Friday, 12 June 2020
12 Jun, 2020 গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা দুখন নদীৰ দুইপাৰে এবিধ অতি বিষাক্ত অপতৃণ ফুলিব ধৰাত ৰাইজৰ মাজত চৰ্মৰোগ ;কেঞ্চাৰ; বৃদ্ধি পাব ধৰিছে নগাপাহাৰৰ পৰা বৈ অহা দৈয়াং নদীৰ দুইপাৰে হেজাৰ হেজাৰ বিঘা সাৰুৱা ভূমীত বিষাক্ত অপতৃণ পৰ্থেনিয়ামে চানি ধৰিছে ৷ দৈয়াং নদীখন ধনশিৰি নদীৰ লগত দুইনৈসূতী মুখত সংগম ঘটিছে ৷ দুয়োখন নদীৰ কাষত হেজাৰৰো অধিক কৃষকে বছৰ বছৰ ধৰি কৃষি কায্য কৰি আহিছে ৷ কৃষকৰ মাতৃ স্বৰূপ এই দুইখন নদীপাৰৰ কৃষকে ধানৰ লগতে বছৰৰ বাৰ মাহেই বেঙেনা : জিকা ; ভেন্দী ; ভোল ; জাতিলাউ ; ৰঙালাউ ; জলকীয়া ; আলু বিলাহী ; লাই -পালেং ধনীয়া আদি শাক পাছলিৰ খেটিকৰি উৎপাদিত ফচল জিলাখনৰ বিভিন্ন ঠাই ; নগালেনণ্ড ; ডিমাপুৰ আৰু উজনিৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰি আহিছে ৷ কিন্ত কেঞ্চাৰ ;খজুৱতীকে ধৰি বিভিন্ন চৰ্মৰোগৰ বাহক এই অপতৃণ পাৰ্থেনিয়ামে কৃষিভূমি চানি ধৰাত কৃষক সকল সমস্যাত পৰিছে ৷ পাৰ্থেনিয়িমৰ বিষয়ে অজ্ঞএকাংশ কৃষকে এনে পাৰ্থেনিয়ামৰ সংস্পশলৈ অহাত বহুত কৃষক চৰ্মৰোগত আক্ৰান্ত হৈছে ৷ এইবিধ পাৰ্থেনিয়াম বৃদ্ধি হোৱাৰ সামান্তৰাল ভাবে নৈ পৰীয়া এলেকা জামুগুৰি ; নোগোৰা ; দলৌজান কুৱৰীকথাৰ ৰূপকলীয়া আইটনীয়া মিৰিগাও ; দ’ গাও মইলনাপাৰা ; থোৰামুখ আদি গাও সমূহত কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে ৷উল্লেখ্য যে এই অপতৃণ প্ৰথম অবস্থাত ৰেলআলিৰ দাঁতিত গজালি মেলি ফুল ধৰিছিল ৷ জান -জুৰিৰ পানীত বি-পথাৰলৈ আানি নদীৰ পানীত পৰে নদীৰ সাৰুৱা মাটিত লহ পহকৈ বাঢ়ি ৰক্তবীজা বংশৰ দৰে নদীৰ দুই পাৰ চানি ধৰে কূষকে খেটিৰ বাবে হালবোৱা পথাৰত পাৰ্থেনিয়াম গজিউঠে ৷ ইফালে নদী কিনাৰৰ বালি বা মাটি গোলাঘাত চহৰ আৰু বিভিন্ন গাঁৱলৈ অনাত সেই মাটিত ইয়াৰ বীজৰ সম্প্ৰসাৰণ হৈ বিভিন্ন অঞ্চলত গজিবলৈ ধৰে ৷ নদীৰ কিনাৰৰ সেউজীয়া ঘাহ খাবলৈ যোৱা গৰু-ছাগলীৰ গা’ত পাৰ্থেনীয়ামৰ বীজ লাগি অথবা বতাহত উৰি আহি এই বিষাক্ত অপতৃণৰ বিস্তাৰ হৈয়েই আছে ৷ সেয়েহে এইবিধ অপতৃণ নিৰ্মূল কৰিবলৈ ৰাইজে বিষয়টো কৃষিমন্ত্ৰী অতুলবৰাৰ দৃষ্টিগোচৰ কৰিছে ৷ ঃ প্ৰকাশ শৰ্মা ৷
Thursday, 11 June 2020
