Sunday, 5 September 2021

আজি ৫ চেপ্তেম্বৰ ২০২১ তাৰিখে বিশ্বৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰোৱা মহান ব্যক্তি ড°সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ পৱিত্ৰ জন্মতিথি উপলক্ষে সমস্ত শিক্ষক গোষ্ঠীৰ সন্মানাৰ্থে উদযাপন

আজি ৫ চেপ্তেম্বৰ ২০২১ তাৰিখে বিশ্বৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰোৱা মহান ব্যক্তি ড°সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ পৱিত্ৰ জন্মতিথি উপলক্ষে সমস্ত শিক্ষক গোষ্ঠীৰ সন্মানাৰ্থে উদযাপন কৰা শিক্ষক দিৱসৰ গোলাঘাট জিলা প্ৰশাসন ,শিক্ষা বিভাগ আৰু শিক্ষক সংগঠন সমূহৰ উদ্যোগত বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ৬০ সংখ্যক শিক্ষক দিৱস অনুষ্ঠানত 
গোলাঘাট ৪নং টাউন কুমাৰপট্টি বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী   
ঊষাৰাণী দেৱীয়ে কীৰ্তী শিক্ষকৰ সন্মানেৰে সন্মানিত হয় ৷জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী মহোদয়াৰ সভাপতিত্তৰে অনুষ্ঠিত হোৱা সভাখনিৰ সম্পূৰ্ণ গুৰি ধৰোঁতা বিদ্যালয়সমূহৰ পৰিদৰ্শক ,গোলাঘাট জিলা সংমণ্ডল তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড° সমীৰণ বৰা দেৱৰ তত্বাৱধানত কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকি আজিৰ সভাখনি সাফল্যমণ্ডিত কৰি তোলে ৷এই সভাত সম্বৰ্ধিত ঊষাৰাণী দেৱীয়ে মনৰ ভাৱ ব্যক্ত কৰি কয় যে ,এই সম্বৰ্ধনা  বোৰে শিক্ষকসকলৰ মনত আৰু অধিক শিক্ষাদানৰ স্পৃহা সৃষ্টি কৰাৰ লগতে শিক্ষক সকলক বহুপৰিমাণে দায়বদ্ধ কৰি তোলে ৷আমি আমাৰ প্ৰেছৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলো আৰু তেখেতৰ পৰা এখন সুস্থ সমাজৰ আশা কৰি লো ৷ধন্যবাদ ৷
---------------------

গোলাঘাটৰ পৰা মাধৱ গগৈ নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...