জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪২
গোলাঘাট, ১৪ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ মুখ্য সচিব তথা অসম শক্তি বিতৰণ কোম্পানী চমুকৈ এ পি ডি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱাই আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত এ পি ডি চি এলৰ বিভিন্ন কাম-কাজৰ বুজ লয় । ইয়াৰ পাছতেই তেওঁ গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী জল জীৱন অভিযানৰ বৰ্তমান স্থিতি সন্দৰ্ভতো সবিশেষ পৰ্যালোচনা কৰে । তেওঁ ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত যাতে গোলাঘাট জিলাত এই আঁচনিৰ অধীনত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰা যায় সেয়া সুনিশ্চিত কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । মুখ্য সচিব গৰাকীয়ে আজিৰ বৈঠকতে মিছন বসুন্ধৰাৰ সফল ৰূপায়ন সন্দৰ্ভতো বুজ লয় । তেওঁ দুৰ্নীতিমুক্ত আৰু আসোঁৱাহমুক্তভাৱে এই আচঁনিখন ৰূপায়ণত গুৰুত্ব আৰোপ কৰে । শ্ৰী বৰুৱাই সমাজ কল্যান বিভাগৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰো ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে । বৈঠকত অংশ লোৱা এ পি ডি চি এলৰ বিষয়ববীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আৰু জিলাখনৰ আটাইকেইগৰাকী ৰাজহ চক্ৰ বিষয়াই মুখ্য সচিব গৰাকীক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে । বৈঠকত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, প্ৰশাসনৰ ভালেকেইগৰাকী শীৰ্ষ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু এ পি ডি চি এলৰ বিষয়ববীয়াসকলে অংশ লয় ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India