Tuesday, 30 November 2021

*গোলাঘাটত সুলভ মূল্যৰ দোকানত অনিয়ম, গোচৰ ৰুজু*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২০৯

*গোলাঘাটত সুলভ মূল্যৰ দোকানত অনিয়ম, গোচৰ ৰুজু* 

গোলাঘাট, ৩০ নৱেম্বৰ : গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা অভিযানকাৰী দলে যোৱা ২৯ নৱেম্বৰত বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য আৰু অভিযোগৰ ভিত্তিত জিলাখনৰ বনগাঁও, জ্যোতিনগৰত থকা ৰমেন গগৈ নামৰ সুলভ মূল্যৰ ব্যৱসায়ীজনৰ দোকানত চলোৱা অভিযানত ভালেমান অনিয়ম পোহৰলৈ আহে । অভিযানকাৰী দলটোৱে লাভ কৰা তথ্যৰ ভিত্তিত সুলভ মূল্যৰ দোকানখন জব্দ কৰা হয় । সেই অনুসৰি এই অভিযানকালত সামগ্ৰী মজুতকৰণ সম্পৰ্কীয় তথ্যসম্বলিত ব'ৰ্ড আৰু মজুত থকা সামগ্ৰীৰ মাজত ব্যাপক ব্যৱধান থকাৰ লগতে যোৱা ছমাহ ধৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ চাউল আৰু অন্য সামগ্ৰীৰ মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ বিক্ৰী পঞ্জীয়ন বহীত খেলিমেলি, বিক্ৰী আৰু পাৰ্মিট বুকত প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ অধীনত আগষ্ট মাহৰ চাউলৰ তথ্য অন্তৰ্ধান হোৱা আদি বিসংগতি পোহৰলৈ আহে । অভিযানকাৰী দলটোৱে বিক্ৰীৰ তথ্য-পাতি পৰীক্ষা কৰাৰ পাছত সুলভ মূল্যৰ দোকানখনৰ চৌহদত অতিৰিক্তভাৱে প্ৰায় ১৫ কুইণ্টল চাউল উদ্ধাৰ কৰা হয় । ইতিমধ্যে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Notifications

ভুক্তভোগীয়ে যাতে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ কৰা হ'ব বুলিও চৰকাৰে ঘোষণা কৰিছে ।

কালি যোৰহাটত সংঘটিত নিন্দনীয় ঘটনাত প্ৰাণ হেৰুওৱা  অনিমেষ ভূঞাৰ দেৰগাঁৱৰ খকন্দগুৰিৰ বাসগৃহত নিশাই উপস্থিত হৈ গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে । তেওঁ কয় যে এই ঘটনা সঁচাই নিন্দনীয় আৰু গোলাঘাট জিলা প্ৰশাসন এই সংকটৰ সময়ত ভুক্তভোগী পৰিয়ালটোৰ সৈতে আছে । 

উল্লেখযোগ্য যে ১৫ দিনৰ ভিতৰত ঘটনাটোৰ অভিযোগনামা দাখিল কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিছে ।

ভুক্তভোগীয়ে যাতে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ কৰা হ'ব বুলিও চৰকাৰে ঘোষণা কৰিছে ।


NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত ঋণ শিবিৰ সম্পন্ন, ৮০১ টা আত্মসহায়ক গোটলৈ ১৯.৬৫ কোটি টকাৰ ঋণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০৮

