29 July, 2021
অহা ইংৰাজী ৩০/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ সংক্ৰমিত অঞ্চলত থকা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ উপৰিও ৰোগৰ বাবে শয্যাশায়ী অৱস্থাত থকা ব্যক্তি সকলৰবাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India