Monday, 18 May 2020

অসমত আগতকৈ অধিক শিথিলতা।

18 May, 2020

অসমত আগতকৈ অধিক শিথিলতা, চৰকাৰী–বেচৰকাৰী কৰ্মচাৰীৰ  বিশেষ নিৰ্দেশনা লকডাউন 4.0

 আৰম্ভ হ’ল চতুৰ্থ পৰ্যায়ৰ লকডাউন ৷ পূৰ্বতকৈ এই লকডাউন যথেষ্ট শিথিল কৰা হৈছে  । দেশৰ অন্ত পৰিল তৃতীয় পৰ্যায়ৰ লকডাউন ৷ লকডাউন 4.0  বলৱৎ । অধিক কঠোৰ হ’ব প্ৰশাসন ৷ সামাজিক দূৰত্ব মানি নচলিলে গ্ৰহণ কৰিব ব্যৱস্থা । ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল যোগে নিশা প্ৰকাশ অসমৰ কাৰণে নীতি নিৰ্দেশনাঃ

১৷ এতিয়াৰ পৰা প্ৰতিটো চৰকাৰী–বেচৰকাৰী প্ৰতিষ্ঠানত ১০০% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব ৷ পূৰ্বৰ দৰে ৫০% কৰ্মচাৰীৰে কাম কৰাৰ নিৰ্দেশ কৰ্তন ৷

২৷ পদপথৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়ী প্ৰতিস্থান খুলিব পাৰিব এতিয়াৰ পৰা ৷ কোনো এক তৃতীয় অংশ নীতি অনুসৰণ কৰিব নালাগে ৷ অৱশ্যে চেলুন, পাৰ্লাৰ আদি খোলাত নিষেধাজ্ঞা  থাকিব৷

৩৷ শ্বপিং মল, মাৰ্কেট অথবা মাছ, শাক পাচলি বজাৰ খোলাতো সীমাৱদ্ধতা ৷

৪৷ জিম, চিনেমা হল খুলিব নোৱাৰিব কিন্তু খেলুৱৈ সকলে খেলপথাৰত ক্ৰীড়া অনুশীলন কৰিব পাৰিব ৷ অৱশ্যে কোনো লোকৰ সমাগম হ’ব নোৱাৰিব খেলপথাৰত ৷

৫৷ সমগ্ৰ দেশৰ লগতে অসমতো নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ থাকিব সান্ধ্য আইন ৷ সান্ধ্য আইনৰ সময়ত কোনো লোক বাহিৰত থাকিব নোৱাৰিব ৷

৬৷ কনটেইমেন্ট জ’ন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব ৷ ৰেডজ’নৰ ক্ষেত্ৰত একে সিদ্ধান্ত ল’ব চৰকাৰে ৷ এখন জিলাত ২০০ ৰ অধিক ৰোগী আক্ৰান্ত হলে জিলাখন ৰেড জ'ন হিচাবে ঘোষণা হ’ব ৷

৭৷ সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব ৷ এই ক্ষেত্ৰত চৰকাৰী নিৰ্দেশ মানি নচলিলে অধিক কঠোৰ হ’ব চৰকাৰ ৷ দোষী ৰূপে চিনাক্ত হব অনুষ্ঠান প্ৰতিষ্ঠানৰ গৰাকী ৷


৮৷ পদপথৰ ব্যৱসায়ীয়ে দোকান খুলিব নোৱাৰিব ৷ বন্ধ থাকিব মন্দিৰ, মছজিদ, তথা সামাজিক অনুষ্ঠান , উৎসৱ পাৰ্বন ৷

৯৷ যানবাহন চলাচলত পূৰ্বৰ একেই নিৰ্দেশ অনুসৰণ হব ৷ ৫০% যাত্ৰী উঠিব পাৰিব বাহন ৷ দুচকীয়া চাৰিচকীয়া বাহনত একেই নিয়ম ৷

১০৷ আন্ত:জিলা বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়ম বাহাল থাকিব ৷

No comments:

Post a Comment

Welcome Northeast News India

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন।

মাঘ বিহুৰ পবিত্ৰ উপলক্ষে বিশ্বৰ সকলো মানৱ জাতিলৈ মা আৰু প্ৰকৃতি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মাঘ বিহু কেৱল...