৪ মে, ২০২৩, গোলাঘাট
*এ.ই.এছ আৰু জাপানীজ এনকেফেলাইতিছ ৰোগৰ ওপৰত আলোচনা সভা সম্পন্ন*
*এ ই এছ আৰু জাপানীজ এনকেফেলাইতিছ ৰোগ ৰোধ কৰা আৰু ইয়াৰ উচিত চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থাৰ তৈয়াৰী*
গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগে আজি ৪ মে, ২০২৩ তাৰিখে জি.এন.এম প্ৰশিক্ষণ কেন্দ্ৰত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড: ৰঞ্জিত ভূঞা দেৱৰ সভাপতিত্বত চৰকাৰী খণ্ডৰ চিকিৎসা বিষয়া আৰু বেচৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহৰ চিকিৎসক তথা প্ৰতিনিধি সকলৰ লগত AES আৰু JE ৰোগৰ সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰে।
উক্ত সভা খনত সকলো চিকিৎসালয়কে পলম নকৰি যিকোনো সন্দেহজনক AES ৰোগীৰ তথ্য তৎকালীনভাবে জিলা চাৰভেইলেন্স বিষয়া বা জিলা মেলেৰিয়া বিষয়া বা জিলা বাহকজনিত ৰোগ কনচালটেন্ট ৰ ফোন বা AES/JE ৰ বিষয়ে যোগাযোগ অবিলম্ব আৰু শক্তিশালী কৰাৰ উদ্দেশ্যেৰে গঠন কৰা WHATSAPP গ্ৰুপৰ মাধ্যমেৰে জনোৱাৰ অনুৰোধ কৰা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা সন্দেহজনক ৰোগীজনৰ দৰকাৰী পৰীক্ষা আৰু অনুসন্ধান কৰি তেখেতৰ চিকিৎসাৰ উচিত ব্যৱস্থা লোৱাত উপযোগী হব আৰু যিটো অঞ্চলৰ পৰা ৰোগীজন আহিছে সেই অঞ্চলটোত ক্ষীপ্ৰতাৰে নিৰীক্ষণ কৰিব পৰা যাব।
যিসকল ৰোগীৰ AES ৰ লক্ষণ দেখা দিয়ে তেনে ৰোগীক গাওঁৰ চিকিৎসালয় খনৰ পৰা অনতিপলমে জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশ দিয়া হয়।
যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে সভাত উপস্থিত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া সকলক তেওঁলোকৰ অধীনৰ প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সকলক AES ৰ লক্ষণ চিনাক্তকৰণ আৰু AES/JE লগত জড়িত চিকিৎসা পদ্ধতি সঠিক ভাবে মানি চলিবৰ বাবে নিৰ্দেশ দিবলৈ কয়। এই লক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা পদ্ধতি সমান্তৰাল ভাৱে বেচৰকাৰী চিকিৎসালয় সমূহতো বাস্তবায়ন কৰাৰ বাবে অনুৰোধ জনোৱা হয়।
জিলা খনত AES আৰু JE ৰোগ ৰোধ কৰাৰ দিশত ইতিমধ্যে বহুতো কাৰ্যসূচী ৰূপায়ন কৰা ইছে আৰু স্বাস্থ্য খণ্ড সমূহত বহু খিনি পদক্ষেপ লোৱা হৈছে। ইয়াৰ লগতে সংগতি ৰাখি ৰাষ্ট্ৰীয় বাহক জনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যক্ৰমৰ অধীনৰ কাৰ্যসূচীৰ অন্তৰ্গত শেহতীয়াকৈ যোৱা ৩ এপ্ৰিল, ২০২২৩ তাৰিখে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়ৰ সভাপতিত্বত জি.এন.এম প্ৰশিক্ষণ কেন্দ্ৰত অনাগত দিনবোৰত বাহক জনিত ৰোগ যেনে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আদিৰ ওপৰত লবলগীয়া পদক্ষেপ আৰু আগৰ কাৰ্যকাৰিতাৰ ওপৰত পৰ্যালোচনা সভা এখন অনুষ্ঠিত হয় ।
