31 July, 2021
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০১/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন কৰি প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India