Saturday, 6 June 2020
6 Jun, 2020 গোলাঘাটৰ বিভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱস পালন । ৫ জুন দিনটো সমগ্ৰ বিশ্বই বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰে ৷অসমৰ লগতে গোলাঘাট জিলা খনৰো বিভিন্ন ঠাইত যোৱা কালি বিশ্ব পৰিবেশ দিৱস পালন কৰে ৷ জিলা বন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইৰ লগতে জিলা কাৰাগাৰতো বীক্ষৰোপন কৰা হয় আৰু বিভাগটোৱে গছপুলি বিতৰণ কৰে। এই কায্যসূচীত বন বিষয়া ভাস্কৰ ডেকা, জিলা পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰীৰ লগতে জেল কতৃপক্ষ বন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ অসম যুৱ পৰিষদয়েও তৰফাট আহোমগাঁৱৰ ৰাঙলীআইদেউ ময়দামকে ধৰি কেইবা ঠাইতো বীক্ষৰোপন কৰে ৷এই দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাটৰ সতী সাধনী উদ্যান খনৰ তদাৰকৰ দায়িত্ব লোৱা সমাজকৰ্মী জয়ন্ত কুমাৰ গোস্বামীয়ে ৰাইজৰ সহযোগত ধনশিৰি নদীৰ পাৰৰ সতী সাধনী উদ্যানত বীক্ষ ৰোপণ কৰে ৷ আনহাতে গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগতো কায্যালয়ৰ চৌহদত বীক্ষৰোপন কৰাৰ লগতে কৃষকৰ মাজত গছপুলি বিতৰণ কৰে ৷ গোলাঘাট ধনশিৰিপাৰ স্কাউট গাইডৰ প্ৰশিক্ষক পাৰ্থজ্যোতি বৰাৰ উদ্যোগত ও ঠায়ে ঠায়ে বীক্ষ ৰোপন কৰা হয় ৷ ঃ প্ৰকাশ শৰ্মা ৰিপট গোলাঘাট
6 Jun, 2020 মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে অপূৰ্ব সৃষ্টিৰাজিৰে অসমীয়া সমাজ জীৱনৰ ভেটি সুদৃঢ় কৰি থৈ গৈছে। গুৰুজনাৰ মহান বাণী আৰু আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমি আগুৱাই যাব লাগিব। আজি গুৰুজনাৰ আজি পৱিত্ৰ আৱিৰ্ভাৱ মহোৎসৱত তেৰাৰ শ্ৰীচৰণত ভক্তিভৰা প্রণিপাত জনাইছোঁ। আহি থকা দিন বোৰত যেন সকলো জীৱ জন্তুুকে ধৰি মানৱ জাতিৰ কল্যাণ হয়। মানৱ জাতিয়ে যেন সত্য দিখত খোজ পেলায় আগুৱাবলৈ সক্ষম হয়। মানৱ জাতিৰ ভুল ধাৰণা দুৰ হয়। আহক আমি সকলোবে সুন্দৰ দিশে অগ্রসৰ হওঁ।
Friday, 5 June 2020
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত । ক'ভিড-১৯ৰ সময়ছোৱাত ৰাজ্যৰ পঞ্চায়তসমূহে গ্রামাঞ্চলত গ্ৰহণ কৰা ছেনিটাইজেচন অভিযান, মাস্ক প্ৰস্তুত আৰু সজাগতামূলক বিভিন্ন পদক্ষেপ সন্দৰ্ভত বিষয়াবৰ্গই মুখ্যমন্ত্ৰীক অৱগত কৰে। তেখেতে সকলোৰে প্ৰচেষ্টাৰ শলাগ লয়। তদুপৰি, MGNREGA-ত মহিলাৰ নিয়োগৰ সংখ্যা প্ৰায় ৪২.৭% লৈ বৃদ্ধি পোৱা আৰু কৰ্মচাৰীসকলে কাম কৰাৰ সময়ত সামাজিক দূৰত্ব, হাত ছেনিটাইজেচন আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি বিষয়াসকলে উল্লেখ কৰে। দুৰ্নীতিমুক্ত পঞ্চায়ত তথা অসম গঢ়িবলৈ পুঁজিসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখি দুৰ্নীতিক প্ৰতিৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ক'ভিড-১৯ৰ পৰৱৰ্তী সময়ৰ গ্ৰাম্য অৰ্থনীতি মজবুত কৰাৰ উদ্দেশ্যে নিৰ্দিষ্ট ৰ'ডমেপ প্ৰস্তুত কৰি প্ৰতিগৰাকী কৃষকে যাতে উপাৰ্জনৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হ'ব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। তদুপৰি, সকলো আঁচনিৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ লগতে গাঁওসমূহত বসবাস কৰা লোকসকলৰ লাভ অর্জনৰ বিভিন্ন সম্ভাৱনাপূৰ্ণ দিশ নিৰ্ধাৰণ কৰি সেই বিষয়ত পদক্ষেপ ল'বলৈ বিষয়াবৰ্গক তেখেতে নিৰ্দেশ প্ৰদান কৰে। আজি "বিশ্ব পৰিৱেশ দিৱস"ৰ সৈতে সংগতি ৰাখি তেখেতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয় চৌহদত এটি গছপুলিও ৰোপণ কৰে।
Subscribe to:
Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...













