Thursday, 16 September 2021

তীব্ৰ খৰাংঙে দহিছে গোলাঘাট জিলাখনক ৷

 তীব্ৰ খৰাংঙে দহিছে গোলাঘাট জিলাখনক ৷


বহুদিন ধৰি বৰষুণ নাই সেয়েহে পথাৰত চিৰালফাট হোৱাৰ লগতে ধাননীপথাৰত অচিন পোকৰ আক্ৰমণ চলিছে ৷ খৰাং আৰু পোকৰ আক্ৰমণত ৰবিশস্যও কৰিবপৰা নাই নোগোৰা ; কুঁৱৰীপথাৰ কালুজান জামুগুৰি আদিৰ কৃষক সকলে ৷এইয়া গোলাঘাটৰ নোগোৰা গাঁৱৰ দৈয়াংনদীৰ পাৰৰ দৃশ্য ৷ সাৰুৱা ভূমীত উৎসাহেৰে জাতিলাও ; কোমোৰা জিকা ; ভাতকেৰেলা তিয়হ ভূল আদিৰ খেতি খৰাংৰ বাবেই জয়পৰি গৈছে ৷ লেৰেলীব ধৰিছে গছবোৰ ৷ চৰকাৰি পানীযোগান আঁচনিয়ে ঢ়ুকি নোপোৱা এই ৰবিশস্য তলে সমূহত ভূতৰ ওপৰত দানহ পৰাৰ দৰে অচিন পোকে তহিলং কৰিছে ফচল সমূহ ৷ ঔষধ প্ৰয়োগেৰেও পোকৰ উপদ্ৰৱ ৰোধিবপৰা নাই ৷ যাবতীয় পৰামৰ্শ দিবলৈও নাই কৃষিবিভাগৰ বিষয়া ৷ নিজা খৰচত এইসমূহৰ খেতি কৰা কৃষকে উচিত বজাৰমূল্যও নেপায় ৷ ফলত মোৰেকপালে হাতদিবলগা হৈছে দৰিদ্ৰ কৃষক সকলে ৷ ::: 


ভিডিঅ’ জাৰ্ণেলিষ্ট বিশ্বজিত নাথৰ সহযোগত ৷ প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...