Sunday, 16 August 2020

16 August, 2020 গোলাঘাটৰ এখন গাঁও গাওখনৰ ৯৯% লোকেই কৃষিজীৱী ৷ মূলত: শষ্যৰ ভড়াল বুলিব পাৰি এই কুৱৰী পথাৰৰ গুৱালটুপ গাঁওখনক৷ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰএক প্ৰতিবেদন ৷ গোলাঘাত নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত গুৱালটুপ গাওঁখনৰ সকলো লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল ৷ নিজা মাটি নোহোৱা পৰিয়ালেও আনৰ মাটিত বতৰৰ বাৰমাহেই ফচল উৎপাদন কৰে ৷ গজেন্দ্ৰ ছেত্ৰী ; ইন্দ্ৰ ; সূৰ্য ; কাছিৰাম ; বেগলাল ; কালে মাইলা হতে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে ধান মাহ সৰিয়হ আদিৰ লগতে বিভিন্ন শাক পাচলি ৷ ইয়াৰে চন্তে বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৱে ১ বিঘা মাটিত বাৰমহীয়া কাজিনেমুৰ খেটি কৰিছিল ৷ পত্নী বিমলা চেত্ৰী আৰু পুত্ৰ ৰাজচেত্ৰী সহযোগত কৰা খেটিত ডালত উলমি উলমি লাগিল ৰষাল কাজিনেমু এই বাৰিখন একপ্ৰকাৰ নেমুটেঙাৰ হাবিত পৰিণত হ’ল ৷ পলসুৱা সাৰুৱা মাটিৰ বাবেই এজোপা গছতেই ৪ ৰ পৰা পাছ শ টাকৈ নেমু লাগিলে৷ নেমুগছৰ ডালে গোটেই মাটিডৰা চানিধৰাত ভিতৰলৈ যোৱলৈ উপাই নোহোৱাত লাগিথকা নমুৰ ডাল কাটি ৰাষ্টা উলিয়াই নেমু চিঙিবলগা হৈছে ৷ এইবছৰ মাত্ৰ কেইমাহ মানৰ ভিতৰতে চন্তে বাহাদুৰে কেৱল কাজিনেমু বিক্ৰী কৰিয়েই তিনিলাখৰো অধিক টকা উৰ্পাজন কৰিলে ৷ তেও ৰূপণ কৰা ১০জোপা গুলনেমুৰ ভিতৰত তিনিজোপাত ডালভৰি লাগিছে ৷ এই বৰষতেই তিনিজুপা নেমুৰ আধাচিঙি বিক্ৰীকৰি চাৰি হেজাৰৰো অধিক টকা লাভকৰে ৷ এওঁৰ বাৰিখনত বতৰৰ সকলো শষ্যৰে খেটি কৰে ৷ কৃষিবিভাগৰ KCC লোন লৈ খেটিৰ পৰিষৰ বৃদ্ধি কৰি ধান ৰঙালাউ জাতিলাও ভেন্দী কল কুঁহিয়াৰ আদি উৎপাদিত ফচল গোলাঘাট চহৰ আৰু জামুগুৰি সাপ্তাহিক বজাৰত বিক্ৰী কৰে ৷ কেৱল সেয়াই নহয় তেও মৌ পালন কৰাৰ লগতে গৰু ছাগলি মুৰ্গী হাহ পাৰ ও পালন কৰাৰ লগতে ঘৰৰ সন্মুখত এটা ফিচাৰিতও মীন পালন কৰিছে৷ ::: লক্ষ্মীনাথ বেজবৰুৱাই লিখা " শুৱনী আমাৰ গাওঁখন অতি " সেই পদ্যটোৰ প্ৰতিফলন দেখাগল এই সষ্যৰে উপচি পৰা গুৱালটুপ গাওখন ৷ ইয়াৰে আদৰ্শ কৃষক চন্তে বাহাদুৰেও নিজৰ পুত্ৰক শিক্ষিত কৰি চৰকাৰি চাকৰিৰ পিছত দৌৰি অবাবত সময় নষ্ট নকৰি কৃষিৰ দ্বাৰাই স্বাৱলম্বীকৰি তুলিলে ৷ :::: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ১৬আগষ্ট ২০২০

