Friday, 2 July 2021

অহা ইংৰাজী ০৩/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

02 July, 2021

অহা ইংৰাজী ০৩/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে, উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । ইয়াৰোপৰি, মিলন জ্যোতি সংঘ, আৰোগ্য উদ্যানত আৰু কেশৱ নামত কেৱল ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবেহে সংৰক্ষিত কৰা হৈছে । ঠিক সেইদৰে, উক্ত বয়সৰ ক'মৰ্বিদিতি (Co-morbidity) ৰোগীসকল আৰু সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহৰ বাবেও বিশেষ প্ৰতিষেধক শিবিৰৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...