01 August, 2021
Breaking News
২০২১-২২ বৰ্ষৰ ক্ৰীড়া জলপানিৰ বাবে আবেদন আহ্বান:
ডিব্ৰুগড়, ১ আগষ্ট : ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পদক প্ৰাপ্ত ডিব্ৰুগড় জিলাৰ খেলুৱৈ সকলৰ পৰা ২০২১-২২ বৰ্ষৰ ক্ৰীড়া জলপানিৰ বাবে আবেদন আহ্বান কৰা হৈছে।
বিদ্যালয় পৰ্যায়ৰ খেলুৱৈ সকলৰ বয়সৰ সীমা ৩১ মাৰ্চ, ২০২১ চনত ১৯ বছৰৰ ভিতৰত হ'ব লাগিব আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ খেলুৱৈ সকলৰ বয়সৰ সীমা ২৫ বছৰৰ ভিতৰত হ'ব লাগিব। আবেদন কৰাৰ বাবে প্ৰ-পত্ৰ সমূহ অহা ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ডিব্রুগড় জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। প্ৰ-পত্ৰ সমূহ পূৰণ কৰি অহা ১৬ আগষ্টৰ পৰা ২৫ আগষ্টলৈকে কাৰ্য্যালয়ত জমা দিয়াৰ বাবে জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে আহ্বান জনাইছে । অধিক তথ্যৰ বাবে উল্লেখ কৰা মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব - ৮৬৩৮০৬৬৭৮৭ ।
No comments:
Post a Comment
Welcome Northeast News India