Saturday, 11 July 2020
11 July, 2020 ক্ষমতা' শীৰ্ষক এখনি আঁচনি ৰূপায়ণ কৰিবলৈ লৈছে। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ পৃষ্ঠপোষকতাত অসমৰ কৃষি উদ্যোগী সকলক আগুৱাই নিয়াৰ উদ্দেশ্যে। যিসকল কৃষি উদ্যোগী/ কৃষি উদ্যোগে কাৰিকৰীভাৱে সংগঠিত ৰূপত তেওঁলোকৰ সংলগ্ন খণ্ডৰ বাণিজ্যিক পৰিসৰ বৃদ্ধিৰ বাবে ইচ্ছুক, সেইসকলক পঞ্জীয়নৰ বাবে আহ্বান জনাইছে। প্ৰথম পৰ্যায়ত কামৰূপ, কাছাৰ , শোণিতপুৰ, গোৱালপাৰা, গোলাঘাট আৰু যোৰহাটৰ কৃষি উদ্যোগী সকলৰ নাম পঞ্জীয়নৰ বাবে প্ৰ-পত্ৰ বিচাৰিছে। প্ৰ-পত্ৰ অনলাইনৰ মাধ্যমেৰে http://www.arias.in/kshyamata.php ৰ পৰা সংগ্ৰহ কৰিব পাৰে। অথবা অফলাইনৰ মাধ্যমেৰে তলত উল্লেখিত ঠিকনালৈও প্ৰ-পত্ৰ পঞ্জীয়নৰ বাবে প্ৰেৰণ কৰিব পাৰে। পঞ্জীয়নৰ অন্তিম তাৰিখ ৩১ জুলাই ২০২০।
Friday, 10 July 2020
10 July, 2020 ৰাজ্যৰ ডিমা হাছাও জিলাত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক। বাঁহ খণ্ডই বহন কৰা প্ৰচুৰ সম্ভাৱীয়তাৰ প্ৰতি লক্ষ্য ৰাখি। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক নিৰ্মাণৰ দিশত অগ্ৰণী ভূমিকা লোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্যত বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক স্থাপনে বাঁহ খেতিয়ক তথা উদ্যোগীসকলক বিশেষভাৱে উদগনি যোগাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
10 July, 2020 জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে আয়োজিত এখন বৈঠকত ৰাজ্যৰ দুগ্ধ খণ্ডৰ সামগ্ৰিক পৰ্যালোচনা কৰে। 'আত্মনির্ভৰ অসম'ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ দুগ্ধ খণ্ডৰ সৰ্বাংগীণ বিকাশ সাধনেৰে ৰাজ্যত এক 'শ্বেত বিপ্লৱ' গঢ়ি তোলাৰ লক্ষ্যৰে আৰু নতুন প্ৰজন্মক এই ক্ষেত্ৰখনৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এক উপযুক্ত আৰু বাস্তৱমুখী কৰ্ম আঁচনি তথা 'ৰোডমেপ' প্ৰস্তুত কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ৰাজ্যৰ সফল দুগ্ধ উৎপাদক অথবা দুগ্ধ উৎপাদক সমবায় সমিতিক ৰাজ্য চৰকাৰে শীঘ্ৰে দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ অধীনত থকা ৫৩ টা বাল্ক মিল্ক কুলাৰ পি-পি-পি ব্যৱস্থাৰে তুলি দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
02 July, 2021 প্ৰেছ বিজ্ঞপ্তি নং : ১১২ জনসংযোগ, গোলাঘাট *গোলাঘাট জিলাত ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দ...