12 August, 2020
Breaking News
Orunodoi Scheme
এখনি নতুন অসম গঢ়াৰ লক্ষ্যৰে অসমৰ সামাজিক-অৰ্থনৈতিক উন্নয়নেৰে পৰিপূৰ্ণ ভেঁটি গঠণ দিয়াৰ উদ্দেশ্যেই।
চৰকাৰে অভিলাষী "অৰুণোদয়" আঁচনিৰ অধীনত ৰাজ্যখনৰ ১৭ লাখ পৰিয়াললৈ প্ৰতিমাহে ৮৩০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷ এই আঁচনিখনৰ বাবে হিতাধিকাৰী বাচনিৰ প্ৰক্ৰিয়া অহা ১৭ আগষ্টৰ পৰা আৰম্ভ হ'ব ৷ আগন্তুক অক্টোবৰ মাহৰ পৰা শুভাৰম্ভ হ'বলগীয়া আঁচনিখনৰ জৰিয়তে হিতাধিকাৰীসকলে প্ৰতি মাহৰ প্ৰথম দিনটোতেই ধন লাভ কৰিব ৷
ৰাজ্যখনত বাস কৰা অভাৱগ্ৰস্ত পৰিয়ালসমূহক এক 'বুজন পৰিমাণৰ আয়ৰ দ্বাৰা সহায়'ৰ দ্বাৰা আৰ্থিক সমস্যাসমূহ সমাধান কৰাৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ পৰিয়ালসমূহত মহিলাসকলেই যিহেতু প্ৰাথমিকভাৱে তত্ত্বাবধান লয়, সেয়ে এই আঁচনিখনত পৰিয়াল এটাৰ মহিলা এগৰাকীকে হিতাধিকাৰী হিচাপে ৰখা হৈছে ৷
প্ৰতি মাহত ৮৩০টকা হিচাপত অভাৱগ্ৰস্ত পৰিয়ালসমূহে বছৰি ১০ হাজাৰকৈ টকা বাৰ্ষিকভাৱে লাভ কৰিবলৈ সক্ষম হ'ব ৷ এই ধনেৰে তেওঁলোকে ঔষধ তথা পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰিব পাৰিব ৷
হিতাধিকাৰী পৰিয়ালে মনোনীত কৰা মহিলাগৰাকীৰ বেংক একাউন্টলৈ এই ধন পোনপতীয়াকৈ হস্তান্তৰ কৰিব ৷
অসমৰ স্থায়ী বাসিন্দা আৰু ৰাজ্যখনত বৰ্তমানে বাস কৰি থকা আৱেদনকাৰীকহে আঁচনিখনৰ হিতাধিকাৰী হিচাপে বাচনি কৰা হ'ব ৷ ইয়াৰ উপৰি পৰিয়ালটোৰ মুঠ বাৰ্ষিক আয় বছৰি ২লাখ টকাতকৈ কম হ'ব লাগিব ৷
এই আঁচনিখনৰ অধীনত নিম্নোক্ত পৰিয়ালসমূহক প্ৰাথমিকতা প্ৰদান কৰিব :-
# স্বামীহীনা / বিবাহ বিচ্ছেদিত / অবিবাহিত মহিলা / পৰিয়ালৰ পৰা পৃথকে থকা মহিলা ৷
# মনোনীত হোৱা পৰিয়ালৰ মুখ্য মহিলাগৰাকী যদি বিশেষভাৱে সক্ষম ৷
# যদি পৰিয়ালটোত বিশেষভাৱে সক্ষম সদস্য আছে ৷
সকলো অভাৱগ্ৰস্ত পৰিয়ালক এই সুবিধা প্ৰদান কৰিব৷
No comments:
Post a Comment
Welcome Northeast News India