11 Jun, 2020 অসম চৰকাৰে কোভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২০২০-২১ বৰ্ষৰ বাবে নামভৰ্তিৰ মাচুল, পৰীক্ষাৰ মাচুল, পৰীক্ষাগাৰৰ মাচুল, শিক্ষামূলক ভ্ৰমণৰ মাচুল, পঞ্জীয়ন মাচুল, প্ৰছপেক্টাচ ক্ৰয়ৰ মাচুল আদিকে ধৰি সকলো ধৰণৰ মাচুল প্ৰত্যাহাৰ কৰিছে ৷ অধিসূচনাত উল্লেখ কৰা প্ৰতিস্থান সমূহৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য হ'ব ৷ মাননীয় স্বাস্থ্য মন্ত্রী শ্ৰী যুত হিমন্ত বিশ্ব শৰ্মা ই এই আঁচনিখনৰ সুচাৰু ভাৱে ৰূপায়নৰ উদ্দেশ্যে আজি শিক্ষা বিভাগৰ প্ৰধান সচিৱ আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে আজি এখন বৈঠকত অংশ গ্ৰহন কৰে৷
11 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে শোণিতপুৰৰ 'ভৰলী পৰীয়া কন্যকা বহুমুখী পাম' পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে ১০টা স্থানীয় আত্মসহায়ক গোটৰ মাজত পামখনত উৎপাদিত মাছৰ পোনা বিতৰণ কৰাৰ লগতে 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা'ৰ অধীনত এটা আত্মসহায়ক গোটক এখন ট্ৰেক্টৰ প্ৰদান কৰে। তদুপৰি, তেখেতে এটা গোশালা আৰু দুটা জলসিঞ্চন প্ৰকল্পও উদ্বোধন কৰে।
11 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে শোণিতপুৰৰ ধাৰিকাটিত 'সাহিত্য মনীষী উপবন'ৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে তেখেতে এটি গছপুলি ৰোপণ কৰে। "বিগত দুটা বছৰত অসমত ২২২ বৰ্গ কিমি. বনাঞ্চল বৃদ্ধি পাইছে। এয়া সম্ভৱ হৈ উঠিছে বন বিভাগৰ অহৰহ্ প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগিতাৰ ফলত। এখন 'স্বচ্ছ আৰু সেউজ' অসম গঢ়ি তোলাৰ বাবে এই সময়ছোৱাত কমেও এটাকৈ গছপুলি ৰুবলৈ সকলোকে মই আহ্বান জনাইছোঁ।"- মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী পৰিমল শুক্লবৈদ্য, শ্ৰী নৱ কুমাৰ দলে, সাংসদ শ্ৰী পল্লৱ লোচন দাস, বিধায়কসকল ক্ৰমে- শ্ৰী পদ্ম হাজৰিকা, শ্ৰী অশোক সিংঘল আৰু শ্ৰী গণেশ লিম্বু উপস্থিত থাকে।
11 Jun, 2020 ২০২০-২১ বৰ্ষৰ বাবে , ক'ভিড-১৯ ৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো বিশ্ববিদ্যালয়, উচ্চ শিক্ষা সঞ্চালকালয়, অসমৰ অধীনৰ সকলো চৰকাৰী মহাবিদ্যালয়, প্ৰাদেশীকৃত মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়, অসমৰ অধীনৰ সকলো শিক্ষানুষ্ঠানত(ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক সাঙুৰি) সম্পূৰ্ণ বিনামূলীয়াকৈ অনলাইনযোগে নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ৷ নামভৰ্তিৰ সময়ত তথ্য প্ৰমাণিকৰণৰ বাবে কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা নহয় ৷
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
