*গোলাঘাটত ঋণ শিবিৰ সম্পন্ন, ৮০১ টা আত্মসহায়ক গোটলৈ ১৯.৬৫ কোটি টকাৰ ঋণ*

গোলাঘাট, ৩০ নৱেম্বৰঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাট জিলা প্ৰকল্প প্ৰৱন্ধক গোটৰ উদ্যোগত আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটা ঋণ শিবিৰ অনুষ্ঠিত হয় । অনুষ্ঠানত গোলাঘাট জিলাৰ মুঠ ৮০১ টা আত্মসহায়ক গোটলৈ ১৯.৬৫ কোটি টকাৰ ঋণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় । ইয়াৰে ৩৪৪ টা গোটক ৯.৬৩ কোটি টকাৰ ঋণৰ আবন্টন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই কয় যে জিলাখনৰ আত্মসহায়ক গোটসমূহৰ মাজত ঋণ লৈ কাম কৰাৰ ব্যাপক আগ্ৰহ দেখা গৈছে । এইক্ষেত্ৰত তেওঁ বেংকসমূহে দিয়া সহাঁৰিৰ বাবে বেংক কৰ্তৃপক্ষসমূহক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ ঋণৰ ধন উপার্জনমুখী উৎসত ব্যয় কৰিবলৈ গোটৰ সদস্যসকলৰ প্ৰতি আহ্বান জনায় । এই ঋণ শিবিৰত অসম গ্ৰামীণ বিকাশ বেংকে আত্মসহায়ক গোটসমূহলৈ সৰ্বাধিক ঋণ আৱন্টন দিছে । লগতে ভাৰতীয় ষ্টেট বেংক, ইণ্ডিয়ান বেংক, পঞ্জাৱ নেশ্যনেল বেংক, এইচ ডি এফ চি, এপেক্স বেংক, আই ডি বি আই, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, কানাড়া বেংক আৰু বেংক অৱ বৰোডাই ঋণ আগবঢ়াইছে । অনুষ্ঠানত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, গোলাঘাটৰ এল ডি এম, অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰৱন্ধক, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক (বীমা আৰু পেঞ্চন), খণ্ড উন্নয়ন বিষয়াসকল, বিভিন্ন বেংকৰ শাখা প্ৰৱন্ধক আৰু আত্ম সহায়ক গোটৰ সদস্যসকল উপস্থিত আছিল । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 29 November 2021

Golaghat COVID-19🦠😷 Details

*গোলাঘাট জিলাতো আজিৰে পৰা ৫ ডিচেম্বৰলৈ 'হৰ ঘৰ দস্তক' অভিযান**প্ৰতিষেধক গ্ৰহণৰ হাৰ ৯৫ শতাংশৰ তলত থকা ৬১টা ভোটগ্ৰহন কেন্দ্ৰৰ অধীনত ঘৰে ঘৰে গৈ সত্যাসত্য নিৰূপণ কৰিব বিষয়াই**গোলাঘাট জিলাত ৯৮.৫ শতাংশ লোকৰ প্ৰথম পালি আৰু ৫৯.৫ শতাংশৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০৭

*গোলাঘাট জিলাতো আজিৰে পৰা ৫ ডিচেম্বৰলৈ 'হৰ ঘৰ দস্তক' অভিযান*

*প্ৰতিষেধক গ্ৰহণৰ হাৰ ৯৫ শতাংশৰ তলত থকা ৬১টা ভোটগ্ৰহন কেন্দ্ৰৰ অধীনত ঘৰে ঘৰে গৈ সত্যাসত্য নিৰূপণ কৰিব বিষয়াই*

*গোলাঘাট জিলাত ৯৮.৫ শতাংশ লোকৰ প্ৰথম পালি আৰু ৫৯.৫ শতাংশৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ*

