Friday, 12 June 2020
12 Jun, 2020 গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা দুখন নদীৰ দুইপাৰে এবিধ অতি বিষাক্ত অপতৃণ ফুলিব ধৰাত ৰাইজৰ মাজত চৰ্মৰোগ ;কেঞ্চাৰ; বৃদ্ধি পাব ধৰিছে নগাপাহাৰৰ পৰা বৈ অহা দৈয়াং নদীৰ দুইপাৰে হেজাৰ হেজাৰ বিঘা সাৰুৱা ভূমীত বিষাক্ত অপতৃণ পৰ্থেনিয়ামে চানি ধৰিছে ৷ দৈয়াং নদীখন ধনশিৰি নদীৰ লগত দুইনৈসূতী মুখত সংগম ঘটিছে ৷ দুয়োখন নদীৰ কাষত হেজাৰৰো অধিক কৃষকে বছৰ বছৰ ধৰি কৃষি কায্য কৰি আহিছে ৷ কৃষকৰ মাতৃ স্বৰূপ এই দুইখন নদীপাৰৰ কৃষকে ধানৰ লগতে বছৰৰ বাৰ মাহেই বেঙেনা : জিকা ; ভেন্দী ; ভোল ; জাতিলাউ ; ৰঙালাউ ; জলকীয়া ; আলু বিলাহী ; লাই -পালেং ধনীয়া আদি শাক পাছলিৰ খেটিকৰি উৎপাদিত ফচল জিলাখনৰ বিভিন্ন ঠাই ; নগালেনণ্ড ; ডিমাপুৰ আৰু উজনিৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰি আহিছে ৷ কিন্ত কেঞ্চাৰ ;খজুৱতীকে ধৰি বিভিন্ন চৰ্মৰোগৰ বাহক এই অপতৃণ পাৰ্থেনিয়ামে কৃষিভূমি চানি ধৰাত কৃষক সকল সমস্যাত পৰিছে ৷ পাৰ্থেনিয়িমৰ বিষয়ে অজ্ঞএকাংশ কৃষকে এনে পাৰ্থেনিয়ামৰ সংস্পশলৈ অহাত বহুত কৃষক চৰ্মৰোগত আক্ৰান্ত হৈছে ৷ এইবিধ পাৰ্থেনিয়াম বৃদ্ধি হোৱাৰ সামান্তৰাল ভাবে নৈ পৰীয়া এলেকা জামুগুৰি ; নোগোৰা ; দলৌজান কুৱৰীকথাৰ ৰূপকলীয়া আইটনীয়া মিৰিগাও ; দ’ গাও মইলনাপাৰা ; থোৰামুখ আদি গাও সমূহত কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে ৷উল্লেখ্য যে এই অপতৃণ প্ৰথম অবস্থাত ৰেলআলিৰ দাঁতিত গজালি মেলি ফুল ধৰিছিল ৷ জান -জুৰিৰ পানীত বি-পথাৰলৈ আানি নদীৰ পানীত পৰে নদীৰ সাৰুৱা মাটিত লহ পহকৈ বাঢ়ি ৰক্তবীজা বংশৰ দৰে নদীৰ দুই পাৰ চানি ধৰে কূষকে খেটিৰ বাবে হালবোৱা পথাৰত পাৰ্থেনিয়াম গজিউঠে ৷ ইফালে নদী কিনাৰৰ বালি বা মাটি গোলাঘাত চহৰ আৰু বিভিন্ন গাঁৱলৈ অনাত সেই মাটিত ইয়াৰ বীজৰ সম্প্ৰসাৰণ হৈ বিভিন্ন অঞ্চলত গজিবলৈ ধৰে ৷ নদীৰ কিনাৰৰ সেউজীয়া ঘাহ খাবলৈ যোৱা গৰু-ছাগলীৰ গা’ত পাৰ্থেনীয়ামৰ বীজ লাগি অথবা বতাহত উৰি আহি এই বিষাক্ত অপতৃণৰ বিস্তাৰ হৈয়েই আছে ৷ সেয়েহে এইবিধ অপতৃণ নিৰ্মূল কৰিবলৈ ৰাইজে বিষয়টো কৃষিমন্ত্ৰী অতুলবৰাৰ দৃষ্টিগোচৰ কৰিছে ৷ ঃ প্ৰকাশ শৰ্মা ৷
Subscribe to:
Post Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
No comments:
Post a Comment
Welcome Northeast News India