Wednesday, 28 July 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা

28 July, 2021

অহা ইংৰাজী ২৯/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । ইয়াৰ উপৰিও এবিটা (ABITA) ১নং মণ্ডল কাৰ্যালয়টো ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ বিভাগীয় কৰ্মচাৰী সকলৰ বাবে প্ৰথম আৰু দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদান কৰা হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন।

মাঘ বিহুৰ পবিত্ৰ উপলক্ষে বিশ্বৰ সকলো মানৱ জাতিলৈ মা আৰু প্ৰকৃতি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মাঘ বিহু কেৱল...