Saturday, 27 June 2020
Friday, 26 June 2020
26 Jun, 2020 জাননী ৰাজ্যত ভয়াবহ ভাৱে বৃদ্ধি পাইছে কৰুণা ভাইৰাছৰ সংক্ৰমণ আৰু নিতৌ চিনাক্ত হৈছে কভিড ১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা। জনজীৱনৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি কালিলৈ ২৭ জুনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ প্ৰতি সপ্তাহত শনি আৰু দেওবাৰৰ দিনদুটা সম্পূৰ্ণ তলাবন্ধ (লক ডাউন) থাকিব। গোলাঘাট জিলা দণ্ডাধীশে জিলাৰ সকলো পৌৰ এলেকা, নগৰ সমিতিৰ পৰিক্ষেত্ৰত শনিবাৰ আৰু দেওবাৰে তলাবন্ধ জাৰি কৰিছে। এই সময়ত পৌৰ সভা, নগৰ সমিতি পৰিক্ষেত্ৰত সকলো দোকান পোহাৰ, প্ৰতিষ্ঠান বন্ধ থাকিব। কেৱল দৰৱৰ দোকান আৰু পেট্ৰ'ল ডিজেলৰ ডিপুহে খোলা দিয়া হৈছে। সকলো গেলামালৰ দোকান তলাবন্ধ সময়ত বন্ধ থাকিব। উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, আৰক্ষী, বিদ্যুত সেৱা, চিকিৎসা সেৱা লগত জড়িত লোক, অগ্নিনিৰ্বাপণসেৱাৰ লোকসকলক ৰেহাই দিয়া হৈছে। আনহাতে একেটা নিৰ্দেশনাত প্ৰত্যেক দিনাই সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন বাহাল থাকিব। সান্ধ্য আইন অমান্য কৰা আৰু তলাবন্ধ মানি নচলা ব্যক্তি আৰু প্ৰতিস্থানসমূহক কঠোৰ আইনগত শাস্তি বিহা হব। গুৰুত্বপূৰ্ণ কাম নাথাকিলে অলৌ তলৌকৈ ঘূৰি ফুৰা লোকক নিয়ন্ত্ৰণ কৰা বাবে বল প্ৰয়োগ কৰা হব।
26 Jun, 2020 No Drugs আজি ২৬ জুন, আন্তৰ্জাতিক নিচাযুক্ত দ্ৰৱ্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস । নিচাযুক্ত দ্ৰৱ্যৰ সেৱনৰ পৰা যুৱ প্ৰজন্মক আঁতৰত ৰাখি এক সুস্থ সামাজিক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত সংকল্পবদ্ধ হওক। দেশৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু কতব্য, দেশ বা সমাজ খন ভাল দিশে আগুৱাই নিয়াৰ। NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...