20 August, 2021
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৪৬
*বৰ্তমানৰ চৰকাৰখনৰ ১০০ দিনীয়া কাৰ্যকালত সামগ্ৰিক বিকাশৰ ধাৰাই নতুন গতি লাভ কৰিছে : সংবাদমেলত উপায়ুক্ত*
*অপৰাধী আৰু অপৰাধমূলক কাৰ্যকলাপৰ তথ্য প্ৰশাসনক অৱগত কৰিলে পৰিচয় গোপনে ৰখাৰ প্ৰতিশ্ৰুতি*
গোলাঘাট, ২০ আগষ্ট : ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাতো বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আজি জিলা সদৰ গোলাঘাটত এখন সংবাদমেলৰ আয়োজন কৰা হয় । গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত, উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই সম্বোধন কৰা সংবাদমেলতে অসম চৰকাৰে প্ৰকাশ কৰা "অনিৰুদ্ধ যাত্ৰাৰ ১০০ টা দিন" শীৰ্ষক পুস্তিকাখনি আনুষ্ঠানিকভাৱে উপস্থিত গণ্য মান্য ব্যক্তি তথা সাংবাদিক-সংবাদকৰ্মী সকলৰ মাজত বিতৰণ কৰা হয় । পুস্তিকাখনৰ আৰম্ভণিতে "সমৃদ্ধিশালী ভবিষ্যতৰ ভেটি নিৰ্মাণৰ ১০০ দিন" শীৰ্ষক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটি প্ৰৱন্ধ প্ৰকাশ কৰা হৈছে । উপায়ুক্তগৰাকীয়ে ১০০টা দিনত ৰাজ্য চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত কৰা উন্নয়নমূলক কাৰ্যকলাপ আৰু এই উন্নয়নী যাত্ৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে । তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে উন্নয়নৰ গতি তৰান্বিত কৰাৰ বাবে যি ব্যৱস্থা লৈছে তাৰ দ্বাৰা ৰাজ্যখন এটা সামগ্ৰিক বিকাশৰ দিশে অগ্ৰসৰ হৈছে । লগতে প্ৰশাসনিক দিশত স্বচ্ছতাৰ মাপকাঠি ভালেখিনি উন্নত হৈছে । তেওঁ পৰিৱৰ্তিত সময়ৰ সৈতে মিলাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ উন্নয়নী গতিক আৰু অধিক বল দিয়াৰ বাবে সকলো বিষয়া-কৰ্মচাৰীক দায়বদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায় ।
আনহাতে গোলাঘাট জিলাৰ উন্নয়নৰ গতি সন্দৰ্ভত তেওঁ গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম ভালেখিনি আগবাঢ়িছে বুলি উল্লেখ কৰে । ধোদৰ আলি আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ দুটাৰ উন্নীতকৰণৰ বাবে অতি সোনকালেই ভূমি অধিগ্ৰহণৰ যাৱতীয় কাম আৰম্ভ হ'ব বুলিও তেওঁ কয় । তেওঁ কয় যে নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা ৯ মিলিয়ন টনলৈ বৃদ্ধিৰ লগতে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণৰ বাবেও প্ৰকল্প যুগুত কৰা হৈছে । তদুপৰি নুমলীগড় শোধনাগাৰৰ বাঁহৰ পৰা প্ৰস্তুত কৰা ইথানল প্ৰকল্প ২০২৩ চনত কাৰ্যক্ষম হ'ব বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে চাহ উৎপাদনৰ ক্ষেত্ৰত চাহৰ মানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেওঁ কয় ।
উপায়ুক্তগৰাকীয়ে কয় যে চৰকাৰখনে ১০০টা দিনত সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাখনৰ বাবে ভালেখিনি ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ গোলাঘাট জিলাৰ বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত ৰাইজৰ সহযোগত ফলপ্ৰসূ আঁচনি প্ৰস্তুত কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । তেওঁ কয় যে হাতীৰ বাবে খাদ্যৰ বিশেষ কৰিড'ৰ স্থাপন কৰিব পাৰিলে এই সমস্যা ৰোধ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি । উপায়ুক্তগৰাকীয়ে চাহ বাগিচা অঞ্চলত স্বাস্থ্যজনিত সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন ছাত্ৰ সংগঠন আৰু সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰে । প্ৰসংগক্ৰমে তেওঁ কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপৰাধ আৰু অপৰাধীক কোনোপধ্যে প্ৰশ্ৰয় নিদিবলৈ দিয়া নিৰ্দেশৰ ওপৰত ভিত্তি কৰি গোলাঘাট জিলাতো ড্ৰাগছ, লালিগুড়, চুলাই মদ আদিৰ বিৰুদ্ধে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁ সংবাদ মাধ্যমক অপৰাধমূলক কাৰ্যকলাপৰ তথ্য থাকিলে প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় আৰু এনে তথ্য দিয়া লোকৰ পৰিচয় গোপনে ৰখা হ'ব বুলি মন্তব্য কৰে ।
আনহাতে নাগালেণ্ডৰ সৈতে থকা জিলাখনৰ সীমান্ত সন্দৰ্ভত তেওঁ কয় যে সীমান্তত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে দুয়োপক্ষই প্ৰৰোচনামূলক কাৰ্যকলাপৰ পৰা বিৰত থাকিব আৰু কোনো সমস্যাৰ উদ্ভৱ হ'লে স্থানীয় পৰ্যায়তে সমাধান কৰাৰ চেষ্টা কৰা হ'ব । আন্তঃৰাজ্যিক অপৰাধ ৰোধ কৰাৰ বাবেও দুয়োপক্ষ সহমতত উপনীত হৈছে বুলি তেওঁ কয় । ইফালে জিলাখনৰ ক'ভিড পৰিস্থিতিৰ উন্নতি হোৱাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ লগতে সৰুপথাৰ অঞ্চলত মোবাইল টাৱাৰ স্থাপন, বাট-পথৰ উন্নয়ন আদিৰ বাবেও ভালেমান পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰে । সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে জিলাখনৰ দাবীডুবিত থকা অগৰু বাণিজ্য কেন্দ্ৰটো অচিৰেই পুনৰ কাৰ্যক্ষম হ'ব । আজিৰ সংবাদমেলত বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক তথা জ্যেষ্ঠ নাগৰিকে গঠনমূলক পৰামৰ্শ আগবঢ়ায় ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*গোলাঘাটৰ পৰা মাধৱ গগৈ*
*NORTHEAST NEWS INDIA*
No comments:
Post a Comment
Welcome Northeast News India