উক্ত সভাত যুটীয়া সঞ্চালক মহোদয়ে সকলো কৰ্মীকে প্ৰতিটো পৰিয়ালৰ গৃহ পৰিদৰ্শন কৰি যদি কোনোবা জ্বৰ আৰু আন লক্ষণ সমূহ থকা সন্দেহজনক ৰোগী পোৱা যায় তেতিয়া তেজৰ নমুনা সংগ্ৰহ কৰি হেই অঞ্চলৰ চিকিৎসা বিষয়াক খবৰ দি বিধিগত ব্যৱস্থা লবলৈ আহ্বান জনায় । ইয়াৰ লগতে তেখেতে জিলাখনৰ প্ৰতিখন গাঁও আৰু চাহবাগিচাত বাহকজনিত ৰোগৰ ওপৰত গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি সমিতিৰ সদস্যৰ উপস্থিতিত সজাগতা অভিযান অনুষ্ঠিত কৰিবৰ বাবে আহ্বান জনাই। লগতে প্ৰতিটো গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি দিৱসৰ দিনা ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে।
যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়ে বিভিন্ন স্বাস্থ্য বিষয়া সকলক নিজ-নিজ গাঁওৰ অন্তৰ্গত প্ৰতিগৰাকী আশাকৰ্মীৰ দ্বাৰা ঘৰে-ঘৰে জ্বৰত আক্ৰান্ত ৰোগীৰ খবৰ লোৱা আৰু তেজৰ নমুনা সংগ্ৰহ কৰাৰ পৰিকল্পনা তৈয়াৰ কৰাৰ আহ্বান জনায়।
ৰাইজৰ মাজত বাহক জনিত ৰোগৰ সজাগতা বৃদ্ধিৰ দিশত ড: ৰঞ্জিত ভূঞা দেৱে কয় যে প্ৰতিঘৰ মানুহৰ ওচৰত নিজৰ অঞ্চলৰ আশাকৰ্মীসকলৰ মোবাইল নম্বৰ থকা টো অতিকৈ জৰুৰী যাতে জ্বৰ হোৱাৰ লগে লগে পৰিয়ালৰ মানুহে খবৰটো আশা গৰাকীক দিব পাৰে। ইয়াৰ উপৰি কোনোবা ৰোগী জ্বৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ টো পৰিয়ালৰ মানুহে যাতে আশাকৰ্মীক দিয়ে যাতে বিভাগীয় কৰ্মীসকলে তৎক্ষণাৎ সেই অঞ্চলটো পৰিদৰ্শন কৰি বাকী পৰিয়াল সমূহৰ পৰা তেজ সংগ্ৰহ ইত্যাদি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।
যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়ে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (বিদ্যালয় স্বাস্থ্য), মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (হেড কোৱাৰ্টাৰ), ডিষ্ট্ৰিক্ত চাৰভেইলেন্স অফিচ, মনোৰোগ বিশেষজ্ঞ, জিলা মেলেৰিয়া বিষয়া, জিলা বাহক জনিত ৰোগ কনছালতেন্ত, এপিদেমিওলজিষ্ট, এন এইহ এম ৰ বিষয়া, Multi Purpose Worker, Surveillance Worker, Sanitary Inspector আদিৰ উপস্থিতিত প্ৰতিটো বাহক জনিত ৰোগত আক্ৰান্ত ৰোগীৰ সময়মতে পৰিদৰ্শন কৰাৰ লগতে সময়মতে ৰিপʼৰ্ট কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।
বাহক জনিত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসক সকলৰ লগত ৰাইজৰ সহযোগিতা অতিকৈ মহত্বপূৰ্ণ বুলি মন্তব্য কৰে যুটীয়া সঞ্চালক গৰাকীয়ে।
তেওঁ কয় যে ৰাইজৰ মাজত চলি থকা বিভিন্ন সজাগতা কাৰ্যসূচী সমূহত অংসগ্ৰহন কৰি সজাগতাৰ বাৰ্তা সমূহ মানি চলিলে জিলা খনৰ পৰা বাহক জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ আঁতৰি থাকিব।
NORTHEAST NEWS INDIA