জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২০৯
*গোলাঘাটত সুলভ মূল্যৰ দোকানত অনিয়ম, গোচৰ ৰুজু*
গোলাঘাট, ৩০ নৱেম্বৰ : গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা অভিযানকাৰী দলে যোৱা ২৯ নৱেম্বৰত বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য আৰু অভিযোগৰ ভিত্তিত জিলাখনৰ বনগাঁও, জ্যোতিনগৰত থকা ৰমেন গগৈ নামৰ সুলভ মূল্যৰ ব্যৱসায়ীজনৰ দোকানত চলোৱা অভিযানত ভালেমান অনিয়ম পোহৰলৈ আহে । অভিযানকাৰী দলটোৱে লাভ কৰা তথ্যৰ ভিত্তিত সুলভ মূল্যৰ দোকানখন জব্দ কৰা হয় । সেই অনুসৰি এই অভিযানকালত সামগ্ৰী মজুতকৰণ সম্পৰ্কীয় তথ্যসম্বলিত ব'ৰ্ড আৰু মজুত থকা সামগ্ৰীৰ মাজত ব্যাপক ব্যৱধান থকাৰ লগতে যোৱা ছমাহ ধৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ চাউল আৰু অন্য সামগ্ৰীৰ মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ বিক্ৰী পঞ্জীয়ন বহীত খেলিমেলি, বিক্ৰী আৰু পাৰ্মিট বুকত প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ অধীনত আগষ্ট মাহৰ চাউলৰ তথ্য অন্তৰ্ধান হোৱা আদি বিসংগতি পোহৰলৈ আহে । অভিযানকাৰী দলটোৱে বিক্ৰীৰ তথ্য-পাতি পৰীক্ষা কৰাৰ পাছত সুলভ মূল্যৰ দোকানখনৰ চৌহদত অতিৰিক্তভাৱে প্ৰায় ১৫ কুইণ্টল চাউল উদ্ধাৰ কৰা হয় । ইতিমধ্যে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰা হৈছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
No comments:
Post a Comment
Welcome Northeast News India