গোলাঘাট, ২৯ নৱেম্বৰঃ গোলাঘাট জিলাৰ ১০০ শতাংশ লোকক ক'ভিড-19ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰে সামৰি লোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা "হৰ ঘৰ দস্তক" অভিযান সন্দৰ্ভত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব তথা এই অভিযানৰ পৰ্যবেক্ষক শ্ৰী দেৱজ্যোতি দত্ত আৰু উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাত এতিয়ালৈকে ৭,৪৩,২৮৬ অৰ্থাৎ ৯৮.৫ শতাংশ লোকে প্ৰথম পালি আৰু ৪,৪৮,৯৭২ অৰ্থাৎ ৫৯.৫ শতাংশ লোকে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । জিলাখনৰ ৬১টা ভোটগ্ৰহন কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণৰ হাৰ ৯৫ শতাংশৰ তলত বুলি উল্লেখ কৰি তেওঁ কয় যে এই নিৰ্দিষ্ট কেন্দ্ৰৰ অধীনৰ অঞ্চলৰ লোকসকলৰ ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদানৰ বাবে তেওঁলোকক উৎসাহিত কৰা হ'ব ।  জিলাখনৰ চাৰিটা বিধানসভা সমষ্টি আৰু দেৰগাঁও সমষ্টিৰ কিছু অংশক সামৰি চলোৱা সমীক্ষা মতে যি অঞ্চলত জিলা গড় হিচাপতকৈ প্ৰতিষেধক গ্ৰহণৰ হাৰ কম তেনে অঞ্চলসমূহত প্ৰশাসনৰ বিষয়া, আশা-অংগনৱাড়ী কৰ্মী, গাওঁবুঢ়া, গাঁওৰক্ষী বাহিনী আদি কমেও তিনি হাজাৰ লোকক এই কামত নিয়োগ কৰা হৈছে । তেওঁলোকে আজিৰে পৰা ৫ ডিচেম্বৰলৈকে ঘৰে ঘৰে গৈ প্ৰতিষেধক লোৱা-নোলোৱা সন্দৰ্ভত সত্যাসত্য নিৰূপণ কৰিব । ভোটগ্ৰহন প্ৰক্ৰিয়াৰ দৰেই জিলাখনৰ ২৫টা জ'ন, ৮৭টা ছেক্টৰ আৰু ১০০৫টা ভোটগ্ৰহন কেন্দ্ৰ অনুসৰি এই সত্যাসত্য নিৰূপণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত  প্ৰতিষেধক লোৱা-নোলোৱাৰ বিষয়টো সুনিশ্চিত কৰাৰ বাবে দুজনকৈ বিষয়া থাকিব । সীমান্ত অঞ্চলৰ কেইটামান ভোটগ্ৰহন কেন্দ্ৰ আৰু বোকাখাতৰ নদীকাষৰীয়া কেতবোৰ অঞ্চলৰ বাহিৰে জিলাখনত চাহ বাগিচা অঞ্চলকে ধৰি বিভিন্ন ঠাইত প্ৰতিষেধক গ্ৰহণৰ হাৰ আশাব্যঞ্জক বুলি তেওঁ প্ৰকাশ কৰে । তেওঁ কয় যে দ্বিতীয় পালি লোৱাৰ সময় বেছি উকলি গ'লেও কোনো কথা নাই । যিকোনো সময়তে তেওঁলোকে নিজৰ দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰে । অহা এপ্ৰিল মাহৰ ভিতৰত জিলাখনত দ্বিতীয় পালি প্ৰতিষেধকৰ ১০০ শতাংশ লক্ষ্যত উপনীত হোৱাৰ বাবেও প্ৰয়াস চলোৱা হৈছে বুলি তেওঁ কয় । সংবাদমেলত এই অভিযানৰ পৰ্যবেক্ষক শ্ৰী দেৱজ্যোতি দত্তই কয় যে প্ৰতিষেধক গ্ৰহণৰ বাহিৰে এই ৰোগৰ বিৰুদ্ধে অন্য কোনো অস্ত্ৰ নাই । তেওঁ দায়বদ্ধ নাগৰিক হিচাপে সাংবাদিকসকলক প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত জনসজাগতা বৃদ্ধিত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে গোলাঘাট জিলাখনক ক'ভিডমুক্ত কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে ।   

*২ ডিচেম্বৰত গোলাঘাটত মাইক্ৰ' ফাইনেন্সৰ ৫ হাজাৰ ঋণগ্ৰস্ত মহিলাক চেক প্ৰদানৰ প্ৰস্তুতি*

