জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৮৪
*২৭ অক্টোবৰৰ পৰা গোলাঘাট জিলাত কৰ বিভাগৰ সজাগতা সপ্তাহ*
গোলাঘাট, ২৫ অক্টোবৰঃ গোলাঘাট জিলাৰ সহকাৰী কৰ আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত অনলাইন ব্যৱস্থাৰে পঞ্জীয়নভূক্ত হৈ কৰ পৰিশোধ কৰা সন্দৰ্ভত জিলাখনৰ কৰদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অহা ২৭ অক্টোবৰৰ পৰা বিশেষ সজাগতা সপ্তাহৰ আয়োজন কৰা হৈছে । সেই অনুসৰি ২৭ অক্টোবৰত দেৰগাঁও নগৰ এলেকা, ২৮ অক্টোবৰত বোকাখাত নগৰ এলেকা, ২৯ অক্টোবৰত সৰুপথাৰ নগৰ এলেকা আৰু ৩০ অক্টোবৰত গোলাঘাট নগৰ এলেকাত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলাখনৰ সহকাৰী কৰ আয়ুক্তই জানিবলৈ দিছে । উল্লেখযোগ্য যে অসম চৰকাৰৰ অধীনৰ ৰাজহ শিতানত পাবলগীয়া অসম বৃত্তি, বাণিজ্য, জীৱিকা ও নিয়োজন কৰ আইন, ১৯৪৭ অনুসৰি গোলাঘাট জিলাৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলে দিবলগীয়া বৃত্তি কৰৰ বহু অংশ অপৰিশোধিত হৈ আছে । এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India