Monday, 10 January 2022

*গোলাঘাটত কোভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৪

*গোলাঘাটত কোভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ*

গোলাঘাট, ১০ জানুৱাৰীঃ গোলাঘাট জিলাতো আজিৰে পৰা কোভিডৰ সুৰক্ষাসূচক পালি (Precaution dose) প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কৃষিমন্ত্ৰী অতুল বৰাই জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ উপস্থিতিত ক'ভিড প্ৰতিষেধকৰ সুৰক্ষাসূচক পালি প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ তেওঁ পাছত সাংবাদিকৰ আগত কয় যে ক'ভিড-১৯ৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই । সেয়ে সকলোকে সাৱধান হ'বলৈ তেওঁ আহ্বান জনায় । লগতে ভোগালী বিহু উদযাপনৰ সময়ত সকলো স্বাস্থ্য বিধি মানি বিশেষভাৱে সতৰ্ক হ'বলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । ইফালে উপায়ুক্তগৰাকীয়ে নিজেও আজি সুৰক্ষাসূচক পালি গ্ৰহণ কৰে । তেওঁ পাছত সাংবাদিকৰ আগত কয় যে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰা সকলো স্বাস্থ্যসেৱা কৰ্মী আৰু সন্মুখৰ শাৰীৰ কৰ্মীক এই সুৰক্ষাসূচক পালি দিয়া হ'ব ৷ কোনো ৰোগত ভুগি থকা ৬০বছৰ বা তাতকৈ উৰ্ধৰ লোকসকলে চিকিৎসকৰ পৰামৰ্শমতে এই পালি প্ৰতিষেধক ল'ব পাৰিব । দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ৯ মাহ অতিক্ৰম কৰা লোকসকলে সুৰক্ষাসূচক পালি ল'ব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ৷ ক'ভিডত আক্ৰান্ত হোৱা লোকে আৰোগ্য হোৱাৰ ৩ মাহৰ পাছত এই পালি প্ৰতিষেধক ল'ব পাৰিব । তেওঁ সুৰক্ষাসূচক পালি গ্ৰহণৰ বাবে যোগ্য সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰনাথ তামুলী আৰু কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্যকর্মী উপস্থিত আছিল । 

আনহাতে গোলাঘাট জিলাৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই আজি দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত সুৰক্ষাসূচক পালি প্ৰদানৰ শুভাৰম্ভ কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...