 16 August, 2020


গোলাঘাটৰ এখন গাঁও গাওখনৰ ৯৯% লোকেই কৃষিজীৱী ৷ মূলত: শষ্যৰ ভড়াল বুলিব পাৰি এই কুৱৰী পথাৰৰ গুৱালটুপ গাঁওখনক৷ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰএক প্ৰতিবেদন ৷


গোলাঘাত নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত গুৱালটুপ গাওঁখনৰ সকলো লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল ৷ 

 নিজা মাটি নোহোৱা পৰিয়ালেও আনৰ মাটিত বতৰৰ বাৰমাহেই ফচল উৎপাদন কৰে ৷ গজেন্দ্ৰ ছেত্ৰী ; ইন্দ্ৰ ; সূৰ্য ; কাছিৰাম ; বেগলাল  ; কালে মাইলা হতে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে ধান মাহ সৰিয়হ আদিৰ লগতে বিভিন্ন শাক পাচলি ৷ ইয়াৰে চন্তে বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৱে ১ বিঘা মাটিত বাৰমহীয়া কাজিনেমুৰ  খেটি কৰিছিল ৷  পত্নী বিমলা চেত্ৰী আৰু পুত্ৰ ৰাজচেত্ৰী সহযোগত কৰা খেটিত ডালত উলমি উলমি লাগিল ৰষাল কাজিনেমু এই বাৰিখন একপ্ৰকাৰ নেমুটেঙাৰ হাবিত পৰিণত হ’ল ৷ পলসুৱা সাৰুৱা মাটিৰ বাবেই এজোপা গছতেই ৪ ৰ পৰা পাছ শ টাকৈ নেমু লাগিলে৷ নেমুগছৰ ডালে গোটেই মাটিডৰা চানিধৰাত ভিতৰলৈ যোৱলৈ উপাই নোহোৱাত লাগিথকা নমুৰ ডাল কাটি ৰাষ্টা উলিয়াই নেমু চিঙিবলগা হৈছে ৷ এইবছৰ মাত্ৰ কেইমাহ মানৰ ভিতৰতে চন্তে বাহাদুৰে কেৱল কাজিনেমু বিক্ৰী কৰিয়েই তিনিলাখৰো অধিক টকা উৰ্পাজন কৰিলে ৷ তেও ৰূপণ কৰা ১০জোপা গুলনেমুৰ ভিতৰত তিনিজোপাত ডালভৰি লাগিছে  ৷ এই বৰষতেই তিনিজুপা নেমুৰ আধাচিঙি বিক্ৰীকৰি চাৰি হেজাৰৰো অধিক টকা লাভকৰে ৷ এওঁৰ বাৰিখনত বতৰৰ সকলো শষ্যৰে খেটি কৰে ৷ কৃষিবিভাগৰ KCC লোন লৈ খেটিৰ পৰিষৰ বৃদ্ধি কৰি ধান  ৰঙালাউ জাতিলাও ভেন্দী কল কুঁহিয়াৰ আদি  উৎপাদিত ফচল গোলাঘাট চহৰ আৰু জামুগুৰি সাপ্তাহিক বজাৰত বিক্ৰী কৰে ৷ কেৱল সেয়াই নহয় তেও মৌ পালন কৰাৰ লগতে গৰু ছাগলি মুৰ্গী হাহ পাৰ ও পালন কৰাৰ লগতে ঘৰৰ সন্মুখত এটা ফিচাৰিতও মীন পালন কৰিছে৷  ::: লক্ষ্মীনাথ বেজবৰুৱাই লিখা " শুৱনী আমাৰ গাওঁখন অতি " সেই পদ্যটোৰ প্ৰতিফলন দেখাগল এই সষ্যৰে উপচি পৰা গুৱালটুপ গাওখন ৷ ইয়াৰে আদৰ্শ কৃষক চন্তে বাহাদুৰেও নিজৰ পুত্ৰক শিক্ষিত কৰি চৰকাৰি চাকৰিৰ পিছত দৌৰি অবাবত সময় নষ্ট নকৰি কৃষিৰ দ্বাৰাই স্বাৱলম্বীকৰি তুলিলে ৷ ::::  প্ৰকাশ শৰ্মা গোলাঘাট ৷ ১৬আগষ্ট ২০২০