আনহাতে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত উপায়ুক্তগৰাকীয়ে কয় যে অসম চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ ঋণ ৰেহাই দিয়াৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অধীনত অহা ২ ডিচেম্বৰত গোলাঘাট জিলাৰ ৫ হাজাৰ মহিলাক চেক প্ৰদান কৰা হ'ব । মহিলাসকলক ঋণ পৰিশোধ কৰাৰ বাবে সৰ্বাধিক ২৫ হাজাৰ টকা পৰ্যন্ত চেক্ প্ৰদান কৰা হ'ব । এই উপলক্ষে গোলাঘাট সমন্বয় পথাৰ(ৰাজহুৱা খেলপথাৰ)ত  সেইদিনা এটি চেক্ বিতৰণী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । অনুষ্ঠানত বন্ধন বেংককে ধৰি ১৯টা বিত্তীয় প্ৰতিষ্ঠানৰ ৫ হাজাৰ মহিলাক "অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি"ৰ অধীনত চেক প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । গোলাঘাট জিলাৰ প্ৰায় ৫২ হাজাৰ মহিলাই পৰৱৰ্তী সময়ত ব্লক পৰ্যায়ত চেক লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, কৃষি, পশুপালন আৰু পশুচিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, বিধায়ক শ্ৰী মৃণাল শইকীয়া, শ্ৰী ভৱেন্দ্ৰনাথ ভঁৰালী আৰু শ্ৰী বিশ্বজিৎ ফুকন উপস্থিত থাকিব । 

*আগবাঢ়িছে সতী সাধনী বিশ্ববিদ্যালয়ৰ কাম*

উপায়ুক্তগৰাকীয়ে লগতে কয় যে গোলাঘাট জিলাত প্ৰস্তাৱিত সতী সাধনী বিশ্ববিদ্যালয়ৰ কামো আগবাঢ়িছে । বিশ্ববিদ্যালয়খনৰ বাবে ১২০ বিঘা মাটিৰ প্ৰস্তাৱ দিয়া হৈছে । ইতিমধ্যে মাটিৰ পৰীক্ষা আৰু বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুতকৰণৰ কামো আৰম্ভ হৈছে বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে ।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 27 November 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*মৰঙি কৃষি উন্নয়ন বিষয়া চক্ৰৰ বৰচাপৰি গাঁৱত বিভিন্ন প্ৰজাতিৰ ধানৰ খেতিৰ অংশীদাৰীত্বমূলক মূল্যায়ন কাৰ্যসূচী সম্পন্ন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৮

*মৰঙি কৃষি উন্নয়ন বিষয়া চক্ৰৰ বৰচাপৰি গাঁৱত বিভিন্ন প্ৰজাতিৰ ধানৰ খেতিৰ অংশীদাৰীত্বমূলক মূল্যায়ন কাৰ্যসূচী সম্পন্ন*

গোলাঘাট, ২৭ নৱেম্বৰঃ মৰঙি  কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ বৰচাপৰি গাঁৱত কালি অসম এগ্ৰিবিজনেছ আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প চমুকৈ এপার্টৰ অধীনত একে ঠাইতে সুকীয়া সুকীয়াকৈ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি (ৰাইচ ভেৰায়েটেল কেফেটেৰিয়া)ৰ এটা অংশীদাৰীত্বমূলক মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত হয় । গোলাঘাটৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু অসম এগ্ৰিবিজনেছ আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ এপার্ট-আত্মা, গোলাঘাটৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচী জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ') তথা এপাৰ্টৰ জিলা ন'ডেল বিষয়া ৰঞ্জন বৰুৱাই শুভাৰম্ভ কৰে । অনুষ্ঠানত স্থানীয় আৰু বৰ্ণসংকৰ মুঠ ১০টা ধানৰ প্ৰজাতি প্ৰদৰ্শন কৰা হয় । ২,০০০ বৰ্গ মিটাৰ এলেকাত উদ্যমী কৃষক ৰাজীৱ চেতিয়াৰ পথাৰত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ আৰু গোলাঘাট জিলা কৃষি বিভাগৰ তত্বাৱধানত এই একে ঠাইতে সুকীয়া সুকীয়াকৈ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা হৈছে । অনুষ্ঠানৰ অংশৰূপে বিভিন্ন ঠাইৰ পৰা অহা ৩৫ গৰাকী কৃষকে বিভিন্ন প্ৰজাতিৰ ধানৰ মূল্যায়ন কৰে । ধানৰ লক্ষনগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দিয়া ভোটৰ ওপৰত নিৰ্ভৰ কৰি ৰঞ্জিত ছাব ১ (এছ টি আৰ ভি) ধানক প্ৰথম স্থান, কণ জহা (প্ৰিমিয়াম শ্ৰেণীৰ ধান)ধানক দ্বিতীয় স্থান আৰু কাজল (এল পি ভি)ধানক তৃতীয় স্থানত ৰখা হয় । 
 
