Sunday, 14 November 2021

*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৬

*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*

গোলাঘাট, ১১ নৱেম্বৰঃ গোলাঘাট নিৰ্বাচনী জিলাৰ বাবে ২০২২ চনৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে অহা ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান চলোৱাৰ দিহা কৰা হৈছে । সেই অনুসৰি ১৩ নৱেম্বৰত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত থকা নিৰ্বাচন শাখাত অথবা সংশ্লিষ্ট ভোটগ্ৰহন কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈকে নতুন ভোটাৰসকলে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব । ভোটগ্ৰহন কেন্দ্ৰসমূহত বি এল অ'সকল উপস্থিত থাকিব । আনহাতে ১৪ নৱেম্বৰত গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা আম্বেদকাৰ ভৱনৰ চৌহদত বিশেষ নাম পঞ্জীয়ন শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰত এখন আন্তঃ মহাবিদ্যালয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে ছাত্ৰ-ছাত্রীসকলে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । প্ৰতিযোগিতাৰ প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India