Monday, 13 July 2020

13 July, 2020 ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বৈঠকত মিলিত হয় আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ সৈতে , ডিব্রুগড় আৰু তিনিচুকীয়া জিলাত জলসম্পদ বিভাগে হাতত লোৱা বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে জিলা দুখনৰ ক'ভিড-১৯ পৰিস্থিতিৰো বুজ লয়। ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাৰ বিশ্লেষণাত্মক অধ্যয়ন কৰি এই সমস্যাৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ এক গৱেষণা আৰু উন্নয়ন কোষ গঠন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা পাৰ্কুপাইন প্ৰযুক্তিত কিছু নতুনত্ব অনাৰ বাবে এই প্ৰযুক্তিৰ পুনৰীক্ষণৰ উদ্দেশ্যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ সহায় ল'বলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক আহ্বান জনায়।






13 July, 2020 বোকাখাত মহকুমা প্ৰশাসনৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত লঘু বাহনৰ চলাচল বন্ধৰ নিৰ্দেশ। বছৰৰ দ্বিতীয়টো বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটি কেইবাটাও ঠাইত জলমগ্ন হোৱাৰ বাবে যান-বাহনৰ চলাচলত তীব্ৰ অসুবিধাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত বোকাখাত মহকুমা প্ৰশাসনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সৰু যান বাহনৰ চলাচল বন্ধৰ নিৰ্দেশ দিছে।







13 July, 2020 ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত মাননীয় মুখ্যমন্ত্রী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, বিধায়ক শ্ৰী ঋতুপৰ্ণ বৰুৱা আৰু বিষয়াবৰ্গৰ সৈতে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অংশসমূহ পৰিদর্শন কৰি অঞ্চলটোৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। ক্ষিপ্ৰতাৰে যাৱতীয় মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে সকলো প্ৰচেষ্টাই গ্ৰহণ কৰিছে। এই ৰহমৰীয়া অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সৰ্বমুঠ ২৫ কোটি টকাৰ তিনিখন নতুন আঁচনি ৰূপায়ণ কৰা হ'ব বুলি মত প্ৰকাশ কৰে। লগতে, বান আৰু গৰাখহনীয়াত ভূমিহীন আৰু গৃহহীন হোৱা লোকসকলৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰপৰা অচিৰেই এক পুনৰ সংস্থাপন নীতি গ্ৰহণ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্রীয়ে মত প্ৰকাশ কৰে।









13 July, 2020 #Covid19 #Assam and actions taken as on 12/07/2020 (10:30 pm).





Sunday, 12 July 2020

12 July, 2020 ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিশদভাৱে পৰ্যালোচনা কৰে।মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত জলসম্পদ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে।সাহায্য আৰু উদ্ধাৰ অভিযানকে ধৰি বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ জিলাসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ লগতে স্থানীয় সাংসদ আৰু বিধায়কসকলক তেখেতে নিৰ্দেশ প্ৰদান কৰে। তদুপৰি, বানাক্ৰান্তসকলৰ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত এন ডি আৰ এফ, এছ ডি আৰ এফক নিয়োগ কৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। লগতে, বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা ল'বলৈ জলসম্পদ বিভাগক তেখেতে নিৰ্দেশ প্ৰদান কৰে।




12 July, 2020 ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জিলাসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলক বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলক সাহায্য আৰু উদ্ধাৰ অভিযানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফক নিয়োজিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক বানত ক্ষতিগ্ৰস্ত মথাউৰিসমূহ তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে।






নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।