Monday, 18 May 2020

অসমত আগতকৈ অধিক শিথিলতা।

18 May, 2020

অসমত আগতকৈ অধিক শিথিলতা, চৰকাৰী–বেচৰকাৰী কৰ্মচাৰীৰ  বিশেষ নিৰ্দেশনা লকডাউন 4.0

 আৰম্ভ হ’ল চতুৰ্থ পৰ্যায়ৰ লকডাউন ৷ পূৰ্বতকৈ এই লকডাউন যথেষ্ট শিথিল কৰা হৈছে  । দেশৰ অন্ত পৰিল তৃতীয় পৰ্যায়ৰ লকডাউন ৷ লকডাউন 4.0  বলৱৎ । অধিক কঠোৰ হ’ব প্ৰশাসন ৷ সামাজিক দূৰত্ব মানি নচলিলে গ্ৰহণ কৰিব ব্যৱস্থা । ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল যোগে নিশা প্ৰকাশ অসমৰ কাৰণে নীতি নিৰ্দেশনাঃ

১৷ এতিয়াৰ পৰা প্ৰতিটো চৰকাৰী–বেচৰকাৰী প্ৰতিষ্ঠানত ১০০% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব ৷ পূৰ্বৰ দৰে ৫০% কৰ্মচাৰীৰে কাম কৰাৰ নিৰ্দেশ কৰ্তন ৷

২৷ পদপথৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়ী প্ৰতিস্থান খুলিব পাৰিব এতিয়াৰ পৰা ৷ কোনো এক তৃতীয় অংশ নীতি অনুসৰণ কৰিব নালাগে ৷ অৱশ্যে চেলুন, পাৰ্লাৰ আদি খোলাত নিষেধাজ্ঞা  থাকিব৷

৩৷ শ্বপিং মল, মাৰ্কেট অথবা মাছ, শাক পাচলি বজাৰ খোলাতো সীমাৱদ্ধতা ৷

৪৷ জিম, চিনেমা হল খুলিব নোৱাৰিব কিন্তু খেলুৱৈ সকলে খেলপথাৰত ক্ৰীড়া অনুশীলন কৰিব পাৰিব ৷ অৱশ্যে কোনো লোকৰ সমাগম হ’ব নোৱাৰিব খেলপথাৰত ৷

৫৷ সমগ্ৰ দেশৰ লগতে অসমতো নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ থাকিব সান্ধ্য আইন ৷ সান্ধ্য আইনৰ সময়ত কোনো লোক বাহিৰত থাকিব নোৱাৰিব ৷

৬৷ কনটেইমেন্ট জ’ন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব ৷ ৰেডজ’নৰ ক্ষেত্ৰত একে সিদ্ধান্ত ল’ব চৰকাৰে ৷ এখন জিলাত ২০০ ৰ অধিক ৰোগী আক্ৰান্ত হলে জিলাখন ৰেড জ'ন হিচাবে ঘোষণা হ’ব ৷

৭৷ সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব ৷ এই ক্ষেত্ৰত চৰকাৰী নিৰ্দেশ মানি নচলিলে অধিক কঠোৰ হ’ব চৰকাৰ ৷ দোষী ৰূপে চিনাক্ত হব অনুষ্ঠান প্ৰতিষ্ঠানৰ গৰাকী ৷


৮৷ পদপথৰ ব্যৱসায়ীয়ে দোকান খুলিব নোৱাৰিব ৷ বন্ধ থাকিব মন্দিৰ, মছজিদ, তথা সামাজিক অনুষ্ঠান , উৎসৱ পাৰ্বন ৷

৯৷ যানবাহন চলাচলত পূৰ্বৰ একেই নিৰ্দেশ অনুসৰণ হব ৷ ৫০% যাত্ৰী উঠিব পাৰিব বাহন ৷ দুচকীয়া চাৰিচকীয়া বাহনত একেই নিয়ম ৷

১০৷ আন্ত:জিলা বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়ম বাহাল থাকিব ৷

Sunday, 17 May 2020

Video songs


সাৱধানতা অৱলম্বন কৰক।

17 May, 2020

সাৱধানতা অৱলম্বন  কৰক।  নকৰিলে মহে কামোৰাৰ ফলত সংক্ৰমিত হোৱা জাপানীজ এনকেফেলাইটিছৰ দৰে ৰোগেও জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ গতিকে সতৰ্ক হৈ থাকক আৰু লক্ষণ ধৰা পৰা মাত্ৰেই, চিকিৎসা লয়লৈ যাওক আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

সুৰক্ষিত থাকক

17 May , 2020

চিকিৎসা সেৱা

17 May, 2020

চিকিৎসা সেৱা

  জনসাধাৰণৰ   বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে  মুকলি কৰি দিছে ৷ গৰিষ্ঠ সংখ্যক চিকিৎসক তথা নাৰ্ছৰো পৃথকীকৰণৰ ম্যাদ সমাপ্ত হৈছে।

  চিকিৎসালয়খন , মাননীয় স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। এই জটিল ক্ষণত অতি উদ্যমেৰে সেৱা আগবঢ়োৱা চিকিৎসক আৰু নাৰ্ছসকলক তেখেতে কৃতজ্ঞতা জ্ঞাপন জনায়।

এতিয়াৰে পৰা সকলো ধৰণৰ ৰোগীয়েই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চিকিৎসাসেৱা লাভ কৰিব পাৰিব ।

Pragya Assam Quiz

17 May, 2020

আপোনালোকৰ মাজলৈ  দ্বিতীয় বাৰৰ বাবে  মাই গভ অসম আৰু আকাশবাণী গুৱাহাটীৰ উদ্যোগত 'প্ৰজ্ঞা অসম'। দেওবাৰে সন্ধিয়া ৭.৪৫ বজাত অংশগ্ৰহণ কৰিবলৈ নাপাহৰিব, এই ৰেডিঅ' কুইজ প্ৰতিযোগিতাত । অংশগ্ৰহণৰ নিয়মাৱলী আৰু সবিশেষ অনুষ্ঠানত ঘোষণা কৰিব। কোনো ধৰণৰ পঞ্জীয়নৰ মাচুল উপলব্ধ নহয়।

Pragya Assam Quiz

বাৰিষাৰ প্ৰথমজাক বৰষুণৰ পাছতেই চহা অসমীয়া ব্যস্ত আপোন পথাৰখনত।

17 May, 2020

বাৰিষাৰ প্ৰথমজাক বৰষুণৰ পাছতেই চহা অসমীয়া ব্যস্ত আপোন পথাৰখনত।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...