16 August, 2020দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,অটল বিহাৰী বাজপেয়ীদেৱ মহান জননেতা, সুদক্ষ তথা আদৰ্শবাদী ৰাজনীতিজ্ঞ আৰু সুকবি 'ভাৰত ৰত্ন' অটল বিহাৰী বাজপেয়ীদেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।NORTHEAST NEWS INDIA

16 August, 2020

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,অটল বিহাৰী বাজপেয়ীদেৱ মহান জননেতা, সুদক্ষ তথা আদৰ্শবাদী ৰাজনীতিজ্ঞ আৰু সুকবি 'ভাৰত ৰত্ন' অটল বিহাৰী বাজপেয়ীদেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
NORTHEAST NEWS INDIA

16 August, 2020 #Covid19 #Assam and actions taken as on 15/08/2020.

16 August, 2020

 #Covid19 #Assam and actions taken as on 15/08/2020.

Friday, 14 August 2020

গোলাঘাটত লকডাউন উন্মোচন । গোলাঘাট : ১৪আগষ্ট ২০২০ লকডাউনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পটভূমিত বিশিষ্ট লেখক,গল্পকাৰ অধ্যাপক ৰিংকুমণি গগৈৰ নৱতম উপন্যাস লকডাউনৰ বৃহস্পতিবাৰে শুভ উন্মোচন । গোলাঘাট প্ৰেছ ক্লাবত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক,কবি,গল্পকাৰ ডাঃকুমুদ কুমাৰ দত্তই উপন্যাস লকডাউন শুভ উন্মোচন কৰে । অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ,চিন্তাশীল লেখক হেম ফুকন মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি উপন্যাস খনৰ সন্দৰ্ভত আলোকপাত কৰি ঔপন্যাসিক ৰিংকুমণি গগৈৰ আন্তৰিক প্ৰয়াসৰ ভুয়সী প্ৰশংসা কৰে । গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সমম্পাদক,সাংবাদিক কৌস্তুভমণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত অনুষ্ঠানত প্ৰবীন সাংবাদিক ,গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা,গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি,প্ৰবীন সাংবাদিক দিগন্ত কুমাৰ ভূঞাই বিশিষ্ট আতিথিৰূপে অংশগ্ৰহণ কৰে । গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত অভিজিত বৰাৰ সুন্দৰ বেটুপাত অংকণেৰে প্ৰকাশ কৰি উলিওৱা লকডাউনৰ বাস্তৱ প্ৰতিচ্ছবি আৰু কা আন্দোলনৰ পটভূমিও কাহিনীৰ আউতালৈ অনা হৈছে । উল্লেখ্য যে, ছাত্ৰ আৱস্থাৰ পৰাই সাহিত্য চৰ্চাৰ নীৰৱ সাধনাৰে ৰিংকুমণি গগৈয়ে গল্প,প্ৰৱন্ধ,কবিতা ,উপন্যাসৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অৱদান আগবঢ়াইছে ।অধ্যাপিকা ৰিংকুমণি গগৈৰ অসমীয়া ভাষা,সাহিত্য,সংস্কৃতি বিষয়ক কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰ প্ৰকাশিত হৈছে । লকডাউন উপন্যাস আন্তঃৰাষ্ট্ৰীয় আনলাইন মাৰ্কেটিং চাইট আমাজনত উপলব্ধ আৰু কেইবাখনো গ্ৰন্থ উক্ত চাইটযোগে বিপণন হৈছে । লকডাউন উপন্যাসখন পাঠকসমাজে আদৰি ল'ব বুলি ৰিংকুমণি গগৈ আশাবাদী । প্ৰকাশ শৰ্মা গোলাঘাট ৷

