*বিত্তমন্ত্ৰীৰ উপস্থিতিত গোলাঘাট জিলাত অমৃত সৰোবৰ প্ৰকল্প মুকলি মন্ত্ৰী ৰঞ্জিত দাসৰ*
*২৯৬ টা আত্মসহায়ক গোটক ৬.৭৬ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋনৰ মঞ্জুৰিপত্ৰ প্ৰদান*
*কেৱল চৰকাৰী ধান ক্ৰয় কেন্দ্ৰতহে নিজৰ উৎপাদিত ফচল বিক্ৰী কৰিবলৈ কৃষকৰ প্ৰতি আহ্বান*
*অসমত ২৭ মাহত চাৰে ৮ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ*
গোলাঘাট, ২৬ জুলাই ২০২৩ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট জিলাৰ গমাৰিগুৰি আৰু পদুমণি উন্নয়ন খণ্ড পৰিদৰ্শন কৰি কেইবাখনো সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গমাৰিগুৰি উন্নয়ন খণ্ড আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গমাৰিগুৰিৰ সৌজন্যত উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত অংশ লৈ আত্মসহায়ক গোটৰ মাজত সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰ মঞ্জুৰিপত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে নাৰী সবলীকৰণৰ ক্ষেত্ৰত মহিলা উদ্যোগী সৃষ্টিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে গ্ৰামাঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰি ৰাজ্যখনত ২৭ মাহত চাৰে ৮ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈছে। তদুপৰি ধানৰ ন্যূনতম সমৰ্থন মূল্য ২০৪০ টকাকৈ নিৰ্ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বৃহৎসংখ্যক কৃষক উপকৃত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ ৬৭ হাজাৰ কৃষকে প্ৰতি কুইন্টলত ২০৪০ টকাকৈ ধান বিক্ৰী কৰিছে। তেওঁ জিলাখনৰ কৃষকসকলক কেৱল ধান ক্ৰয় কেন্দ্ৰতহে ধান বিক্ৰী কৰিবলৈ আহ্বান জনায়। অনাগত সময়ত গোলাঘাট জিলাত ধান আৰু সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। খেতি কৰিবলৈ এৰি দিয়াৰ প্ৰৱণতা আমাৰ বাবে দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে কৃষকসকল আৰু অধিক উপকৃত হ'ব পৰাকৈ প্ৰতি কুইন্টলত ২১৮৩ টকাকৈ ধান ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লৈছে। তেওঁ আত্মসহায়ক গোটসমূহক গোলাঘাটৰ ব্ৰেণ্ডত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত দিয়া ভাষণত বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে কয় যে ২৯ হাজাৰ পৰিয়ালে বাস কৰা গমাৰিগুৰি উন্নয়ন খণ্ডত ক'ভিড মহামাৰীৰ সময়ছোৱাত ১০০০ টা পুখুৰী খন্দাই বহিঃৰাজ্যৰ পৰা উভতি অহা ১০০০ টা পৰিয়ালক সংস্থাপন দিয়া হৈছিল। তেওঁ কয় যে বছৰি ২ লাখ কেজি মাছ যাতে গোলাঘাটৰ ৰাইজে লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে মৎস্য উৎপাদনৰ ক্ষেত্ৰখনত গমাৰিগুৰি উন্নয়ন খণ্ডত ব্যাপক উদ্যমেৰে কাম কৰা হৈছে। আজিৰ অনুষ্ঠানত প্ৰায় চাৰে ৪ কোটি টকাৰ ঋণ মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি ই উন্নয়ন খণ্ডটোৰ ২৯ হাজাৰ পৰিয়ালক অৰ্থনৈতিকভাৱে অধিক আগুৱাই লৈ যাব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ১৬৮ টা আত্মসহায়ক গোটক প্ৰায় চাৰে ৪ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋনৰ মঞ্জুৰিপত্ৰ প্ৰদান কৰা হয়। দুয়োগৰাকী মন্ত্ৰীয়ে পদুমণি উন্নয়ন খণ্ডতো এখন সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ১২৮ টা আত্মসহায়ক গোটক প্ৰায় ২ কোটি ২৬ লাখ টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋনৰ মঞ্জুৰিপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণো উপস্থিত আছিল।
ইয়াৰ পূৰ্বে তেওঁ বিত্ত মন্ত্ৰীগৰাকীৰ উপস্থিতিত উন্নয়ন খণ্ডটোৰ অন্তৰ্গত চাউদাং পথাৰ পঞ্চায়তত অমৃত সৰোবৰ আঁচনিৰ অধীনত খন্দোৱা ৰজাপুখুৰীৰ শুভ উদ্বোধন কৰে। তেওঁ কয় যে ৰজাপুখুৰী অমৃত সৰোবৰটো সম্ভৱতঃ অসমৰ সৰ্বশ্ৰেষ্ঠ সৰোবৰ হ'ব। তেওঁ স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ নিজা উদ্যোগেৰে এই অমৃত সৰোবৰত ভগৱান বিষ্ণুৰ দশাৱতাৰৰ মূৰ্তি স্থাপন কৰাৰ লগতে ৱাকিং জ'নৰো সুব্যৱস্থা কৰাত শলাগ লয় ৷ তেওঁ কয় যে এই অমৃত সৰোবৰ ইতিমধ্যে অমৃত পৰ্যবেক্ষণ কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে। উল্লেখযোগ্য যে মুঠ ২৫,৪৩,৬৭৮ টকা ব্যয়সাপেক্ষে চাউদাংপথাৰৰ ৰজাপুখুৰী অমৃত সৰোবৰ আঁচনিখন ৰূপায়ন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত বিধায়কদ্বয় মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকনো উপস্থিত আছিল।
আটাইকেইটা অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক কৃষ্ণা বৰুৱা, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, পঞ্চায়ত প্ৰতিনিধি, উন্নয়ন খণ্ড বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়ববীয়াসকল, আত্মসহায়ক গোটৰ মহিলাসকল আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। মন্ত্ৰী দুগৰাকীয়ে আদৰ্শ গমাৰিগুৰি পঞ্চায়তৰ কাৰ্যালয়টোও উদ্বোধন কৰে।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA