Saturday, 4 July 2020
4 July, 2020 শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত? বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইঙ্গিত? দেখিছাতো ৰামধেনু? বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ; প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত দেখিছানে ৰঙৰ উছৱ? সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচার্য দেবক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্রদ্ধাৰে স্মৰন জনাইছো। ____________________________ ২৮ জুলাই, ১৯৩২ - ৪ জুলাই, ২০১২ NORTHEAST NEWS INDIA
Friday, 3 July 2020
3 July, 2020 ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আই আই টি, গুৱাহাটী চৌহদ আৰু গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ চৌহদত স্থাপন কৰি থকা ক'ভিড কেয়াৰ চেণ্টাৰ দুটা আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে পৰিদর্শন কৰি ইয়াত উপলব্ধ কৰোৱা বিভিন্ন সা-সুবিধাৰ বুজ লয়। মাননীয় স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী মাননীয় শ্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীক কেন্দ্ৰ দুটাত থকা বিভিন্ন সা-সুবিধাৰ সবিশেষ অৱগত কৰে।
3 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালৰ সৈতে আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী যুত নৰেন্দ্ৰ মোদীয়ে টেলিফোনযোগে বাৰ্তালাপ কৰে আৰু ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি, গৰাখহনীয়া, ভূমিস্খলন আৰু ক'ভিড-১৯ সংক্ৰমণৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ লয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে এই সকলো দিশতে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰী গৰাকীক সবিশেষ অৱগত কৰে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই দিশত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে মাননীয় প্ৰধানমন্ত্ৰীয়ে।
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...

















