Sunday, 23 August 2020

23 August, 2020ৰাজ্যসমূহক আহ্বান গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰআনলক-৩ৰ সময়ছোৱাত ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ চলাচল-সৰবৰাহ অব্যাহত ৰাখিবলৈ । ৰাজ্য চৰকাৰৰ দ্বাৰা বা জিলা প্ৰশাসন স্থানীয় পৰ্যায়ত বাধ্যবাধকতা আৰোপে ডিএমএ, ২০০৫ৰ নিয়মৰ অধীনত এমএইচএৰ নীতি-নিৰ্দেশনা উলংঘা কৰাটো সূচিত কৰিব। নীতি-নিৰ্দেশনাৰ সময়ছোৱাত বৰ্তমান প্ৰচলিত আনলক-৩ ৰ ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধ্যবাধকতা আৰোপ নকৰিবলৈ ৰাজ্যসমূহক কেন্দ্ৰই কৈছে।যোৱা কালি সকলোবোৰ ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক বাৰ্তাত, গৃহ পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰণালয় (এমএইচএ)এ উল্লেখ কৰে যে বহু জিলা/ৰাজ্যই চলাচল-সৰবৰাহত স্থানীয় পৰ্যায়ৰ বাধ্যবাধকতা আৰোপ কৰি আহিছে বুলি জানিব পৰা গৈছে। এনে বাধ্যবাধকতাই দ্ৰব্য আৰু সেৱাৰ যোগানত প্ৰভাৱ পেলোৱাৰ ওপৰিও দ্ৰব্য আৰু সেৱাৰ আন্তঃৰাজ্যিক সৰবৰাহত সমস্যাৰ সৃষ্টি কৰি আছে আৰু যোগান শৃংখলক প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক ক্ৰিয়া-কলাপ আৰু কৰ্মসংস্থাপনত সংহতি বিনষ্ট হৈছে।এমএইচএয়ে কয় যে জিলা প্ৰশাসন বা ৰাজ্যৰদ্বাৰা স্থানীয় পৰ্যায়ত বলবৎ কৰা এনে বাধ্যবাধকতা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ব্যৱস্থাৰ অধীনত এমএইচএৰদ্বাৰা জাৰি কৰা নীতি-নিৰ্দেশনাক উলংঘা কৰা বুলি বিবেচিত হ’ব।নীতি-নিৰ্দেশনা সন্দৰ্ভত ২৯ জুলাই, ২০২০ তাৰিখে আনলক-৩ ৰ অৰ্থে বিশেষীকৃত এমএইচএৰ নিৰ্দেশনাত গুৰুত্ব আৰোপেৰে, বিবৃতিটোত উল্লেখ যে ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত কোনো বাধ্যবাধকতা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে কোনো পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজন নহ’ব। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে থকা চুক্তিৰ অধীনত ভূমি সীমান্ত অতিক্ৰমি বাণিজ্যৰ অৰ্থেও ব্যক্তি আৰু দ্ৰব্যৰ চলাচল-সৰবৰাহক ই সামৰি ল’ব।

23 August, 2020

ৰাজ্যসমূহক আহ্বান গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ
আনলক-৩ৰ সময়ছোৱাত ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ চলাচল-সৰবৰাহ অব্যাহত ৰাখিবলৈ । 

ৰাজ্য চৰকাৰৰ দ্বাৰা বা জিলা প্ৰশাসন স্থানীয় পৰ্যায়ত বাধ্যবাধকতা আৰোপে ডিএমএ, ২০০৫ৰ নিয়মৰ অধীনত এমএইচএৰ নীতি-নিৰ্দেশনা উলংঘা কৰাটো সূচিত কৰিব। 

নীতি-নিৰ্দেশনাৰ সময়ছোৱাত বৰ্তমান প্ৰচলিত আনলক-৩ ৰ  ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধ্যবাধকতা আৰোপ নকৰিবলৈ ৰাজ্যসমূহক কেন্দ্ৰই কৈছে।

যোৱা কালি  সকলোবোৰ ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক বাৰ্তাত, গৃহ পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰণালয় (এমএইচএ)এ উল্লেখ কৰে যে বহু জিলা/ৰাজ্যই চলাচল-সৰবৰাহত স্থানীয় পৰ্যায়ৰ বাধ্যবাধকতা আৰোপ কৰি আহিছে বুলি জানিব পৰা গৈছে। এনে বাধ্যবাধকতাই দ্ৰব্য আৰু সেৱাৰ যোগানত প্ৰভাৱ পেলোৱাৰ ওপৰিও দ্ৰব্য আৰু সেৱাৰ আন্তঃৰাজ্যিক সৰবৰাহত সমস্যাৰ সৃষ্টি কৰি আছে আৰু যোগান শৃংখলক প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক ক্ৰিয়া-কলাপ আৰু কৰ্মসংস্থাপনত সংহতি বিনষ্ট হৈছে।

এমএইচএয়ে কয় যে জিলা প্ৰশাসন বা ৰাজ্যৰদ্বাৰা স্থানীয় পৰ্যায়ত বলবৎ কৰা এনে বাধ্যবাধকতা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ব্যৱস্থাৰ অধীনত এমএইচএৰদ্বাৰা জাৰি কৰা নীতি-নিৰ্দেশনাক উলংঘা কৰা বুলি বিবেচিত হ’ব।

নীতি-নিৰ্দেশনা সন্দৰ্ভত ২৯ জুলাই, ২০২০ তাৰিখে আনলক-৩ ৰ অৰ্থে বিশেষীকৃত  এমএইচএৰ নিৰ্দেশনাত গুৰুত্ব আৰোপেৰে, বিবৃতিটোত উল্লেখ যে ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত কোনো বাধ্যবাধকতা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে কোনো পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজন নহ’ব। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে থকা চুক্তিৰ অধীনত ভূমি সীমান্ত অতিক্ৰমি বাণিজ্যৰ অৰ্থেও ব্যক্তি আৰু দ্ৰব্যৰ চলাচল-সৰবৰাহক ই সামৰি ল’ব।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...