অনুষ্ঠানত কৃষি উন্নয়ন বিষয়া তথা মৰঙি উন্নয়ন খণ্ডৰ আহ্বায়ক সংঘমিত্ৰা শৰ্মা, এপাৰ্টৰ জিলা পৰিৱেশ সমন্বয়ক ডঃ বনশ্ৰী শৰ্মা, আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কনিষ্ঠ গৱেষক অংকিতা চাহু, গোলাঘাট আৰু মৰঙি কৃষি উন্নয়ন বিষয়া চক্ৰৰ কৃষি সম্প্ৰসাৰণ সহকাৰীসকল, মৰঙি উন্নয়ন খণ্ডৰ খণ্ড প্ৰযুক্তি প্ৰৱন্ধক দিগন্ত গোহাঁই, সহকাৰী প্ৰযুক্তি প্ৰৱন্ধক জ্ঞায়ছি ৰয়, এপাৰ্টৰ ৰিচাৰ্ছ টেকনিচিয়ান অভিষেক সিংহ, স্থানীয় কৃষক আৰু ভালেমান গাঁওবাসী উপস্থিত আছিল । 

উল্লেখযোগ্য যে বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে গোলাঘাট জিলাৰ চাৰিটা কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনত ৰূপায়িত এই এপার্ট প্ৰকল্পৰ দ্বাৰা খেতিয়কসকলে নিজে খেতিৰ বাবে উপযুক্ত প্ৰজাতি নিৰ্ধাৰণ কৰিব পাৰিব ।
 
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 26 November 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 27/11/2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 27/11/2021

Notifications

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটৰ সাধনী কলাক্ষেত্ৰত আজিৰে পৰা মাহজোৰা কাৰ্যসূচীৰে মৌ-পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী* *মৌ-পালন কেৱল এটা বৃত্তি নহয়, পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত এটা বিষয়ঃ উপায়ুক্ত*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০৩

*গোলাঘাটৰ সাধনী কলাক্ষেত্ৰত আজিৰে পৰা মাহজোৰা কাৰ্যসূচীৰে মৌ-পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী*

