Wednesday, 12 August 2020
12 August, 2020Breaking NewsOrunodoi Schemeএখনি নতুন অসম গঢ়াৰ লক্ষ্যৰে অসমৰ সামাজিক-অৰ্থনৈতিক উন্নয়নেৰে পৰিপূৰ্ণ ভেঁটি গঠণ দিয়াৰ উদ্দেশ্যেই। চৰকাৰে অভিলাষী "অৰুণোদয়" আঁচনিৰ অধীনত ৰাজ্যখনৰ ১৭ লাখ পৰিয়াললৈ প্ৰতিমাহে ৮৩০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷ এই আঁচনিখনৰ বাবে হিতাধিকাৰী বাচনিৰ প্ৰক্ৰিয়া অহা ১৭ আগষ্টৰ পৰা আৰম্ভ হ'ব ৷ আগন্তুক অক্টোবৰ মাহৰ পৰা শুভাৰম্ভ হ'বলগীয়া আঁচনিখনৰ জৰিয়তে হিতাধিকাৰীসকলে প্ৰতি মাহৰ প্ৰথম দিনটোতেই ধন লাভ কৰিব ৷ৰাজ্যখনত বাস কৰা অভাৱগ্ৰস্ত পৰিয়ালসমূহক এক 'বুজন পৰিমাণৰ আয়ৰ দ্বাৰা সহায়'ৰ দ্বাৰা আৰ্থিক সমস্যাসমূহ সমাধান কৰাৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ পৰিয়ালসমূহত মহিলাসকলেই যিহেতু প্ৰাথমিকভাৱে তত্ত্বাবধান লয়, সেয়ে এই আঁচনিখনত পৰিয়াল এটাৰ মহিলা এগৰাকীকে হিতাধিকাৰী হিচাপে ৰখা হৈছে ৷প্ৰতি মাহত ৮৩০টকা হিচাপত অভাৱগ্ৰস্ত পৰিয়ালসমূহে বছৰি ১০ হাজাৰকৈ টকা বাৰ্ষিকভাৱে লাভ কৰিবলৈ সক্ষম হ'ব ৷ এই ধনেৰে তেওঁলোকে ঔষধ তথা পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰিব পাৰিব ৷হিতাধিকাৰী পৰিয়ালে মনোনীত কৰা মহিলাগৰাকীৰ বেংক একাউন্টলৈ এই ধন পোনপতীয়াকৈ হস্তান্তৰ কৰিব ৷অসমৰ স্থায়ী বাসিন্দা আৰু ৰাজ্যখনত বৰ্তমানে বাস কৰি থকা আৱেদনকাৰীকহে আঁচনিখনৰ হিতাধিকাৰী হিচাপে বাচনি কৰা হ'ব ৷ ইয়াৰ উপৰি পৰিয়ালটোৰ মুঠ বাৰ্ষিক আয় বছৰি ২লাখ টকাতকৈ কম হ'ব লাগিব ৷এই আঁচনিখনৰ অধীনত নিম্নোক্ত পৰিয়ালসমূহক প্ৰাথমিকতা প্ৰদান কৰিব :-# স্বামীহীনা / বিবাহ বিচ্ছেদিত / অবিবাহিত মহিলা / পৰিয়ালৰ পৰা পৃথকে থকা মহিলা ৷# মনোনীত হোৱা পৰিয়ালৰ মুখ্য মহিলাগৰাকী যদি বিশেষভাৱে সক্ষম ৷# যদি পৰিয়ালটোত বিশেষভাৱে সক্ষম সদস্য আছে ৷সকলো অভাৱগ্ৰস্ত পৰিয়ালক এই সুবিধা প্ৰদান কৰিব৷
12 August, 2020আজি বিশ্ব হস্তী দিৱস । হাতী হৈছে জ্ঞান, বুদ্ধি, নিষ্ঠা, সততা, বিশ্বাসযোগ্যতা, দৃঢ় সংকল্পৰ জীৱ৷ অসমৰ সংস্কৃতি, জনজীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িতএই ক্ষণত আমি সকলোৱে হাতী-মানুহৰ সংঘাত দূৰ কৰি হস্তীকুলৰ সুৰক্ষা, সংবৰ্ধনৰ পণ লওঁ আহক৷ নিৰীহ হস্তীকুলক আমি সুৰক্ষা দিব পাৰিলেহে নিজকে জীৱশ্ৰেষ্ঠ বুলি পৰিচয় আমাৰ থাকিব৷ হস্তীকুলক সুৰক্ষা দিয়াটো আমাৰ সকলোৰে কৰ্তব্য৷NORTHEAST NEWS INDIA
Tuesday, 11 August 2020
11 August, 2020 যোৱা কালি অসম চাহ জনজাতি ছাএ সন্থা (আটছা) গোলাঘাট জিলা সমিতিৰ উদ্যোগত, ধনশিৰি মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত অসম - নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান আৰু সীমান্তৱতী অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পতিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচীৰ ৰূপায়ন কৰে। কাৰ্য্যসূচীত উপস্থিত থাকে আটছাৰ কেন্দ্রীয় সভাপতি শ্ৰীযুত ধীৰাজ গোৱালা, সহ সাধাৰণ সম্পাদক জগদীশ বৰাইক, সাংগঠনিক সম্পাদক অনিত গড়, সাংস্কৃতিক সম্পাদক মহেশ্বৰ গোৱালা, কাৰ্যনিৰ্বাহক সদস্য উমাশংকৰ কু্ৰ্মি, প্ৰবিন তাতীঁ, জিলা সভাপতি ৰাবুল তুৰি, সম্পাদক কুমুদ কালিন্দিকে ধৰি বহু সংখ্যক আটছাৰ কৰ্মি। আচিক তাৰ্তী ৰিপত গোলাঘাট।
11 August, 2020
যোৱা কালি অসম চাহ জনজাতি ছাএ সন্থা (আটছা) গোলাঘাট জিলা সমিতিৰ উদ্যোগত, ধনশিৰি মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত অসম - নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান আৰু সীমান্তৱতী অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পতিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচীৰ ৰূপায়ন কৰে। কাৰ্য্যসূচীত উপস্থিত থাকে আটছাৰ কেন্দ্রীয় সভাপতি শ্ৰীযুত ধীৰাজ গোৱালা, সহ সাধাৰণ সম্পাদক জগদীশ বৰাইক, সাংগঠনিক সম্পাদক অনিত গড়, সাংস্কৃতিক সম্পাদক মহেশ্বৰ গোৱালা, কাৰ্যনিৰ্বাহক সদস্য উমাশংকৰ কু্ৰ্মি, প্ৰবিন তাতীঁ, জিলা সভাপতি ৰাবুল তুৰি, সম্পাদক কুমুদ কালিন্দিকে ধৰি বহু সংখ্যক আটছাৰ কৰ্মি।
আচিক তাৰ্তী ৰিপত গোলাঘাট।
Monday, 10 August 2020
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...