাৰ কায্যালয় লণ্ডভণ্ডকৰা  আৰু বেঙেনাখোৱা গাও পঞ্চায়তৰ দুনীতিৰ অভিয়ুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গোলাঘাট আৰক্ষীৰ বিফলতা প্ৰকাশ পাইছে বুলি অভিযোগকাৰী প্ৰকাশ বৰাই সংবাদমাধ্যমক জানিবলৈ দিছে ৷  : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ ২১/৮/২০২০

21 August, 2020#Covid19 #Assam and actions taken as on 20/08/2020.

21 August, 2020

#Covid19 #Assam and actions taken as on 20/08/2020.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...