 *মৌ-পালন কেৱল এটা বৃত্তি নহয়, পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত এটা বিষয়ঃ উপায়ুক্ত*
গোলাঘাট, ২৬ নৱেম্বৰঃ প্ৰধানমন্ত্ৰীৰ কৌশল ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সেউজ কৌশল বিকাশ কাৰ্যক্ৰমৰ অধীনত আজিৰেপৰা গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত বনৰীয়া মৌ-পালন আৰু প্ৰকাৰণৰ এমহীয়া প্ৰমাণ-পত্ৰৰ এটা মাহজোৰা প্ৰশিক্ষণ আৰম্ভ হৈছে । অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত পৰিৱেশ তথ্য কেন্দ্ৰ (ENVIS Hub) ৰ উদ্যোগত আৰু মানৱ কল্যান উন্নয়ন পৰিষদৰ সহযোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ আজিৰ উদ্বোধনী অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই অংশগ্ৰহণ কৰে । তেওঁ নিজৰ ভাষণত কয় যে এই প্ৰশিক্ষণৰ দ্বাৰা প্ৰশিক্ষাৰ্থীসকলে যে কেৱল এটা জীৱিকাৰ পথ উলিয়াব পাৰিব তেনে নহয়, বৰং তেওঁলোকে এটা সুস্থ জীৱনশৈলীৰো জ্ঞান লাভ কৰিব ।  ইউৰোপ, জাৰ্মানী আদি দেশৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে বৰ্তমান সময়ত মৌ-পালন এটা বৃহৎ পৰিসৰলৈ আগবাঢ়িছে । মৌ-পালন যিহেতু পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত বিষয়, সেয়ে ই উপাৰ্জনৰ এটা ভাল মাধ্যম হোৱাৰ লগতে এই বৃত্তি ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিও এক অৱদান হ'ব । প্ৰসংগক্ৰমে তেওঁ গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ বাবে সৌৰ শক্তিৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত অংশ লৈ অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ বিষয়া তথা এনভিছ-হাবৰ সমন্বয়ক ডঃ জয়দ্বীপ বৰুৱাই কয় যে এই প্ৰশিক্ষণত হাবিৰ পৰা বনৰীয়া মৌ ধৰি আনি পোহা, বাকচ নিৰ্মাণ কৰা, মৌৰ পৰা মম প্ৰস্তুত কৰা আদি সকলো দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । তেওঁ কয় যে মৌ আৰু বিভিন্ন পতংগক সুৰক্ষা প্ৰদানেৰে প্ৰকৃতিৰ সেউজ আৱৰণখনক সুৰক্ষা দিয়াৰ বাবে বিজ্ঞানসন্মতভাৱে মৌ পালন কৰা দৰকাৰ । বনৰীয়া মৌৰ বাঁহ কাটি আনিলে বা বাঁহ জ্বলাই মৌ সংগ্ৰহ কৰিলে মৌ মাখিৰ এটা বৃহৎ উপনিৱেশ ধ্বংস হয় । সেয়ে বহনক্ষম উন্নয়নৰ স্বাৰ্থত মৌ মাখিৰ ক্ষতি নকৰাকৈ মৌ-পালন কৰাৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ আৱশ্যকতা আছে । মৌ-পালনৰ প্ৰশিক্ষণৰ লগতে এই কাৰ্যসূচীত যোগাভ্যাস আৰু বিজ্ঞানসন্মতভাৱে আৱৰ্জনা নিষ্কাশনৰো প্ৰশিক্ষণ দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত মানৱ কল্যান উন্নয়ন পৰিষদৰ অতিৰিক্ত সচিব মৃণ্ময় সাহায়ো অংশগ্ৰহণ কৰে । আজিৰ অনুষ্ঠানত পূৰ্বে প্ৰশিক্ষণ গ্ৰহণ কৰা তথা বৰ্তমান সফল মৌ-পালক মান্না হাজৰিকা আৰু প্ৰিয়ব্ৰত গোস্বামীয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে । অনুষ্ঠানটোৰ আঁত ধৰে এনভিছ হাব, অসমৰ কাৰ্যক্ৰম বিষয়া ডঃ মনিষা শৰ্মাই । অনুষ্ঠানত এনভিছ হাব, অসমৰ তথ্য বিষয়া সমীৰণ কলিতা আৰু তথ্য-প্ৰযুক্তি বিষয়া উৎপল দাসৰ লগতে এনভিছ হাবৰ কৰ্মী আৰু প্ৰশিক্ষাৰ্থীসকল উপস্থিত আছিল ।  

