জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৯
*ক'ভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ ১০০ শতাংশ লক্ষ্যত উপনীত গোলাঘাট জিলা*
গোলাঘাট, ৮ ডিচেম্বৰঃ গোলাঘাট জিলাত ক'ভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ ১০০ শতাংশ লক্ষ্যত উপনীত হৈছে স্বাস্থ্য বিভাগ । আজিলৈকে জিলাখনৰ পাঁচোটা বিধানসভা সমষ্টিৰ ১০০৫টা ভোটগ্ৰহন কেন্দ্ৰৰ অধীনৰ ৭,৭০,১৮৩ জন লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । ইয়াৰে ৯৩ নং বোকাখাত সমষ্টিৰ ১৮৫ টা ভোটগ্ৰহন কেন্দ্ৰৰ ১,৪৬,০৮১জন লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰে । আনহাতে ৯৪ নং সৰুপথাৰ সমষ্টিৰ ৩০০টা ভোটগ্ৰহন কেন্দ্ৰৰ অধীনৰ ২,৪৫,৬০৮জন আৰু ৯৫ নং গোলাঘাট সমষ্টিৰ ২৬১টা ভোটগ্ৰহন কেন্দ্ৰৰ অধীনৰ ১,৮৭,২৫৮ জন লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰে ।একেদৰে ৯৬ নং খুমটাই সমষ্টিৰ ১৮৮টা ভোটগ্ৰহন কেন্দ্ৰৰ অধীনৰ ১,৩৩,৭২৪জন লোক আৰু ৯৭ নং দেৰগাঁও সমষ্টিৰ ৭১টা ভোটগ্ৰহন কেন্দ্ৰৰ অধীনৰ ৫৭,৫১২জন লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰে । অৱশ্যে বিভিন্ন ৰোগত আক্ৰান্ত ১৬৩৮ জন লোকে শাৰীৰিক অসুস্থতাৰ বাবে এতিয়াও প্ৰতিষেধক গ্ৰহণ কৰিব পৰা নাই ।
ইফালে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত গোলাঘাট জিলাৰ এই সাফল্যৰ বাবে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছে । তেওঁ বিশেষকৈ প্ৰশাসনৰ প্ৰয়াসৰ প্ৰতি সঁহাৰি জনাই হৰ ঘৰ দস্তক কাৰ্যসূচীৰ সময়ছোৱাত প্ৰথম পালি প্ৰতিষেধক লোৱা লোকসকলক ধন্যবাদ জ্ঞাপন কৰে । লগতে এই অভিযান সফল কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশা, অংগনৱাড়ী কৰ্মী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বিভিন্ন বিভাগৰ এই প্ৰক্ৰিয়াত নিয়োজিত লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । অৱশ্যে এয়াই শেষ নহয় বুলি উল্লেখ কৰি তেওঁ প্ৰথম পালি প্ৰতিষেধক লোৱা লোকসকলক বিনাদ্বিধাই দ্বিতীয় পালি ল'বলৈ আহ্বান জনায় । তেওঁ কয় যে ক'ভিডৰ বিৰুদ্ধে এই যুঁজখনত প্ৰতিষেধকেই একমাত্ৰ অস্ত্ৰ । তেওঁ কয় যে প্ৰশাসনৰ বিষয়া, চিকিৎসক, স্বাস্থ্যকর্মী, আশা, অংগনৱাড়ী কৰ্মী, শিক্ষক-শিক্ষয়িত্ৰী আৰু এই অভিযানৰ সৈতে জড়িত লোকসকলে দিনে-নিশাই বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো চলোৱা প্ৰয়াসৰ বাবেই ১০০ শতাংশ প্ৰতিষেধক প্ৰদান সুনিশ্চিত হৈছে । তেওঁ এই প্ৰয়াসক আৰু অধিক সফল কৰি গোলাঘাট জিলাখনক ক'ভিডমুক্ত কৰাত সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ ক'ভিডৰ সম্ভাব্য তৃতীয়টো ঢৌক প্ৰতিহত কৰিব পৰাকৈ সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সতৰ্ক হ'বলৈ আহ্বান জনায় ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India