 গোলাঘাটত লকডাউন উন্মোচন ।


 গোলাঘাট : ১৪আগষ্ট ২০২০

লকডাউনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পটভূমিত বিশিষ্ট লেখক,গল্পকাৰ অধ্যাপক ৰিংকুমণি গগৈৰ নৱতম উপন্যাস লকডাউনৰ বৃহস্পতিবাৰে শুভ উন্মোচন । গোলাঘাট প্ৰেছ ক্লাবত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক,কবি,গল্পকাৰ  ডাঃকুমুদ কুমাৰ দত্তই উপন্যাস  লকডাউন শুভ উন্মোচন কৰে । অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ,চিন্তাশীল লেখক হেম ফুকন মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি উপন্যাস খনৰ সন্দৰ্ভত আলোকপাত কৰি ঔপন্যাসিক ৰিংকুমণি গগৈৰ আন্তৰিক প্ৰয়াসৰ ভুয়সী প্ৰশংসা কৰে । গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সমম্পাদক,সাংবাদিক কৌস্তুভমণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত অনুষ্ঠানত প্ৰবীন সাংবাদিক ,গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা,গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি,প্ৰবীন সাংবাদিক দিগন্ত কুমাৰ ভূঞাই বিশিষ্ট আতিথিৰূপে অংশগ্ৰহণ কৰে । গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত অভিজিত বৰাৰ সুন্দৰ বেটুপাত অংকণেৰে প্ৰকাশ কৰি উলিওৱা লকডাউনৰ বাস্তৱ প্ৰতিচ্ছবি আৰু কা আন্দোলনৰ পটভূমিও কাহিনীৰ আউতালৈ অনা হৈছে । উল্লেখ্য যে, ছাত্ৰ আৱস্থাৰ পৰাই সাহিত্য চৰ্চাৰ নীৰৱ সাধনাৰে ৰিংকুমণি গগৈয়ে গল্প,প্ৰৱন্ধ,কবিতা ,উপন্যাসৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অৱদান আগবঢ়াইছে ।অধ্যাপিকা ৰিংকুমণি গগৈৰ অসমীয়া ভাষা,সাহিত্য,সংস্কৃতি বিষয়ক কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰ প্ৰকাশিত হৈছে । লকডাউন উপন্যাস আন্তঃৰাষ্ট্ৰীয় আনলাইন মাৰ্কেটিং চাইট আমাজনত উপলব্ধ আৰু কেইবাখনো গ্ৰন্থ উক্ত চাইটযোগে বিপণন হৈছে । লকডাউন উপন্যাসখন পাঠকসমাজে আদৰি ল'ব বুলি ৰিংকুমণি গগৈ আশাবাদী ।

প্ৰকাশ শৰ্মা গোলাঘাট ৷

14 August, 2020অসমৰ চাহ জনগোষ্ঠীৰ আৰ্থসামাজিক উন্নয়নৰ বাবে সৰ্বস্তৰৰ শিক্ষা, স্বনিয়োজিত যুৱক-যুৱতীসকলৰ আৰ্থিক উপাৰ্জন বৃদ্ধিৰে আত্মসংস্থাপন তথা মহিলাসকলৰ মাজত আত্মসহায়ক গোটৰ জৰিয়তে সজাগতা বৃদ্ধি আৰু বিত্তীয় অনুদান প্ৰদান কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে কেইবাখনো আঁচনি সুচাৰুৰূপে ৰূপায়ণৰ বাবে আবেদন পত্ৰ বিচাৰিছে। আবেদন পত্ৰ সমূহ অনলাইনযোগে www.ttwd.assam.gov.in নতুবা https://sirish.ttwonlineapplication.in ত দাখিল কৰিব লাগিব। আঁচনিসমূহৰ প্ৰ-পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ছেপ্টেম্বৰ, ২০২০।

14 August, 2020

অসমৰ চাহ জনগোষ্ঠীৰ আৰ্থসামাজিক উন্নয়নৰ বাবে সৰ্বস্তৰৰ শিক্ষা, স্বনিয়োজিত যুৱক-যুৱতীসকলৰ আৰ্থিক উপাৰ্জন বৃদ্ধিৰে আত্মসংস্থাপন তথা মহিলাসকলৰ মাজত আত্মসহায়ক গোটৰ জৰিয়তে সজাগতা বৃদ্ধি আৰু বিত্তীয় অনুদান প্ৰদান কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে  কেইবাখনো আঁচনি সুচাৰুৰূপে ৰূপায়ণৰ বাবে আবেদন পত্ৰ বিচাৰিছে। আবেদন পত্ৰ সমূহ অনলাইনযোগে www.ttwd.assam.gov.in নতুবা https://sirish.ttwonlineapplication.in ত দাখিল কৰিব লাগিব। আঁচনিসমূহৰ প্ৰ-পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ছেপ্টেম্বৰ, ২০২০।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...