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

হে মানৱ জাতি আহক আমি সকলো পাহৰি এক মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ আৰু নিজকে মা আৰু প্ৰকৃতি ৰ সন্তান বুলি আমি নিজকে চিনাকি দিওঁ। মা আৰু প্ৰকৃতি য়ে যেনকৈ আমাক সকলো দিছে, থিক তেনেকৈ আমি মা আৰু প্ৰকৃতিৰ কথা চিন্তা কৰো। সকলো লুভ মোহ কাম ক্ৰধ অংহকাৰ ত্যাগ দি জীয়াই থকা দিন বোৰত এককবদ্ধ ভাবে ভাল কৰ্মৰ যোগেদি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰো। সকলো জাতি ধৰ্ম  ভাষা ভাষি নধৰি এক মানৱ জাতি হৈ পৃথিবীত বাস কৰো আহঁক।। 

বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো। 

 মোৰ সকলোলৈ আহ্বান। সকলো অঞ্চলতে এখনকৈ সকলোকে সামৰি সমাজ গঠন কৰিবলৈ অনুৰোধ জনালো। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে  বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব। 

🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব। 

🚩আমাৰ কোনো জাতি ধৰ্ম বুলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই। 

🚩আমাক বিশ্বত মানৱ জাতি বুলি হে জানিব। 

🚩 আমাৰ কৰ্মই ধৰ্ম হব। 
 
🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ। 

🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।

🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব।  যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।

🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব। 

🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।

মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ।

  আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো  ।।

ধন্যবাদেৰে। 

MADHOB GOGOI
মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति) Founder (CEO),  প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।
Email- mother.and.nature2021@gmail.com -  
WhatsApp - 9859593814

Thursday, 25 November 2021

*উৰীয়ামঘাটত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী আৰু ক্রেতা-বিক্রেতাৰ সন্মিলন সম্পন্ন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০২

*উৰীয়ামঘাটত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী আৰু ক্রেতা-বিক্রেতাৰ সন্মিলন সম্পন্ন*

গোলাঘাট, ২৫ নৱেম্বৰঃ সৰুপথাৰ সমষ্টিৰ অধীনৰ উৰীয়ামঘাটৰ লক্ষীপুৰ ৰাজহুৱা ভৱনত ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উন্নয়ন আয়ুক্ত আৰু ধনশিৰী ক্লাষ্টাৰ এপ্ৰ'চ প্ৰজেক্টৰ সহযোগত গোলাঘাট হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ উদ্যোগত যোৱা ২২ আৰু ২৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী আৰু বিক্ৰীমেলাৰ লগতে এখনি ক্রেতা-বিক্রেতাৰ সন্মিলন অনুষ্ঠিত হয় । কাৰ্যসূচীৰ প্ৰথমদিনা বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে । দ্বিতীয় দিনা দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা ক্রেতা-বিক্রেতাৰ সন্মিলনত গোলাঘাট হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ফকৰুদ্দিন আহমেদে আদৰণি ভাষণ দিয়ে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে কয় যে তাঁত শিল্পৰ জৰিয়তে অসমৰ বিভিন্ন জনগোষ্ঠীয় শিপিনীসকলে স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰিবলৈ সক্ষম হৈছে । লগতে ব্যৱসায় ভিত্তিত কাম কৰিবলৈ মহিলাসকল ওলাই আহিছে । এয়া অতি ভাল লক্ষণ বুলি তেওঁ মত প্ৰকাশ কৰে । কিৰণ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত সভাত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ডঃ সৎবিন্দৰ কৌৰ আৰু ডঃ ৰিণীৰাণি বৰুৱা উপস্থিত থাকে । অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, সৰুপথাৰৰ অধীক্ষক আনন্দ শৰ্মা, সমাজ সেৱক গুণীৰাম বড়ো, ৰংবং টেক্সটাইল, বোকাখাতৰ মৌচুমী হাজৰিকা আৰু সৰুপথাৰ মেজাঙ্কৰীৰ জয়শ্ৰী ভঁৰালীৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা ক্রেতা-বিক্রেতাসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...