Friday, 26 June 2020
26 Jun, 2020 জাননী ৰাজ্যত ভয়াবহ ভাৱে বৃদ্ধি পাইছে কৰুণা ভাইৰাছৰ সংক্ৰমণ আৰু নিতৌ চিনাক্ত হৈছে কভিড ১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা। জনজীৱনৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি কালিলৈ ২৭ জুনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ প্ৰতি সপ্তাহত শনি আৰু দেওবাৰৰ দিনদুটা সম্পূৰ্ণ তলাবন্ধ (লক ডাউন) থাকিব। গোলাঘাট জিলা দণ্ডাধীশে জিলাৰ সকলো পৌৰ এলেকা, নগৰ সমিতিৰ পৰিক্ষেত্ৰত শনিবাৰ আৰু দেওবাৰে তলাবন্ধ জাৰি কৰিছে। এই সময়ত পৌৰ সভা, নগৰ সমিতি পৰিক্ষেত্ৰত সকলো দোকান পোহাৰ, প্ৰতিষ্ঠান বন্ধ থাকিব। কেৱল দৰৱৰ দোকান আৰু পেট্ৰ'ল ডিজেলৰ ডিপুহে খোলা দিয়া হৈছে। সকলো গেলামালৰ দোকান তলাবন্ধ সময়ত বন্ধ থাকিব। উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, আৰক্ষী, বিদ্যুত সেৱা, চিকিৎসা সেৱা লগত জড়িত লোক, অগ্নিনিৰ্বাপণসেৱাৰ লোকসকলক ৰেহাই দিয়া হৈছে। আনহাতে একেটা নিৰ্দেশনাত প্ৰত্যেক দিনাই সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন বাহাল থাকিব। সান্ধ্য আইন অমান্য কৰা আৰু তলাবন্ধ মানি নচলা ব্যক্তি আৰু প্ৰতিস্থানসমূহক কঠোৰ আইনগত শাস্তি বিহা হব। গুৰুত্বপূৰ্ণ কাম নাথাকিলে অলৌ তলৌকৈ ঘূৰি ফুৰা লোকক নিয়ন্ত্ৰণ কৰা বাবে বল প্ৰয়োগ কৰা হব।
Subscribe to:
Post Comments (Atom)
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...




No comments:
Post a Comment
Welcome Northeast News India