Saturday, 4 June 2022

গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিবেশ দিৱস পালন ৷

 গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিবেশ দিৱস পালন ৷



 :৪ জুন


স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনে এন আৰ এল ; গ্ৰীণেৰী আছাম ধপাত নিয়ন্ত্ৰণ সমিতি ; যক্ষ্মা ণিয়ন্ত্ৰণ সমিতিৰ সহযোগত গোলাঘাটৰ কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰেপৰা দুদিনিয়াকৈ   বিশ্ব পৰিবেশ দিৱস পালন কৰিছে ৷ শনিবাৰৰ দিনাৰ কায্যসূচীৰ পুৱা বীক্ষৰোপন শুভাৰম্ভ কৰে কণমানি ছাত্ৰী তামান্না শান্দিল্য আৰু  অভিচি কৌশিক সভাপণ্ডিতে ৷ ইয়াৰ পিছতেই শুভাযাত্ৰা শুভাৰম্ভ কৰে বিজেপিৰ নেতা দেবজিৎ বৰাই ৷ ছাত্ৰছাত্ৰীৰ মাজত ৰেখাচিত্ৰ প্ৰতিযোগিতাৰ পিছত বাটৰনাট অনুষ্ঠিত হয় ৷ ১বজাৰ পৰা অধ্যক্ষ মছলেহুজ জামানৰ

 সভাপতিত্বত অনুষ্ঠিত সভাত জিনা বৰুৱা ; প্ৰতুল বৰবৰা ; অমিয় কুমাৰ বৰা ; ডা°সুনিতা এক্কাই বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷ এই সভাতেই প্ৰতিযোগিতাত  বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ লগতে অংশলোৱা সকলকো যোগদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷   যুৱনেতা সঞ্জু কৌশিকে আতঁধৰা অনুষ্ঠানত পায়নিয়াৰ ফাউণ্ডেচনৰ সভাপতি প্ৰকাশ শৰ্মা ; সম্পাদক সুশান্ত শৰ্মা তামুলী ; গ্ৰীনেৰী আচামৰ সভাপতি লিখন বৰা  কে ধৰি    সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত আছিল ৷ ৷


গোলাঘাটৰ পৰা মাধৱ গগৈ  প্ৰতিবেদন NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...