Friday, 26 June 2020
26 Jun, 2020 জাননী ৰাজ্যত ভয়াবহ ভাৱে বৃদ্ধি পাইছে কৰুণা ভাইৰাছৰ সংক্ৰমণ আৰু নিতৌ চিনাক্ত হৈছে কভিড ১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা। জনজীৱনৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি কালিলৈ ২৭ জুনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ প্ৰতি সপ্তাহত শনি আৰু দেওবাৰৰ দিনদুটা সম্পূৰ্ণ তলাবন্ধ (লক ডাউন) থাকিব। গোলাঘাট জিলা দণ্ডাধীশে জিলাৰ সকলো পৌৰ এলেকা, নগৰ সমিতিৰ পৰিক্ষেত্ৰত শনিবাৰ আৰু দেওবাৰে তলাবন্ধ জাৰি কৰিছে। এই সময়ত পৌৰ সভা, নগৰ সমিতি পৰিক্ষেত্ৰত সকলো দোকান পোহাৰ, প্ৰতিষ্ঠান বন্ধ থাকিব। কেৱল দৰৱৰ দোকান আৰু পেট্ৰ'ল ডিজেলৰ ডিপুহে খোলা দিয়া হৈছে। সকলো গেলামালৰ দোকান তলাবন্ধ সময়ত বন্ধ থাকিব। উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, আৰক্ষী, বিদ্যুত সেৱা, চিকিৎসা সেৱা লগত জড়িত লোক, অগ্নিনিৰ্বাপণসেৱাৰ লোকসকলক ৰেহাই দিয়া হৈছে। আনহাতে একেটা নিৰ্দেশনাত প্ৰত্যেক দিনাই সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন বাহাল থাকিব। সান্ধ্য আইন অমান্য কৰা আৰু তলাবন্ধ মানি নচলা ব্যক্তি আৰু প্ৰতিস্থানসমূহক কঠোৰ আইনগত শাস্তি বিহা হব। গুৰুত্বপূৰ্ণ কাম নাথাকিলে অলৌ তলৌকৈ ঘূৰি ফুৰা লোকক নিয়ন্ত্ৰণ কৰা বাবে বল প্ৰয়োগ কৰা হব।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...




No comments:
Post a Comment
Welcome Northeast News India