Friday, 17 December 2021

*ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ উত্তৰাধিকাৰীক ৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ গোলাঘাট জিলা প্ৰশাসনৰ*

*ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ উত্তৰাধিকাৰীক ৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ গোলাঘাট জিলা প্ৰশাসনৰ*

গোলাঘাট, ১৭ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনাৰ ভিত্তিত গোলাঘাট জিলাতো ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়ক ৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । হিতাধিকাৰীসকলক জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰয়োজনীয় নথি-পত্ৰসহ আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ'ল । আবেদন প্ৰ-পত্ৰখনি জিলা প্ৰশাসনৰ ৱেৱচাইট www.golaghat.gov.in তো উপলব্ধ ।

উল্লেখযোগ্য যে প্ৰাৰ্থনা আঁচনি, ক'ভিড-১৯ ত স্বামীহাৰা হোৱা মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনি আৰু মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিত অন্তৰ্ভুক্ত নোহোৱা লোকসকলেও এই সাহায্যৰ বাবে আবেদন কৰিব পাৰিব । 

জনসংযোগ,গোলাঘাট
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India