Tuesday, 21 September 2021

*গোলাঘাট জিলাত সাপ্তাহিক হাট-বজাৰ খোলাৰ অনুমতি*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬৩

*গোলাঘাট জিলাত সাপ্তাহিক হাট-বজাৰ খোলাৰ অনুমতি* 
গোলাঘাট, ২১ ছেপ্টেম্বৰঃ গোলাঘাট জিলাৰ কেতবোৰ ঠাইত ক'ভিড 19ত আক্ৰান্তৰ হাৰ বৃদ্ধি পাই থকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ আৰু হাটসমূহ এবাৰত সৰ্বাধিক ৬ঘণ্টাৰ বাবে খোলাৰ অনুমতি প্ৰদান কৰিছে । জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এই সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে । ১৯ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে । হাট-বজাৰসমূহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । বজাৰৰ ভিতৰত মাস্ক পৰিধান কৰা আৰু সামাজিক ব্যৱধান মানি চলা আদি বিষয়সমূহ হাট বা বজাৰ সমিতি অথবা লেছিসকলে সুনিশ্চিত কৰিব । তেওঁলোকে সমগ্ৰ বজাৰ এলেকাত সকলো ক'ভিড বিধি মানি চলাটোও সুনিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...