26 July, 2021
অহা ইংৰাজী ২৭/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ বিভিন্ন বিভাগৰ বিভাগীয় কৰ্মচাৰী সকল তথা সকলো ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও ৱাৰ্ড নং ৭,১৬, ১৭ আৰু ১৮ ত বাস কৰা ক'মৰ্বিদিতি ৰোগীসকলৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদান কৰা হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India