Tuesday, 17 August 2021

BREAKING NEWS

BREAKING NEWS
17 August, 2021

◆ ৰাজ্যত উন্নতি ঘটিছে ক'ভিড পৰিস্থিতিৰ।
◆ ক'ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি) কাইলৈ বুধবাৰ, ১৮ আগষ্ট ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ'ব। 
◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন।
◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।

◆ ৰিজ'ৰ্ট, হোটেল, ধাবাসমূহ মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসনৰ গ্ৰাহকেৰে সন্ধিয়া ৬.০০ বজালৈকে খোলা ৰাখিব পাৰিব
◆ চিনেমা হ'ল বন্ধ থাকিব।

◆ শিক্ষানুষ্ঠান : 
◆ এমবিবিএছৰ চূড়ান্ত বৰ্ষ, বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব। পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দুয়োপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ অহাৰ দিহা
        ◆ এৰোনটিকেল ইঞ্জিনিয়াৰিং ইন্সটিটিউটত শ্ৰেণীকোঠাৰ পাঠদান পৰ্ব মুকলিৰ বাবে বিশেষ অনুমতি প্ৰদান

◆ বিমান বন্দৰত দুয়ো পালি ক'ভিড প্ৰতিষেধক লোৱা বিমানযাত্ৰীয়ে পাব ক'ভিড পৰীক্ষণত ৰেহাই। অৱশ্যে লগত থাকিব লাগিব  একেবাৰে শেহতীয়া ক'ভিড পৰীক্ষণৰ নিগেটিভ ৰিপোৰ্ট।

◆ কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়মীয়াকৈ আহিব লাগিব কাৰ্যালয়লৈ।
৩ বছৰৰ তলৰ শিশুৰ মাতৃ চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব।

ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নামকীৰ্তনৰ বাবে নামঘৰৰ ৫০ শতাংশ সমাবেশ ক্ষমতাৰ ভক্ত-মহিলাৰ সমাবেশত অনুমতি। অৱশ্যে ক'ভিড প্ৰট'কল মানিহে ভাদ মাহৰ নামকীৰ্তনত ভাগ ল'ব পাৰিব।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...