18 May, 2020
অসমত আগতকৈ অধিক শিথিলতা, চৰকাৰী–বেচৰকাৰী কৰ্মচাৰীৰ বিশেষ নিৰ্দেশনা লকডাউন 4.0
আৰম্ভ হ’ল চতুৰ্থ পৰ্যায়ৰ লকডাউন ৷ পূৰ্বতকৈ এই লকডাউন যথেষ্ট শিথিল কৰা হৈছে । দেশৰ অন্ত পৰিল তৃতীয় পৰ্যায়ৰ লকডাউন ৷ লকডাউন 4.0 বলৱৎ । অধিক কঠোৰ হ’ব প্ৰশাসন ৷ সামাজিক দূৰত্ব মানি নচলিলে গ্ৰহণ কৰিব ব্যৱস্থা । ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল যোগে নিশা প্ৰকাশ অসমৰ কাৰণে নীতি নিৰ্দেশনাঃ
১৷ এতিয়াৰ পৰা প্ৰতিটো চৰকাৰী–বেচৰকাৰী প্ৰতিষ্ঠানত ১০০% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব ৷ পূৰ্বৰ দৰে ৫০% কৰ্মচাৰীৰে কাম কৰাৰ নিৰ্দেশ কৰ্তন ৷
২৷ পদপথৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়ী প্ৰতিস্থান খুলিব পাৰিব এতিয়াৰ পৰা ৷ কোনো এক তৃতীয় অংশ নীতি অনুসৰণ কৰিব নালাগে ৷ অৱশ্যে চেলুন, পাৰ্লাৰ আদি খোলাত নিষেধাজ্ঞা থাকিব৷
৩৷ শ্বপিং মল, মাৰ্কেট অথবা মাছ, শাক পাচলি বজাৰ খোলাতো সীমাৱদ্ধতা ৷
৪৷ জিম, চিনেমা হল খুলিব নোৱাৰিব কিন্তু খেলুৱৈ সকলে খেলপথাৰত ক্ৰীড়া অনুশীলন কৰিব পাৰিব ৷ অৱশ্যে কোনো লোকৰ সমাগম হ’ব নোৱাৰিব খেলপথাৰত ৷
৫৷ সমগ্ৰ দেশৰ লগতে অসমতো নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ থাকিব সান্ধ্য আইন ৷ সান্ধ্য আইনৰ সময়ত কোনো লোক বাহিৰত থাকিব নোৱাৰিব ৷
৬৷ কনটেইমেন্ট জ’ন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব ৷ ৰেডজ’নৰ ক্ষেত্ৰত একে সিদ্ধান্ত ল’ব চৰকাৰে ৷ এখন জিলাত ২০০ ৰ অধিক ৰোগী আক্ৰান্ত হলে জিলাখন ৰেড জ'ন হিচাবে ঘোষণা হ’ব ৷
৭৷ সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব ৷ এই ক্ষেত্ৰত চৰকাৰী নিৰ্দেশ মানি নচলিলে অধিক কঠোৰ হ’ব চৰকাৰ ৷ দোষী ৰূপে চিনাক্ত হব অনুষ্ঠান প্ৰতিষ্ঠানৰ গৰাকী ৷
৮৷ পদপথৰ ব্যৱসায়ীয়ে দোকান খুলিব নোৱাৰিব ৷ বন্ধ থাকিব মন্দিৰ, মছজিদ, তথা সামাজিক অনুষ্ঠান , উৎসৱ পাৰ্বন ৷
৯৷ যানবাহন চলাচলত পূৰ্বৰ একেই নিৰ্দেশ অনুসৰণ হব ৷ ৫০% যাত্ৰী উঠিব পাৰিব বাহন ৷ দুচকীয়া চাৰিচকীয়া বাহনত একেই নিয়ম ৷
১০৷ আন্ত:জিলা বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়ম বাহাল থাকিব ৷