Monday, 29 June 2020

29 Jun, 2020


29 Jun, 2020 ৰাজ্যত বানপানীৰ শেহতীয়া স্থিতি।


29 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা মন্ত্ৰী মণ্ডলৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।




29 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অসম মন্ত্ৰী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰে। আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। # 'আত্মনিৰ্ভৰ অসম'ৰ লক্ষ্যক এক নতুন গতি প্ৰদান কৰি সিদ্ধান্ত লোৱা হয় যে- নতুন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত তিনি বছৰৰ বাবে অনুমতিৰ প্ৰয়োজন নহ'ব। # অসমৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক বাণিজ্যক উদগনি যোগোৱাৰ বাবে যোগীঘোপাৰ অশোক কাগজ কলৰ ২০০ একৰ ভূমি International Multi Modal Logistic Park-ৰ ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। # পঞ্চদশ বিত্ত আয়োগৰ অনুদান গাঁও পঞ্চায়তৰ বাবে ৭০%, আঞ্চলিক পঞ্চায়তৰ বাবে ১৫% আৰু জিলা পৰিষদৰ বাবে ১৫% অনুপাতত আৱণ্টিত হ'ব। # ক'ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু দেশৰ অন্য প্ৰান্তৰ শৈক্ষিক বৰ্ষৰ সৈতে সমপৰ্যায়ত অসমৰো শৈক্ষিক বৰ্ষ জানুৱাৰী-ডিচেম্বৰৰপৰা এপ্ৰিল-মাৰ্চলৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


29 Jun, 2020 প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ দ্বিতীয় কিস্তিৰ বিশেষ পেকেজৰ অধীনত পুঁজি মুকলি কৰি দিছে । এই অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে ৮,৪৮,৬৪২ গৰাকী হিতাধিকাৰীক ৫০০ টকাকৈ বিশেষ অৰ্থ সাহায্য পোনপটীয়াকৈ বেংক একাউণ্টযোগে প্ৰদান কৰিছে।


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...